অসমৰ তৈল ক্ষেত্ৰসমূহক পুজিপতি গোষ্ঠীক গতাই দিব বিচৰা কাৰ্য্য কোনো কাৰণতে মানি লোৱা নহ'বঃ সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ১৯ মে : অসমৰ তৈল ক্ষেত্ৰসমূহক পুজিপতি গোষ্ঠীক গতাই দিব বিচৰা কাৰ্য্যক তীব্ৰ বিৰোদ্ধিতাৰে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) ৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰে চৰকাৰক সকীয়নি প্ৰদান কৰিছো । অসমৰ তৈল ক্ষেত্ৰসমূহক পুজিপতি গোষ্ঠীক গতাই দিব খোজাৰ বিষয়ৰ সন্দৰ্ভত সংগঠনটোৱে সংবাদ মাধ্যমৰ জৰিয়তে অভিযোগ উত্থাপন কৰে যে সমগ্ৰ পৃথিৱীতে ক'ৰুণা ভাইৰাছে মহামাৰী ৰূপ লোৱাৰ সময়তে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসমৰ তৈল ক্ষেত্ৰসমূহক পুজিপতি গোষ্ঠীক গতাই দিব বিচৰা কাৰ্য্য কোনো কাৰণতে মানি লোৱা নহ'ব আৰু ই অসমৰ জনগণক চুড়ান্ত প্ৰতাৰনা কৰা হঠকাৰী সিদ্ধান্ত । যিটো সময়ত ক'ৰুণা ভাইৰাছে দেশৰ  অৰ্থনৈতিক,সামাজিক,শৈক্ষিক আদিৰ ক্ষেত্ৰত স্থৱিৰতা আনিছে,তেনে সময়তে চৰকাৰে জনসাধাৰণক নিৰাপত্তা দিয়াৰ পৰিৱৰ্তে অসমৰ মূল কাঠামো স্বৰূপ তৈলক্ষেত্ৰ সমূহ পুঁজিপতি গোষ্ঠী সমূহক গতাই দিবলৈ লোৱা কাৰ্য অসমৰ জনগণৰ  সৰ্বস্ব শোষনৰ পৰিকল্পনা | তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে। আমি সদৌ তাই আহোম ছাত্ৰ সন্থাই  স্পষ্ট ভাৱে কেন্দ্ৰীয় চৰকাৰক সকীয়া দিব বিচাৰিছো যে অনতিপলমে চৰকাৰে এনে অসম বিৰুধী সিদ্ধান্ত পৰিহাৰ কৰক। অন্যাথা সচৰাচৰ পৰিৱেশ ঘূৰি আহিলেই আটাছুৱে এই ক্ষেত্ৰত এক তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ বাধ্য হ'ম । অচিৰেই সদৌ তাই আহোম ছাত্ৰ সন্থা সভাপতি ধৰ্মেন গগৈ , যুটীয়া সম্পাদক মানস সন্দিকৈ,নিপন বৰুৱা আৰু প্ৰচাৰ সম্পাদক পাৰ্থ প্ৰতীম গগৈই স্বাক্ষ্যৰিত এক প্ৰেছবাৰ্তাত অসমৰ সম্পদ সমূহৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত এক গণতান্ত্ৰিক আন্দোলনৰ সূচনা কৰি'ব। এই আন্দোলন হ'ব অসমীয়াৰ সম্পদ ৰক্ষাৰ আন্দোলন ।
চৰকাৰে সময় থাকোতেই এনেধৰণৰ অসম বিৰোধী সিদ্ধান্ত পৰিহাৰ কৰি বিজেপি চৰকাৰক অসম প্ৰেমৰ নিদৰ্শন দাঙি ধৰিবলৈ হুংকাৰ প্ৰদান কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা