কেন্দ্ৰীয় চৰকাৰৰ খচৰা বিদ্যুৎ বিধেয়ক ২০২০ ৰ তীব্ৰ বিৰোধিতা আসাম ষ্টেট পাৱাৰ ৱ'ৰ্কাচ ইউনিয়নৰ

বঙাইগাঁওঃ ১৯ মেঃ কেন্দ্ৰীয় চৰকাৰৰ খচৰা বিদ্যুৎ বিধেয়ক ২০২০ ৰ তীব্ৰ বিৰোধিতা কৰিছে আসাম ষ্টেট পাৱাৰ ৱ'ৰ্কাচ ইউনিয়নে ৷ আজি ইউনিয়নৰ সভাপতি ব্ৰজেন বৰি,কাৰ্যকৰী সভাপতি লীলা চাংমাই আৰু সাধাৰণ সম্পাদক অমিত কৰে এক প্ৰেছ বিবৃতিত কয় যে বিশ্বজুৰি কোৰোনা সংক্ৰমণৰ ফলত দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এখন খচৰা বিদ্যুৎ বিধেয়ক প্ৰস্তুত কৰি ৫ জুনৰ ভিতৰত ৰাজ্য চৰকাৰসমূহৰ পৰা মতামত বিচাৰিছে ৷ উল্লেখিত বিধেয়কৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা শক্তি খণ্ডৰ বিশেষকৈ বিতৰণ কোম্পানীসমূহ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিব বিচৰাৰ লগতে ৰাজ্য চৰকাৰসমূহৰ ৰাজ্যৰ বিদ্যুৎ খণ্ডৰ ওপৰত থকা ক্ষমতা হ্ৰাস কৰিবলৈ বিচাৰিছে ৷ ইয়াৰ ফলত কৰ্মচাৰীৰ লগতে বিদ্যুৎ উপভোক্তা ৰাইজৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব ৷ সেয়ে আসাম ষ্টেট পাৱাৰ ৱ'ৰ্কাচ ইউনিয়নে উপৰোক্ত খচৰা বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু খচৰা বিধেয়কখনলৈ সন্মতি নজনাবলৈ অসম চৰকাৰক অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰা বুলি উল্লেখ কৰিছে বিবৃতিটোত ৷ লগতে আসাম ষ্টেট পাৱাৰ ৱ'ৰ্কাচ ইউনিয়ৰ শাখাসমূহেও অহা ২২ মেত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি ইউনিয়নৰ সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰিছে ৷ আনহাতে বিবৃতিটোত আৰু উল্লেখ কৰা মতে ৰাষ্ট্ৰীয় বিদ্যুৎ অভিযন্তা আৰু কৰ্মীৰ সমন্বয়ৰক্ষী সমিতিয়ে খচৰা বিদ্যুৎ বিধেয়ক ২০২০ ৰ প্ৰতিবাদত ১ জুনত ঘোষণা কৰা প্ৰতিবাদ দিৱসত কলা বেজ পৰিধান কৰি আসাম ষ্টেট ৱ'ৰ্কাচ ইউনিয়নেও প্ৰতিবাদ জনাব ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা