কনটেইনমেন্ট জ'নত বহিৰাগত কৰ্মচাৰীৰ দ্বাৰা চলি আছে উদ্যোগৰ কাম কাজ

বাইহাটা চাৰিআলি ১৮ মে :: সমগ্ৰ বিশ্বৰ লগতে অসমতো কোভিড- ১৯ পজিটিভ ৰোগীৰ সংখ্যা চক্ৰবৃদ্ধি হাৰত বাঢ়ি গৈ থকাৰ পিছতো একাংশৰ এতিয়াওঁ গা লৰা নাই | এই ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে কনটাইনমেন্ট জ'ন তথা বাফাৰ জ'ন ঘোষিত এলেকা সমূহৰ উচিৎ সীমা নিৰ্ধাৰণ কৰি ৰে'ড জ'নৰ মৰ্যাদা দিয়াৰ পোষকতা কৰিছে | এনে সন্ধিক্ষণত কনটাইনমেন্ট জ'ন সমূহত প্ৰশাসনৰ কঠোৰ নীতি নিৰ্দেশনাৰ বিপৰীতে  শিথিলতা প্ৰদৰ্শন কৰাহে পৰিলক্ষিত হৈছে | তেনে উদাহৰণ প্ৰতিস্থা হৈছে কামৰূপ জিলাৰ চাংসাৰী আৰক্ষী থানা এলেকাৰ মদনপুৰক কেন্দ্ৰ কৰি ঘোষিত কনটাইনমেন্ট জ'ন এলেকাত | প্ৰাপ্ত খবৰ মতে, এই কনটাইনমেন্ট জ'নত প্ৰায় ২৫ টা সৰু বৰ উদ্যোগ, গাড়ী পাৰ্কীং, নিৰ্মীয়মান টোলগেট আদিৰ কামো চেগা চোৰোকাকৈ চলাই থকা হৈছে | দেউদুৱাৰত অৱস্থিত গেলেক্সি ৰূফ্ নামৰ টিনপাত নিৰ্মাণকাৰী উদ্যোগ এটাই দিনৰ পোহৰত তেওঁলোকৰ কাম কাজ চলাই আছে | জানিব পৰা মতে, উদ্যোগটোক ৰক্ষনা বেক্ষণ দিয়া একাংশ স্থানীয় ভেড়োনীয়া বাহিনীয়ে শাসনাধিস্থ দলৰ দোহাই দি আৰক্ষী, প্ৰশাসনৰ পৰা উদ্যোগ টোক ছত্ৰছায়া দি ৰাখিছে | আনহাতে '' ইয়ৰ্ক  প্ৰিন্ট'' নামৰ প্ৰিন্টিং কোম্পানীটোৱে বন্ধ ৰখা বুলি জনোৱাৰ বিপৰীতে দৈনন্দিন কৰ্মচাৰীৰ আহ যাহ তথা সামগ্ৰী ভৰ্তি ট্ৰাকৰ ওলোৱা সোমোৱা ৰাইজে প্ৰত্যক্ষ কৰিছে | আন কেইবাটাও কোম্পানী,তথা উদ্যোগৰ কাম কাজ গেট বন্ধ কৰি বাহিৰৰ কৰ্মচাৰীৰ দ্বাৰা নিয়মীয়াকৈ চলাই থকা বুলিও গোপন সূত্ৰত প্ৰকাশ | ইফালে মদনপুৰত দেৱৰাজ আচাৰ্য নামৰ উদ্যোগৰ কৰ্মচাৰী এজনৰ শৰীৰত কোভিড -১৯ পজিটিভ পোৱাৰ পিছত পাচশ মিটাৰলৈ চিলড্ এলেকা হিচাপে প্ৰসাশনে ঘোষণা কৰাৰ পিছতো ৰাষ্ট্ৰীয় পথৰ টোলগেটৰ কাম পূৰ্ণ গতিত চলি আছে | দেৱৰাজ আচাৰ্য থকা ভাড়া ঘৰটোৰ পৰা মাত্ৰ ৮০ মিটাৰ দুৰত্বত ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকাৰীয়ে বহিৰাগত বনুৱা কৰ্মচাৰীৰ দ্বাৰা অহৰ্নিশে টোলগেটৰ কাম অব্যাহত ৰাখিছে | কনটাইনমেন্ট জ'ন যেন ক'ৰ'না প্ৰতিৰোধ কৰিবলৈ নহয়, দুখীয়া পৰিয়াল সমুহক হাৰাশাস্তি কৰিবলৈ তথা পুঁজিপতি সকলৰ ধন আহৰণ পথ প্ৰশস্ত কৰিবলৈ হে ঘোষণা কৰা হয় | এই বিষয় সন্দৰ্ভত সম্প্ৰতি আৰক্ষী প্ৰশাসনৰ ভূমিকাক লৈ সচেতন মহলত চৰ্চা আৰম্ভ হৈছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা