বৰপেটা মেডিকেল কলেজ হস্পিটালত ৩৬৫৯ জনৰ ছৱ পৰীক্ষা ৷কোৱাৰেন্টাইনৰ বাবে ২২০খন বিচনা সাজু
কোৱাৰেন্টাইনৰ বাবে ২২০খন বিচনা সাজু ৷
৪৫ খন বিচনাযুক্ত পূৰ্ণাংগ আইচিইউ কোঠা স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ ৷
কঞ্জল দাস, বৰপেটা, ১৮ মেঃ মাৰণ কোৰোণা ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে অসমবাসীকো কৰি তুলিছে আতংকগ্ৰস্থ ৷ ইতিমধ্যে ৰাজ্যখনত নিতৌ বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ COVID-19 পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পিতালৰ লেবৰেটৰিক ICMR এ স্বীকৃতি প্ৰদানৰ পিচতে নামনি অসমৰ বৰপেটা, চিৰাং, বঙাইগাও, বাক্সা, কোকৰাঝাৰ, দক্ষিণ শালমাৰা আৰু ধুবুৰী জিলাৰ সন্দেহজনক লোকৰ ছৱ পৰীক্ষা কৰি থকা হৈছে ৷ বৰপেটা মেডিকেল কলেজ হস্পিটাল লেৱৰেটৰীত এতিয়ালৈকে ৩,৬৫৯ জন লোকৰ 'ছৱ' পৰীক্ষা কৰা হৈছে আৰু এই বঙাইগাৱকে ধৰি কেবাজনৰো শৰীৰত ধৰা পৰিছে কোভিড 19 পজিটীভ ৷ বৰপেটা মেডিকেল কলেজ হস্পিটালৰ কোভিড নোডেল বিষয়াই জনোৱামতে, লেৱৰেটৰীত তিনিটা পৰ্যায়ত ছৱ পৰীক্ষাৰ ৰিপোৰ্ট প্ৰকাশ কপা হয় আৰু দৈনিক ডেৰশতাধিক লোকৰ ছৱ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হয় বুলি প্ৰকাশ কৰিছে হস্পিটালখনৰ কোভিড 19 ৰ নোডেল বিষয়া ডাঃ সুৰেশ শৰ্মাই ৷ নোডেল বিষয়াগৰাকীয়ে জনোৱামতে, পৰিৱৰ্তিত পৰিস্থিতিত ছৱ পৰীক্ষাৰ ছেম্পল বাঢ়ি গৈ থাকিব আৰু ইয়াৰ জোৰা মৰাৰ বাবে পুলিং পদ্ধতি ব্যৱহাৰ কৰাৰ বাবে প্ৰচেষ্টা চলাই থকাৰ কথা জানিবলৈ দিছে ৷
ইপিনে কোৰোণা ভাইৰাছৰ চিকিৎসাৰ বাবে ২৪ ঘন্টাই সাজু হৈ আছে বৰপেটা মেডিকেল কলেজ হস্পিটাল কতৃপক্ষ ৷ হস্পিটালখনত প্ৰবেশৰ পূৰ্বেই সকলো ৰোগীকে হাত ধোৱা, চেনিটাইজাৰ লগোৱা, স্কীনিং কৰা আদি সুৰক্ষামূলক ব্যৱস্থা গ্ৰহন কৰিছে হস্পিটাল কতৃপক্ষই ৷ তাৰোপৰি হস্পিটালৰ আন ৰোগী যাতে কোভিড পজিটীভ ৰোগীৰ সংস্পৰ্শলৈ আহিব নোৱাৰে তাৰবাবে বিশেষ সতৰ্কতা আৰু সুৰক্ষামূলক ব্যৱস্থা গ্ৰহন কৰা বুলি জানিবলৈ দিছে হস্পিটালখনৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে ৷ বৰপেটা মেডিকেল কলেজ হস্পিটালৰ তৃতীয়টো মহলা সম্পূৰ্ণৰূপে কোভিড ব্লকলৈ ৰূপান্তৰ কৰিছে হস্পিটাল কতৃপক্ষই ৷ তাৰোপৰি বৰপেটা মেডিকেল কলেজ হস্পিটালত ২২০খন বিচনাযুক্ত কোৱাৰেন্টাইন গৃহও সাজু কৰি ৰাখিছে হস্পিটাল কতৃপক্ষই ৷ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে জনোৱামতে, বৰপেটা মেডিকেল কলেজ হস্পিটালত কোৰোণা আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে নতুনকৈ ৪৫ খন বিচনাযুক্ত পূৰ্ণাংগ আইচিইউ কক্ষ স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু গড়কাপ্তানি গৃহ বিভাগে ইয়াৰ কাম কাজ আৰম্ভ কৰা বুলিও জানিবলৈ দিছে ৷
Comments
Post a Comment