সূৰ্য ছেল্যুট! ক’ৰোনা যোদ্ধাসকললৈ অভিবাদন

ষ্টাফৰিপ'ৰ্টাৰ,,,২০ মে’,  অসমক সদায়েই একত্ৰিত কৰি ৰখাৰ ক্ষেত্ৰত উত্তৰ-পূৱৰ আগশাৰীৰ চিমেণ্ট উৎপাদনকাৰী প্ৰতিষ্ঠান সূৰ্য গোল্ড চিমেণ্টৰ আছে এক অভূতপূৰ্ব বৰঙণি। ৰাজ্যৰ জটিল সময়ছোৱাতো সেই প্ৰতিজ্ঞাবদ্ধতা একেই থাকে প্ৰতিষ্ঠানটোৰ। অসমত ক’ভিড১৯ ৰ বিৰুদ্ধে সকলোকে মাৰবান্ধি থিয় হোৱাৰ মাবে মানসিকভাৱে শক্তিশালী কৰি ৰাখিবৰ বাবে সূৰ্য চিমেণ্টে জুবিন গাৰ্গ আৰুW টাইম৮ ৰ সৈতে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। দেশৰ সীমান্তত থিয় হৈ দেশ ৰক্ষা কৰা যোদ্ধাসকলৰ সমানেই এই বিপদকালত দেশসেৱাৰ বাবে আত্মনিয়োগ কৰা ক’ৰোনা যোদ্ধাসকললৈ সূৰ্য চেল্যুট জনোৱা হৈছে। এই পদক্ষেপৰ মাধ্যমেৰে সকলোকে এই জটিল সময়ৰ মাজেৰে সুৰক্ষিতভাৱে পাৰ কৰি লৈ অহা লোকসকললৈ অভিবাদন জনোৱাৰ এক সুন্দৰ ব্যৱস্থা কৰা হৈছে।
সূৰ্য চিমেণ্টে এইসকল সাহসী যোদ্ধাক এক বিশেষধৰণেৰে  সন্মান জনাবৰ বাবে তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। এপ্ৰিল মাহৰ শেষ সপ্তাহৰ পৰা আৰম্ভ কৰা এই বিশেষ পদক্ষেপৰ যোগেদি সমগ্ৰ অসমৰে বিভিন্ন স্থানলৈ যাবলৈ চেষ্টা কৰিছিল। এই বিশেষ পদক্ষেপৰ মাধ্যমেৰে প্ৰতিষ্ঠানটোৰ বিভিন্ন প্ৰতিনিধিয়ে বিভিন্ন স্থানত থকা চিকিৎসক, নাৰ্ছ, আৰক্ষী, সমাজকৰ্মী, বেংকাৰসকললৈ সূৰ্য চেল্যুট জনায়।এই পদক্ষেপ আৰম্ভ হোৱা প্ৰথম দিনটোতেই গুৱাহাটীস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ সকলো চিকিৎসক, নাৰ্ছ তথা অন্যান্য চিকিৎসা কৰ্মীকে সূৰ্য অভিবাদন জনায়। উল্লেখ্য যে এই চিকিৎসালয়খনক ক’ভিড-১৯ বিশেষ চিকিৎসালয় হিচাপে ঘোষণা কৰা হৈছে আৰু যথেষ্ট সংখ্যক ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে।
সূৰ্য চিমেণ্টৰ এটা দলে গুৱাহাটীস্থিত অসমৰ ডাক সেৱাৰ প্ৰধান কাৰ্যালয় মেঘদূত ভৱনলৈ গৈও তাত থকা কৰ্মচাৰীসকললৈ সূৰ্য অভিবাদন জনায়। উল্লেখ্য যে অসমৰ বিভিন্ন স্থানৰ বেংক, বেচৰকাৰী সংস্থা আদি, যিয়ে ক’ৰোনা প্ৰতিহত কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব অৱদান আগবঢ়াইছে তেওঁলোকলৈও সূৰ্য অভিবাদন জনোৱা হৈছে। তেওঁলোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্মীসকললৈও সূৰ্য অভিবাদন জনায়।
এই পদক্ষেপ সন্দৰ্ভত সূৰ্য চিমেণ্টৰ পৰিচালন সঞ্চালক মধুৰ আগৰৱালাই কয়, “সূৰ্য চেল্যুট হৈছে মানৱীয়তাৰ দৃষ্টিভঙ্গীৰে ক’ৰোনা যোদ্ধা সকললৈ আমাৰ এক সন্মান। মানৱীয়তা ৰক্ষাৰ বাবে এইসকল যোদ্ধাই যিদৰে নিজকে সমৰ্পন কৰি দিছে তাৰ প্ৰতি কৃতজ্ঞতাৰ এক চিন হিচাপেই আমি এই পদক্ষেপ গ্ৰহণ কৰিছো।”তেওঁ লগতে কয়, “তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাক আমি কৃতজ্ঞতা জনোৱাটো আমাৰ কৰ্তব্য।”

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা