নলবাৰীত শতাধিক পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে পাঁচ সহস্ৰাধিকক মাস্ক প্ৰদানেৰে বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ পদক্ষেপ

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২০ মে'*
বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি তথা নলবাৰীৰ ধৰ্মপুৰৰ ৰুপিয়াবাঠান গাঁও নিবাসী অনুপ বৰ্মন আৰু কিষাণ মৰ্চাৰ ৰাজ্যিক আহ্বায়ক, বিদ্যুৎ বিভাগৰ কৰ্মচাৰী, বানেকুছি নিবাসী ত্ৰিনয়ন বৰ্মনৰ প্ৰচেষ্টাত সমষ্টিটোৰ মধুপুৰ মণ্ডল বিজেপিৰ অন্তৰ্গত ক'ৰোনা ভাইৰাছৰ বাবে চৰকাৰে ঘোষণা কৰা লক্ ডাউনত আবদ্ধ হৈ উপাৰ্জনহীন শতাধিক পৰিয়ালৰ মাজত নিত্যব্যৱহাৰ্য্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। এয়াই নহয় যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনৰ একক প্ৰচেষ্টাত সমষ্টিটোত পাঁচ সহস্ৰাধিক মাস্ক বিতৰণ কৰি ক'ৰোনা ভাইৰাছ যে মাৰাত্মক ৰোগ তাৰ সজাগতা সৃষ্টি কৰাও পৰিলক্ষিত হৈছে। আজি বুধবাৰেও সমষ্টিটোত দুই সহস্ৰাধিক মাস্ক বিতৰণ কৰা হয়। উল্লেখ্য যে এই বিতৰণ কাৰ্যসূচীত কিষাণ মৰ্চাৰ ৰাজ্যিক আহ্বায়ক ত্ৰিনয়ন বৰ্মন, মধুপুৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি দ্বীপজ্যোতি বৈশ্য, কাৰ্যনিৰ্বাহক জয়ন্ত দাস, গোপাল হালৈ, জিন্টু বৰ্মন, পশ্চিম নলবাৰী মণ্ডল যুৱ মৰ্চাৰ সভাপতি ৰেখান্ত বৰ্মন, জিলা কাৰ্যনিৰ্বাহক ডাঃ অৰ্ণৱ কলিতা, ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক হেমন্ত বৰ্মন, মধুপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জমৰাত আলী, ৩৫ নং পঞ্চায়তৰ সভাপতি সুভাষ বৰ্মন, পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি কামাখ্যা প্ৰসাদ শৰ্মাসহ বহুসংখ্যক জিলা যুৱ মৰ্চাৰ কৰ্মীয়ে সহযোগ কৰে। যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন আৰু কিষাণ মৰ্চাৰ ৰাজ্যিক আহ্বায়ক ত্ৰিনয়ন বৰ্মনৰ প্ৰচেষ্টাক ধৰ্মপুৰৰ সচেতন ৰাইজ তথা উপাৰ্জনহীন গৰীৱ পৰিয়ালসমূহে প্ৰশংসা কৰে। ইফালে ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে সৰ্বস্তৰৰ ৰাইজে চৰকাৰৰ স্বাস্থ্য বিভাগৰ নীতি নিয়ম মানি লক্ ডাউন পালন কৰক আৰু লক্ ডাউনৰ পিছতো সকলোৱে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰি ৰাজহুৱা স্থানলৈ ওলাই আহি ক'ৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ  আহ্বান জনায় ।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা