কমলপুৰৰ ৰাইজৰ হৈ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ অসম আৰোগ্য নিধিলৈ ৮৫ হাজাৰ টকাৰ অনুদান ।
সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া ভয়ংকৰ COVID-19ৰ ভয়াবহ ৰূপ ।এনে সময়তে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ তৎপৰতা । আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসম আৰোগ্য নিধিলৈ ৮৫০০০ হাজাৰ টকাৰ চেক প্ৰদান কৰে । সমষ্টিটোৰ বিভিন্ন ব্যক্তি তথা অনুস্থান প্ৰতিস্থানৰ হৈ চেকযোগে প্ৰদান কৰে এই ধনৰাশি ।উল্লেখযোগ্য যে ইয়াৰ পূর্বেও কমলপুৰ সমষ্টিবাসীৰ হৈ ১ লাখ টকাৰ চেক বিধায়ক সত্যব্ৰত কলিতাই অসম আৰোগ্য নিধিলৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰিছিল । বিধায়ক গৰাকীৰ এনে তৎপৰতাক শলাগিছে কমলপুৰ সমষ্টিবাসী ৰাইজ ।
কমলপুৰৰ পৰা চাহাব আলীৰ প্ৰতিবেদন ।
Comments
Post a Comment