ভৱানীপুৰ ব্যৱসায়ী সন্থাৰ বন্ধ ঘোষণাক পালন

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৫ মে': ভৱানীপুৰ ব্যৱসায়ী সন্থাৰ একালৰ সতীৰ্থ দিগন্ত ডেকাৰ মৃত্যুত আজি ভৱানীপুৰ ব্যৱসায়ী সন্থাৰ অন্তৰ্গত সমূহ ব্যৱসায়ীক প্ৰতিস্থান বন্ধ থাকে। উল্লেখ্য যে, যোৱা ২৩ মে'ত নহাটীৰ দিগন্ত নামৰ যুৱকজন এক পথ দুৰ্ঘটনাত অকালতে মৃত্যুক সাৱটি লয়। এসময়ত ভৱানীপুৰ চ'ক বজাৰত এখন ক্ষুদ্ৰ চাহৰ দোকান দি জীৱন নিৰ্বাহ কৰা দিগন্তৰ মৃত্যুত আজি ভৱানীপুৰ ব্যৱসায়ী সন্থাই তেওঁলোকৰ অন্তৰ্গত সমূহ দোকান-পোহাৰ পুৱা ৬ বজাৰ পৰা গধূলি ৬ বজালৈ বন্ধ ৰখাৰ আহ্বান জনাই আৰু এই আহ্বানক সঁহাৰি জনাই ভৱানীপুৰৰ সমূহ ব্যৱসায়ীক প্ৰতিস্থান বন্ধ ৰাখে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা