বৰপেটাত পুনৰ ক'ৰনাত আক্ৰান্ত তিনিজন

বৰপেটাৰ পৰা  কঞ্জল দাস ফাৰ্ষ্ট নিউজ ৰিপ'ৰ্ট, ৩০ মে' : সমগ্ৰ দেশতেই ক'ৰনা মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তেই বৰপেটাবাসীৰ বাবে আহিছে এই দু:খবৰ। বৰপেটা জিলাৰ বিভিন্ন কোৱাৰেন্টাইন কেন্দ্ৰত থকা তিনিজন ব্যক্তিৰ ইতিমধ্যে ক'ৰনা পজিটিভ বুলি জানিব পৰা গৈছে।জানিব পৰা মতে , বৰপেটা জিলাৰ চান্দমামা গাঁৱৰ মনিৰুজ জামান ( ২১), ভোগদিয়াৰ মুছাৰফ হুছেইন, ( ১৯) আৰু কুকাৰপাৰৰ , লোকমান খান,( ১৮)ৰ দেহত কোভিড- ১৯ ৰ অৱস্থিতি ধৰা পৰিছে। এই আটাইকেজনকে ভৱানীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰীক্ষাৰ অন্তত ক'ভিড১৯ পজিটিভ বুলি নিশ্চিত হয়।ইতিমধ্যে লোক তিনিজনক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা