দেউদুৱাৰত তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক আৰক্ষী ৰ/ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ মোবাইল ফোন- গাড়ী আদি জব্দ

বাইহাটা চাৰিআলি, ২৯ এপ্ৰিল :: বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মদনপুৰত আজি  তিনি ড্ৰাগছ সৰাবৰাহকাৰী যুবকক আটক কৰে। দীৰ্ঘদিন ধৰি এলেকাটোত একাংশ অসাধু ব্যৱসায়ীয়ে ড্ৰাগছৰ চোৰাং সৰবৰাহ কৰি অঞ্চলটোৰ নৱ প্ৰজন্মকধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ লেখিয়া অপৰাধত লিপ্ত হৈছিল |আজি দিনৰ ভাগত এ এচ্ ০১এ এম ০৯৬২ নম্বৰৰ চাৰিচকীয়া বাহনেৰে  ড্ৰাগছ সহবৰাহৰ উদ্দেশ্য লৈ অহা যুৱককেইজনক এক গোপন সূত্ৰে ৰঙিয়া মহকুমা আৰক্ষী বিষয়া কংকণজ্যোতি নাথ নেতৃত্বত   চাংসাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল কুমাৰ মেধিক লৈ  সহযোগ ত এটি আৰক্ষীৰ দলে খেদি মদনপুৰত যুৱককেইজনক কৰায়ত্ত কৰে।এই যুৱককেইজনৰ লগত ৩০টাতকৈ অধিক ড্ৰাগছ্ভৰ্তি কন্টেইনাৰ- মবাইল ফোন আদিও আৰক্ষীয় জব্দ কৰে।
এই ড্ৰাগছ সহবৰাহকাৰী আটকাধীন ৰঙিয়া ৰ ধীৰাজ ডেকা, জালুকবাৰী ৰ দুই ভ্ৰাতৃ মানব দাস আৰু বিক্ৰম দাস অঞ্চলটোত বিয়পোৱা ড্ৰাগছ দৰে  মাৰাত্মক ব্যাধি সক্ৰান্তত বৰ্তমান আৰক্ষীয়ে সোধপোচ কৰি
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিছে |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা