সামাজিক দুৰত্ব মানি ঘৰতে নামাজ আদায় কৰাৰ আহ্বান---কলমনি বৰকুকুৰিয়া ২ নং জামে মছজিদ কমিটিৰ

দেশত মহামাৰী কৰোনা ভাইৰাছৰ সংক্রমনৰ পৰা ৰক্ষা পাবৰ বাবেই দেশৰ বিভিন্ন প্ৰান্তৰ দৰে অসমতো চলি আছে চতুর্থ পৰ্যায়ৰ 
লকডাউন । লকডাউনৰ মাজতে আৰম্ভ হল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র ৰমজান মাহ । ইছলাম ধৰ্মাৱলম্বী লোকসকলে সম্পূর্ণ ৩০ তা দিন ৰোজা ৰাখি অতি উলহ মালহৰে পালন কৰে পবিত্র উৎসব ঈদ উল ফিতৰ । আনহাতে এই ঈদৰ দিনা সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে এজনে আনজনক শুভেচ্ছা জনায়, একেলগে মিলিত হৈ সমূহীয়াকৈ নামাজ আদায় কৰি বিশ্ব শান্তিৰ বাবেই আল্লাহৰ ওচৰত দোৱা কৰে । কিন্তু এইবাৰ সমূহীয়াকৈ অনুষ্ঠিত নহয় ঈদৰ সমূহীয়া নামাজ । কিয়নো এতিয়া চৰকাৰে কৰোনা ভাইৰাছৰ আতংক আৰু সংক্রমণৰ পৰা ৰক্ষা পাবৰ বাবেই কিছুমান নীতি নিৰ্দেশনা বান্ধি দিছে। আৰু এই চৰকাৰে দিয়া নিৰ্দেশনাৰ প্ৰতি সহাৰি জনাই ভিন্ন প্ৰান্তৰ দৰেই কলমনি বৰকুকুৰিয়া ২নং জামে মছজিদ কমিটিয়েও আজি এক সংবাদ মেলৰ জৰিয়তে ঈদৰ সমূহীয়া নামাজ বাতিল  কৰি চৰকাৰে দিয়া নীতি নিয়ম মানি সামাজিক দূৰত্ব বজাই ৰাখি ঘৰতে নামাজ আদায় কৰাৰ বাবেই সংবাদ মেলৰ জৰিয়তে ইছলাম ধৰ্মাৱলম্বী লোকসকলক আহ্বান জনায়।


কমলপুৰৰ পৰা চাহাব আলীৰ
প্ৰতিবেদন ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা