এনৰেগা আঁচনিৰ কাম ক্ষীপ্ৰ কৰাৰ নিৰ্দেশ বিধায়িকা অজন্তা নেওগৰ

গোলাঘাট,৩১ মে :--- ক'ৰনা মহামাৰীয়ে বিধস্ত কৰা গ্ৰাম্য অৰ্থনীতিৰ দৰিদ্ৰ লোক আৰু প্ৰবাসী শ্ৰমিক সকলৰ জীৱন প্ৰণালী দুৰ্বিসহ হৈ পৰিছে। তেনে ক্ষেত্ৰত গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে পদুমনি আৰু গমাৰিগুৰী উন্নয়ন খণ্ডৰ এনৰেগা আঁচনিৰ ২০২০-২১ বৰ্ষৰ  একশ্যন প্লেন সমূহ কালি  জিলা প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ত জমা দিয়াৰ লগতে দুয়োটা উন্নয়ন খণ্ডৰ প্ৰত্যকখন গাওঁ পঞ্চায়ততে  ১ কোটিৰো অধিক টকাৰ আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। যিহেতু এনৰেগা আঁচনি এই উদ্দেশ্যেৰেই আইনত পৰিণত কৰা হৈছিল। যাতে দৰিদ্ৰ লোকসকলে অৰ্থনৈতিক সকাহ পায়। কিন্তু এনৰেগা আঁচনিৰ জৰিয়তে এটি পৰিয়ালে ১০০ দিনৰহে কাম পোৱাৰ বিবেচিত হৈছে।  বিধায়িকা নেওগৰ মন্তব্য কৰে যে এই পুজি যথেষ্ট নহ'য় এটা পৰিয়াল চলিবলৈ। সেইবাবে প্ৰত্যেকটো দৰিদ্ৰ পৰিয়ালে যাতে এই আঁচনিৰ জৰিয়তে মাহেকত ৬০০০ হাজাৰ টকাকৈ উপাৰ্জন কৰিব পাৰে ,তাৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনায়। ইয়াৰোপৰি দুয়োটা উন্নয়ন খণ্ডতে বি ডি অ' আৰু পঞ্চায়ত প্ৰতিনিধি সকলক এনৰেগা আঁচনিৰ সকলো কাম ক্ষীপ্ৰতাৰে কৰাৰ নিৰ্দেশ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা