বঙাইগাঁৱত চি আই টি ইউৰ প্ৰতিবাদ
মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ
বঙাইগাঁওঃ ১৮ মেঃ দেশত লকডাউনৰ ফলত বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ শ্ৰমিক সকলৰ বিভিন্ন দাবীৰ ভিত্তিত চিআইটিইউয়ে আজি বঙাইগাঁৱত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰদান কৰে ৷ বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰদান কৰা উক্ত স্মাৰকপত্ৰত বহিঃৰাজ্যৰ পৰা অসমলৈ আহিব বিচৰা পৰিযায়ী শ্ৰমিক সকলক সুৰক্ষা প্ৰদান কৰা, চৰকাৰে ৰে'ল তথা বাছ ভাড়া বহন কৰি উক্ত শ্ৰমিক সকলক ৰাজ্যলৈ উভতাই অনাৰ ব্যৱস্থা কৰা আৰু ঘৰমুৱা যাত্ৰাত মৃত্যু ঘটা শ্ৰমিকৰ নিকটাত্মীয়লৈ নূন্যতম ১০ লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰা দাবী জনায় ৷ উল্লেখ্য যে উক্ত দাবী সমূহৰ ভিত্তিত চিআইটিইউৰ বঙাইগাঁও- চিৰাং জিলা সমিতিয়ে বঙাইগাঁওস্থিত কাৰ্যালয়ৰ সন্মুখত হাতে হতে প্লেকাৰ্ডলৈ সামাজিক দূৰত্ব বজায় ৰাখি এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে ৷ ইপিনে জিলা সমিতিয়ে জিলা উপায়ুক্তক তিনি দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰাত উপায়ুক্তগৰাকীয়ে বঙাইগাঁওৰ সমূহ পৰিযায়ী শ্ৰমিকসকল যিসকল বাহিৰৰ পৰা আহি আছে তেওঁলোকৰ খা -খৰচ কৰ্তৃপক্ষই বহন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া বুলি চি আই টি ইউৰ বঙাইগাঁও - চিৰাং জিলা সমিতিৰ সভাপতি হৰেশ্বৰ দাসে জানিবলৈ দিছে ৷
Comments
Post a Comment