ফিকি এফ এল অ'ৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ অসমৰ মহিলা উদ্যোগী জাহ্নৱী ফুকনৰ

ষ্টাফৰিপ'ৰ্টাৰ,,,২২ ফেডাৰেচন অব ইণ্ডিয়ান চেম্বাৰ্ছ অব কমার্চ এণ্ড ইণ্ডাষ্ট্ৰি (ফিকি)ৰ মহিলা গোট ফিকি এফ এল অ'ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ মহিলা উদ্যোগী জাহ্নৱী ফুকনক। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উপস্থিতিত অনুষ্ঠিত ৩৬ সংখ্যক "এফ এল অ" এনুৱেল ছেছন- ৰাইজিং এবাভ ক'ভিড ছেলেঞ্জেছ" শীৰ্ষক অনুষ্ঠানত পূৰ্বৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হৰজিন্দৰ কৌৰ তাৰৱালৰ সলনি এই পদ গ্ৰহণ কৰে জাহ্নৱী ফুকনে। মহিলাৰ আৰ্থিক সৱলীকৰণৰ হকে কাম কৰি অহা এই সংস্থাটোৱে দেশজুৰি ১৭ টা চেণ্টাৰৰ ৮,০০০ গৰাকীতকৈ অধিক মহিলাক প্ৰতিনিধিত্ব কৰি আহিছে। এই সন্দৰ্ভত জাহ্নৱী ফুকনে কয়"-"মোলৈ আগবঢ়োৱা এই দায়িত্বৰ বাবে মই অতিশয় আনন্দিত।  ফিকি এফ এল অ'ত আমি বিভিন্ন পৰ্যায়ত মহিলাৰ আৰ্থিক সৱলীকৰণৰ দিশে কাম কৰি আহিছোঁ, বৰ্তমানৰ এই সময়ছোৱাত মহিলা সকলক আগলৈ অধিক সৱল কৰি তুলিবৰ বাবে বহনক্ষম নিয়োগৰ সুযোগ মুকলি কৰাত গুৰুত্ব আৰোপ কৰিম। এই নতুন যাত্ৰাক লৈ মই উৎসাহী হৈ পৰিছোঁ"। উল্লেখযোগ্য যে, জাহ্নৱী ফুকন হৈছে দুটাকৈ ৰাষ্ট্ৰীয় পৰ্যটন বঁটা বিজয়ী প্ৰতিষ্ঠান ক্ৰমে জংগল ট্ৰেভেলছ ইণ্ডিয়া আৰু আছাম বেংগল নেভিগেচন কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা