শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয়ৰ বান্দৰৰ মাজত খাদ্য বিলালে পৰিমল সাহাইঃঅনুুুুষ্ঠানত অংশ লৈ আপ্লুত আৰক্ষী বিষয়া,বন বিষয়া
শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয় ৷ অবিভক্ত গোৱালপাৰা জিলাৰ ঐতিহাসিক তীৰ্থস্থান সমূহৰ ভিতৰত শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয় খন অন্যতম ৷ তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ ৰাজত্ব কাল অৰ্থাৎ ১৭৫০ চন মানৰ পৰা নিয়মীয়াকৈ পূজা অৰ্চনা আৰম্ভ হোৱা দেৱালয়খনত প্ৰতি বছৰে মৃন্ময় প্ৰতিমাবিহীন ভাৱে অনুষ্ঠিত হয় শাৰদীয় দুৰ্গোৎসৱ ৷ এই দুৰ্গোৎসৱৰ নৱমীৰ দিনা দেৱীৰ চৰণত বলি হিচাপে আগবঢ়োৱা হয় এটি অক্ষত ম’হ ৷ বৰ্তমান গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিচেই কাষৰীয়া টুকুৰাত অৱস্থিত এই তীৰ্থস্থান খন বান্দৰৰ ৰজা ৰাণীৰ বাবেও বিখ্যাত ৷ ৰজা ৰাণীৰ নেতৃত্বতে পৰিচালিত হয় এচামীজ মেকক প্ৰজাতিৰ বিশাল বান্দৰ বাহিনী ৷ সম্প্ৰতি লক ডাউনৰ পৰিপ্ৰেক্ষিতত এই বান্দৰৰ সমাজখনো ভুগিছে চূড়ান্ত খাদ্য সংকটত ৷ যাৰ বাবে জিলাখনৰ কিছু মহানুভৱ লোকে প্ৰায় প্ৰতিদিনে দেৱালয়খনৰ কপিকুলক খাদ্যৰ যোগান ধৰি আহিছে ৷ এই ধাৰা অক্ষুন্ন ৰাখি আজি গোৱালপাৰা জিলা বিজেপিৰ উপ সভাপতি পৰিমল সাহায়ো দেৱালয়খনলৈ আহি বান্দৰবোৰৰ মাজত কল বুট আপেল আদি বিতৰণ কৰে ৷ সাহাৰ লগত আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন ভূঁঞা,কৃষ্ণাই আঞ্চলিক বন বিষয়া শিৱানী পেগু তথা বিজেপিৰ বিভিন্ন স্তৰৰ একাংশ কৰ্মকৰ্তা ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report
l
Comments
Post a Comment