ৰঙিয়াত কৰ'নাত আক্ৰান্ত শ্ৰমিক : তীব্ৰ চাঞ্চল্য

প্ৰতিবেদক, ৰঙিয়া , ৩১ মে ঃঃ সমগ্ৰ দেশৰ লগতে অসমতো কোভিট ১৯ ৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ সময়তে যোৱা নিশা ৰঙিয়া তৰণীৰ এজন শ্ৰমিকৰ দেহত  কৰ'না ভাইৰাছৰ সংক্ৰমণ  ধৰা পৰাত অঞ্চলটোত তীব্ৰ চাঞ্চল্য দেখা দিছে। ৰঙিয়া  মহকুমা স্বাস্থ্য বিষয়া ডাঃ ছফিকুল হকে জনোৱা মতে ১৯ বছৰীয়া যূৱকজন যোৱা ২২ মে'ত  চেন্নাইৰ পৰা বাছেৰে কোকৰাঝাৰৰ কেইজন মান যুৱকৰ সৈতে আহি কোকৰাঝাৰত উপস্থিত হয়। তাত তেওঁক সাত দিনৰ বাবে প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনত থকাৰ শেষত যোৱা ২৮ মে' ৰঙিয়াৰ তৰণীৰ ঘৰলৈ আহি পোৱাৰ পিছত পুনৰ সাত দিনৰ বাবে হোম কোৱাৰেন্টাইন কৰা হয়। কোকৰাঝাৰত পৰীক্ষা কৰি অহাৰ  ফলাফলৰ ভিত্তিত যোৱা নিশা তেওঁৰ শৰীৰত কোভিট ১৯ ৰ সংক্ৰমণ ধৰা পৰে। লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। তেনে মূহুৰ্ততে ৰঙিয়া মহকুমা প্ৰশাসনে নিশাই তেওঁক শিঙিমাৰী কোভিট চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লগতে তেওঁৰ পৰিয়ালৰ সকলোকে ঘৰত কোৱাৰেন্টাইন কৰি ৰখা হয়।  প্ৰশাসনৰ তৰফৰপৰা তেওঁৰ   ঘৰটো কনটেইনমেন্ট জোন হিছাপে ঘোষনা কৰি সাধাৰণ ৰাইজৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। ইপিনে ৰাজ্যৰ অন্যান্য জিলাৰ লেখিয়া কামৰূপ জিলাতো উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কোভিট আক্ৰান্তৰ সংখ্যা। অৱশ্যে আক্ৰান্ত লোক সকলৰ অধিকাংশই বহিঃৰাজ্যৰ পৰা আহি  কোৱাৰেন্টাইন কেন্দ্ৰত আশ্ৰয় লোৱা বাবে দুঃচিন্তাৰ কোনো কাৰণ নাই বুলি প্ৰশাসনৰ তৰফৰপৰা জনোৱা হৈছে।    ইপিনে কালি সৰুসজাইৰ  কোৱাৰেন্টাইন কেন্দ্ৰত লেবৰেটৰী টেকনিছিয়ান হিচাপে নিয়োজিত ছয়গাঁৱৰ এজন লোকৰ শৰীৰত কোভিট ১৯ ধৰা পৰাত কামৰূপ জিলা প্ৰশাসনে তেওঁৰ ঘৰৰ   ৫০০ মিটাৰ  ব্যসাৰ্দ্ধৰ অঞ্চল কনটেেইনমেন্ট জোন হিচাপে ঘোষণা কৰি তেওঁৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা ১৫ জনৰ ছোৱাব আৰু তেজৰ নমুনা সংগ্ৰহ কৰে। তেওঁলোকক কোৱাৰেন্টাইন কৰা বুলি প্ৰশাসনৰ তৰফৰপৰা জনোৱা হৈছে। ইপিনে কালি নিশা ৯-৩০ বজালৈ নতুন ১৩ গৰাকী লোক আক্ৰান্ত হোৱাত কামৰূপ জিলাত কোভিট আক্ৰান্তৰ সংখ্যা ৪১ গৰাকীলৈ বৃদ্ধি পালে। ৰাজ্যৰ স্বাস্থ্য বিভাগে জিলাখনৰ শিঙিমাৰি আদৰ্শ চিকিৎসালয়খন কোভিট চিকিৎসালয়লৈ উন্নীত কৰিছে। জিলাখনৰ বিভিন্ন কোৱাৰেন্টাইন কেন্দ্ৰত এতিয়াও ৫১৩ গৰাকী লোকক ৰখা হৈছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা