কৃষ্ণাই আক্ৰাছুৰ মাস্ক বিতৰণঃৰাইজৰ মাজত সজাগতা অভিযান
বিশ্বত্ৰাস ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ৰক্ষা পাবলৈ এই মুহুৰ্তত সামাজিক দূৰত্ব বজাই ৰখা,চাবোন বা চিনেটাইজাৰেৰে হাত পৰিস্কাৰ কৰা তথা মাস্ক পৰিধান কৰাৰ কোনো গত্যন্তৰ নাই ৷ কাৰণ আজিৰ তাৰিখলৈ ক’ভিড ১৯ প্ৰতিৰোধ কৰাৰ জোখেৰে কোনো ভেকচিন বা চিকিৎসা পদ্ধতি উদ্ভাৱন হোৱা নাই ৷ সেয়েহে দীঘলীয়া লক ডাউন চলি থকাৰ কাল ছোৱাত ৰাইজক বিভিন্ন ধৰণে সজাগ কৰাৰ বাবে ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ লগতে গোৱালপাৰা জিলাতো বহু দল সংগঠনে অভিযান চলাই আহিছে ৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই জিলাখনৰ কৃষ্ণাই আঞ্চলিক আক্ৰাছুৰ কৰ্মকৰ্তা সকলো ৷ সংগঠনটোৱে ৰাইজৰ মাজত নিয়মীয়াকৈ চলাই গৈছে ক’ৰোনা প্ৰতিৰোধৰ বাবে ল’বলগীয়া সাৱধানতা সন্দৰ্ভত প্ৰচাৰ অভিযান ৷ তাৰ লগতে তেওঁলোকে ৰাইজৰ মাজত বিতৰণ কৰিছে বিনামূলীয়া মাস্ক ৷ আজিও তেওঁলোকে কৃষ্ণাই আৰক্ষী থানা, কৃষ্ণাই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ লগতে স্থানীয় সাংবাদিক সকলৰ মাজত মাস্ক বিতৰণ কৰে ৷ আজিৰ মাস্ক বিতৰণী অনুষ্ঠানত অংশ লয় গোৱালপাৰা জিলা আক্ৰাছুৰ উপ সভাপতি মনোৰঞ্জন ৰায় চৌধুৰী, বিত্ত সম্পাদক বিক্ৰম সিংহ , কৃষ্ণাই আক্ৰাছুৰ সভাপতি ৰূপক ৰায়,উপ সভাপতি নোমল চন্দ্ৰ ৰায়,সম্পাদক প্ৰফুল্ল ৰায় আদিকে ধৰি আক্ৰাছুৰ বহু কৰ্মকৰ্তা ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ first news report
Comments
Post a Comment