বঙাইগাঁৱত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন

বঙাইগাঁওঃ ৩১ মেঃ আজি অন্যান্য ঠাইৰ লগতে  বঙাইগাঁৱতো ’বিশ্ব ধঁপাত বিৰোধী দিৱস’ পালন কৰা হয়৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত বঙাইগাঁও জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ যক্ষ্মা কেন্দ্ৰত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা° নীলমাধৱ দাস৷ কোৰোনা মহামাৰীৰ ফলত অনুষ্টুপীয়াকৈ পালন কৰা অনুষ্ঠানত ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ জিলা ন’ডেল বিষয়া ডা° হৰিদাস সৰকাৰে ’বিশ্ব ধঁপাত বিৰোধী দিৱস’ৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ অনুষ্ঠানত  জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা° নীলমাধৱ দাসে ধঁপাত আৰু ধঁপাতযুক্ত  সামগ্ৰীৰ অপকাৰিতাৰ বিষয়ে উল্লেখ কৰি ধঁপাতযুক্ত সামগ্ৰী সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে৷ লগতে ধঁপাত সেৱনৰ ফলত হোৱা নানা ৰোগৰ বিষয়েও উল্লেখ কৰি ধঁপাত সেৱনৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনায় ৷ আনহাতে অনুষ্ঠানত উপস্থিত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মিডিয়া বিশেষজ্ঞ পম্পী কলিতাই কয় যে আমি প্ৰতি বছৰে সজাগতা সভা পাতিবলগীয়া হোৱাৰ লগতে এই বিষয়ত ৰাইজক সজাগ কৰাৰ বাবে মাইকিং কৰিছো, ঠায়ে ঠায়ে বেনাৰ আঁৰিছো, প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি আহিছো ৷ লগতে সদায় কৈ আহিছো যে ধঁপাত সেৱন কৰিলে মানুহৰ কি কি বেমাৰ হয় আৰু ক্ষতি হয় ৷ এই কথাটো সকলোৱে জানেও ৷ অথচ প্ৰতিবছৰে একেখিনি কামকে কৰি থাকিবলগীয়া হৈছে ৷ সেয়ে যদিহে আমি নিজে সজাগ নহও তেতিয়াহলে এনেকৈ সজাগতা সভা পতা, প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা, বেনাৰ আদি লগাই ৰাইজক সজাগ কৰাৰ সকলো প্ৰয়াস অৰ্থহীন হৈ পৰে ৷ অনুষ্ঠানত আৰ বি এচ কেৰ জিলা সমন্বয়কৰ লগতে এভাৰগ্ৰীণ ছ'চিয়েল ডেভেলপমেণ্ট অৰ্গেনাইজেছন নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সদস্য আদিও উপস্থিত থাকে৷ উল্লেখ্য যে এই দিৱস উপলক্ষে জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ তৰফৰ পৰা শনিবাৰৰ পৰা মাইকযোগে ধঁপাত সেৱনৰ বিৰুদ্ধে সজাগতামূলক প্ৰচাৰ চলোৱা হৈ আছে৷ ইয়াৰ উপৰিও ঠায়ে ঠায়ে ধঁপাত আৰু ধঁপাতযুক্ত সামগ্ৰীৰ অপকাৰিতাৰ বিষয়ে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হৈছে ৷ এইবাৰৰ বিশ্ব ধঁপাত বিৰোধী দিৱস’ৰ থীম হৈছে ’যুৱ প্ৰজন্মক ধঁপাত উদ্যোগৰ গ্ৰাসৰ পৰা ৰক্ষা কৰা আৰু তেওঁলোকক ধঁপাত আৰু নিকটিন ব্যৱহাৰ প্ৰতিৰোধ কৰা৷’ ১৯৮৮ চনৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাই ৩১ মে’ৰ দিনটো ’বিশ্ব ধঁপাত বিৰোধী দিৱস’ হিচাপে পালন কৰি আহিছে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা