গোলাঘাটত স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ সম্বোধন

 গোলাঘাট , ৩০ মে :- সমগ্ৰ অসমৰ ভিতৰতে গোলাঘাট জিলাত ক'ভিড -১৯ আক্ৰান্ত ই এক জটিল ৰূপ ধাৰণ কৰাত আজি পুনৰ উপস্থিত হ'য় স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। সংবাদিকক সম্বোধি ড° শৰ্মাই অসমত ক্ৰমাত বাঢ়ি অহা কাৰণ কেৱল বৰ্হিৰাজ্যৰ পৰা সংক্ৰমিত যুৱক যুৱতী আগমণ বুলি কোৱাৰ লগতে বিগত দিনত দৈনিক ৪০০-৫০০ লোকৰ পৰীক্ষা সম্পন্ন হৈছিল যদিও কালি সৰ্বাধিক ৮০০ পৰীক্ষা হোৱাত স্বাভাৱিকতে পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে। আগন্তক দুই তিনিদিনলৈকে বঢ়াৰ সম্ভাৱনা আছে যদিও ১০-১৫ জুনৰ ভিতৰত সকলো নিয়ন্ত্ৰণলৈ আহিব বুলিও আশ্বাস দিয়ে। বিশেষকৈ এই জটিল সময়ত সকলোৱে বয়োজেষ্ঠ সকলক সুৰক্ষিত কৰাৰ আহ্বান জনাই মন্ত্ৰীজনে। বৰ্তমান বৰ্হিৰাজ্যত গোলাঘাটৰ ১০ হাজাৰ যুৱক- যুৱতী আছে । এইসকল জিলাখনলৈ আহি থাকিলে সংক্ৰমিত লোকৰ সংখ্যা বাঢ়িব যদিও এক সীমাৰ ভিতৰতে হ'ব। যিহেতুকে ৰাজ্য খনত জিলা প্ৰশাসনৰ কোৱাৰেন্টাইন ব্যৱস্থা যথেষ্ট কটকটীয়া হৈছে। ইফালে চহৰ সমূহত ক'ভিড পজিটিভ বাবে বিচনাৰ পৰিমাণ সীমিত যদিও আগন্তুক সময়ত জিলাসমূহৰ অন্তৰ্গত মডেল হাস্পাতালত ৰোগী ৰখাৰ পৰিকল্পনা কৰাৰ কথা সদৰি কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা