নলবাৰীত বাঁহজানীত গেইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষৰ কৃষকক ৰাম ঠগন

নলবাৰীত বাঁহজানীত গেইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষৰ কৃষকক ৰাম ঠগন* *ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদেৰে সৰব হৈ পৰিল দল-সংগঠন*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৯ মে'*
নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বাঁহজানীৰ বিভিন্ন ঠাইত ভাৰত চৰকাৰৰ অধীনৰ গেইল ইণ্ডিয়া লিমিটেড কোম্পানীয়ে কৃষি পথাৰৰ ভূমিত গেছ পাইপ বহুওৱাৰ নামত কৃষকৰ ভূমি বলপূৰ্বক অধিগ্ৰহণ কৰি সম্প্ৰতি ক্ষতিপূৰণৰ নামত গৰীৱ কৃষক ৰাইজক ৰাম ঠগন দিয়াৰ অভিযোগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে বৃহত্তৰ বাঁহজানীৰ চান্দুকুছি, বৰআজাৰা,
জানিগোগ, অৰৰা আদিকে ধৰি বিভিন্ন ঠাইত কোম্পানীটোৱে গেছ পাইপ বহুওৱাৰ কাম প্ৰায় সম্পন্ন হৈছে। অঞ্চলটোৰ এই সমূহ ঠাইৰ উপান্ত কৃষকসকলক কোম্পানী কৰ্তৃপক্ষই নহয় নলবাৰী জিলা প্ৰশাসনেও মিঠা মিঠা কথাৰে আভুঁৱা ভাৰি ক্ষতিপূৰণ দিব বুলি আশ্বাস দি ভূমি অধিগ্ৰহণ কৰিলে। কৃষকসকলেও ভোল গৈ নিজৰ ভূমি ধবংস হ'লেও ৰাইজৰ স্বাৰ্থত থাকিল। কিন্তু গেছ পাইপ বহুওৱাৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতো অৰ্থাৎ তিনি চাৰি মাহে ক্ষতিগ্ৰস্ত ভূমিৰ বাবদ কৃষকক ক্ষতিপূৰণ নিদিয়াত বিভিন্ন দল সংগঠনৰ নেতৃত্বত সৰব হৈ পৰে। এই কৃষি ভূমি কোম্পানীৰ কৰ্তৃপক্ষৰ সৈতে চুক্তিৰ ভিত্তিত হে এৰি দিছিল। 
তদুপৰি জিলাখনৰ একাংশ কৃষকে ক্ষতিপূৰণ পালে যদিও বাঁহজানীৰ গৰিষ্ঠ সংখ্যক কৃষকে বৰ্তমানেও ক্ষতিপূৰণ পাবলৈ সক্ষম হোৱা নাই। এই ক্ষেত্ৰত বিগত দিনত নলবাৰী জিলা কৃষক সভাই জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি বঞ্চিত কৃষকসকলে আজি প্ৰতিবাদস্থলীত সামাজিক ব্যবধান অটুত ৰাখি অভিযোগ তোলে।  নিখিল ভাৰত কৃষক সভাৰ নলবাৰী জিলা সমিতিৰ সম্পাদক ৰবীন মিশ্ৰ, নলবাৰী আঞ্চলিক সমিতিৰ সম্পাদক ৰাজীৱ আলী, কৃষক নেতা মনোৱাৰ হুছেইন, বঞ্চিত কৃষক জহুৰ আলী, মজনুৰ আলী, হামিদ আলী, চান্দ মহম্মদ আলী, মজিব আলী, চৰিফা বিবি, বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সীমান্ত দাস, ভাৰপ্ৰাপ্ত সভাপতি বিশ্বজিৎ মল্ল বুজৰবৰুৱা, সাধাৰণ সম্পাদক মৃন্ময় কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাঁহজানী আঞ্চলিকৰ সভাপতি সন্তোষ শৰ্মা, সাধাৰণ সম্পাদক নজৰুল আলীসহ বিভিন্ন দল সংগঠনৰ নেতৃত্বই কৃষকক এনেদৰে বঞ্চিত কৰা কাৰ্যত প্ৰতিবাদকাৰী সকলক সমৰ্থ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু শীঘ্ৰে কৃষক সকলক ক্ষতিপূৰণ নিদিলে সংগঠন কেইটাই তীব্ৰ সংগ্ৰামৰ হুংকাৰ দিয়ে।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা