ভয়ংকৰ পৰিস্থিতিৰে মুখামুখি গোলাঘাট : ৯৩ জন কোভিদ+

গোলাঘাটত সৰ্বমুঠ ৯৩ জন ক'ভিড পজিটিভ : ভয়ংকৰ পৰিস্থিতিৰে মুখামুখি গোলাঘাট : গোলাঘাট ২৬ মে :--- আজি পুৱাৰ ভাগত লাভ কৰা থ্ৰৰ্ট চোৱাপ পৰীক্ষাৰ ফলাফলত গোলাঘাটত নতুনকৈ আকৌ ২১ জনৰ দেহত ধৰা পৰিছে মৰাত্মক ক'ভিড ভাইৰাছ। যোৱা ২৩ মে'ৰ পৰা ক্ৰমে আহি থকা এইসকলৰ ভিতৰত বৰ্তমান ৮৩ জন পজিটিভ পোৱাৰ লগতে  মাৰ্কাজৰ পৰা অহা সকলক সৈতে এইপৰ্যন্ত গোলাঘাট জিলাত সৰ্বমুঠ ৯৩ গৰাকী পজিটিভৰে অসমৰ ভিতৰত ক'ভিড -১৯ তালিকাৰ শীৰ্ষস্থানত আছে জিলাখন। উল্লেখ্য যে , যোৱা ২৩ মে'ত ট্ৰেইনেৰে  অহা এই লোকসকল মৰিয়নিত নামিছিল আৰু তাৰ পৰা বাছেৰে তেওঁলোকক গোলাঘাটলৈ অনা হৈছিল । গোলাঘাটৰ বিশেষকৈ মহেশ্বৰী বিবাহ ভৱন, এনাজৰী ভৱন ,বিভিন্ন হোটেল  তথা জৱাহৰ  নৱোদয় বিদ্যালয় আদিত কোৱাৰেন্টাইনত থকা অৱস্থাত সংগ্ৰহ কৰা  থ্ৰৰ্ট চোৱাপ পৰীক্ষাৰ ফলাফলবোৰ এতিয়ালৈ আহিব ধৰাত লানি নিচিগাকৈ কালি ৫৮ জন আজি পুৱা ২১ জনৰ   পজিটিভ ফলাফলে সমগ্ৰ চহৰখনত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। ইফালে আগন্তুক সময়ত আৰু যথেষ্ট সংখ্যক লোক আহি পোৱাৰ কথা। তেনেক্ষেত্ৰত গোলাঘাটৰ ক'ভিড চিকিৎসালয়ত মুঠ ১২০ খন বিচনা মজুত থকাৰ লগতে ২৪ টা আই চি ইউ আছে। এনে সময়ত  ক্ৰমে বাঢ়ি অহা পজিটিভ ফলাফলে প্ৰশাসনক যথেষ্ট চিন্তিত কৰি তুলিছে। জানিব পৰা মতে , বৰ্হিৰাজ্যৰ বিভিন্ন কৰ্মত নিয়োজিত এই লোকসকল সৰহসংখ্যকেই গোলাঘাটৰ বৃহত্তৰ মেৰাপানী অঞ্চলৰ হোৱাৰ লগতে  চিকিউৰিটি গাৰ্ড , হোটেল ,ম'ল আদিত কৰ্মৰত আছিল । অন্যহাতে , ভয়ংকৰ কথা যে ,  মেডিচিন বিভাগত  চিকিৎসাধীন হৈ থকা এজন লোকৰ দেহতো ধৰা পৰিছে ক'ভিড -১৯  আৰু তথ্য অনুসৰি  , কাছমাৰী অঞ্চলৰ এই লোকজনৰ  সংস্পৰ্শলৈ আহিছিল বহুকেইজন ডাক্তৰ , নাৰ্ছ। যদি এই তথ্য সত্য হ'য়  তেনে নিশ্চিত ভাৱে  আগন্তুক দিনত জিলাখনত অধিক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব।

Comments