লুম্মে’ৰ দাইৰ ৮১ সংখ্যক জন্মদিন উদযাপন

বাইহাটা চাৰিআলি, ৩১ মেঃ অসমীয়া ভাষাৰ বিশিষ্ট সাহিত্যিক, অৰুণাচল প্রদেশৰ সুসন্তান, অসম আৰু অৰুণাচল
প্রদেশৰ সমন্বয়ৰ সেতু তথা ‘পাহাৰৰ শিলে শিলে’, ‘পৃথিবীৰ হাঁহি, কইনাৰ মূল্য’ ‘উদয়াচলৰ সাধু’, ‘মন আৰু মন’, ‘ওপৰ
মহল’ আদি কালজয়ী অসমীয়া উপন্যাসৰ স্রষ্টা আৰু অসম সাহিত্য সভাৰ সীতানাথ ব্ৰহ্মচৌধুৰী
বঁটা প্রাপক সাহিত্যসূর্য লুম্মেৰ দাইৰ জন্মদিন প্রতি বছৰে ১ জুন তাৰিখে অসম সাহিত্য সভাই
উদ্যাপন কৰি আহিছে। সেই সূত্রে অসম সাহিত্য সভা আৰু অৰুণাচল প্রদেশ লিটাৰেৰী ছ'চাইটিৰ
যুটীয়া উদ্যোগত ২০০৯ চনৰ পৰা জন্মদিন কেন্দ্রীয়ভাৱে উদ্যাপনৰ লগত সংগতি ৰাখি জনজাতীয়
পটভূমিত লিখা বিশিষ্ট গ্রন্থৰ বাবে দুবছৰৰ মূৰে মূৰে 'লুম্মেৰ দাই সাহিত্য বঁটা’ একোগৰাকী বিশিষ্ট
সাহিত্যিকক প্রদান কৰি আহিছে। ২০০৯ চনত এই বঁটা প্রথম বাৰৰ বাবে ‘ডিয়ুং নদীৰ গীত’ গ্ৰন্থৰ
বাবে স্বর্ণ বৰাক শংকৰদেৱ কলাক্ষেত্রত, ২০১১ চনত ‘জংছন’ উপন্যাসৰ বাবে বিশিষ্ট
সাহিত্যিক বসন্ত দাসক নাহৰলগুণত, ২০১৩ চনত অৰুণাচলৰ বিশিষ্ট শিশু সাহিত্যিক কেংলাম কেংছামক মৰণােত্তৰভাৱে
ইটানগৰত, ২০১৫ চনত সধয়াপুৰৰ মেকুৰী’ গ্রন্থৰ বাবে বিশিষ্ট সাহিত্যিক দিলীপ বৰাক পাছিঘাটত, ২০১৭ চনত কা-মেই-
খাৰ ঘৰ গ্ৰন্থৰ বাবে তিলােত্তমা মিশ্রক ইটানগৰত আৰু ২০১৯ চনত ৰংমিলিৰ হাঁহি’ গ্রন্থৰ বাবে পদ্মশ্ৰী ৰংবং তেৰাঙক
তেজপুৰত এই বটা প্ৰদান কৰা হয়।
অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব চন্দ্র শৰ্মাই এক বিবৃতি যােগে জনায় যে সম্প্রতি বিশ্বত ত্ৰাসৰ সৃষ্টি
কৰা কৰণা ভাইৰাছ প্ৰতিৰােধৰ বাবে চৰকাৰে জাৰি কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত অসম সাহিত্য সভাৰ কাৰ্যসূচীসমূহ
সামাজিক দূৰত্ব তথা চৰকাৰী নিয়ম-নীতিৰ বাবে সীমিত কৰিবলগীয়া হৈছে। সেয়েহে এইবছৰ ১ জুন তাৰিখে কেন্দ্রীয়
কাৰ্যসূচী উদযাপনৰ পৰিবৰ্তে অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয়, যােৰহাট আৰু ন টা আঞ্চলিক কার্যালয়ত চৰকাৰী
নীতি-নির্দেশনা মানি এই গৰাকী মহান সাহিত্যিকৰ ৮১ সংখ্যক জন্মদিনত লুম্মেৰ দাইৰ প্রতিচ্ছবিত এগছিকৈ বন্তি প্ৰজ্বলন
কৰি এই পবিত্র দিনটো উদযাপন কৰিবলৈ প্রধান সম্পাদকে গােহাৰি জনায়। প্রসংগক্রমে প্রধান সম্পাদকগৰাকীয়ে সাহিত্যসূর্য
লুম্মেৰ দাইৰ জন্মদিনটোত বিহপুৰীয়াত থকা লুম্মেৰ দাই গৱেষণা প্রতিষ্ঠান আৰু তেজপুৰত থকা ‘লুম্মেৰ দাই ভৱনত
চৰকাৰৰ নীতি-নির্দেশনাৰ প্রতি লক্ষ্য ৰাখি দুগৰাকী ব্যক্তিৰ উপস্থিতিৰে সাহিত্যিকগৰাকীৰ নামত এগছি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাবলৈ আহ্বান জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা