এছিয়াৰ ভিতৰতে বৃহত্তম বৰপেটা জিলাৰ বাৰাপেটাৰ পশুপালন আৰু বলধ গৰুৰ শুক্ৰানু সংগ্ৰহ আৰু সংৰক্ষণ কেন্দ্ৰত ব্যাপক বেদখল
কঞ্জল দাস, বৰপেটা, ১৭ মেঃ বৰপেটা জিলাৰ বাৰাপেটাত অৱস্থিত এচিয়াৰ ভিতৰতে বৃহত্তম কেটেল ফাৰ্মখনত থকা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বলধ গৰুৰ শুক্ৰানু সংগ্ৰহ আৰু সংৰক্ষণ কেন্দ্ৰ পৰিদৰ্শন ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ ৷ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীয স্ব নিয়োজনৰ সুবিধা দিয়াৰ উদ্দেশ্যৰে কেন্দ্ৰটো উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আজি কৃষিমন্ত্ৰীগৰাকীয়ে পশুপালন বিভাগ আৰু দুগ্ধ উৎপাদন বিভাগৰ বিষয়াসকলক লৈ ফাৰ্মখনৰ লগতে শুক্ৰাণু উৎপাদন কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷ ইংৰাজৰ দিনতেই প্ৰায় ২০১৪ বিঘা মাটি কালিত স্থাপন কৰা বাৰাপেটাৰ পশু পালন ( কেটল ফাৰ্ম) ফাৰ্মখনত পৰৱৰ্তী সময়ত বলধ গৰু সংৰক্ষণ আৰু শুক্ৰ সংগ্ৰহ গোট স্থাপন কৰা হৈছিল ৷ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই একমাত্ৰ বাৰাপেটাত অৱস্থিত এই ফাৰ্মখনৰ পৰাই উন্নত প্ৰজাতিৰ গৰুৰ শুক্ৰানু বিভিন্ন ৰাজ্যক যোগান ধৰা হয় ৷ উন্নত প্ৰজাতিৰ গাই গৰুৰ সংৰক্ষণ আৰু পালনৰ লগতে বলধ গৰুৰ শুক্ৰাণু সংৰক্ষণৰ বাবে স্থাপন কৰা ফাৰ্মখন পৰিদৰ্শন কৰি ফাৰ্মখনত ব্যাপক বেদখল হোৱীতো নিশ্চিত কৰে মন্ত্ৰী গৰাকীয়ে ৷ ফাৰ্মখনৰ প্ৰায় ৭০০ বিঘা মাটিত বেদখল চলি থকাৰ কথা অবগত হোৱাৰ পিচতেই মন্ত্ৰী অতুল বৰাই আজি বৰপেটাৰ জিলা উপায়ুক্তক তাৎক্ষনিকভাৱে ফাৰ্মখনৰ বেদখল উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইপিনে ফাৰ্মখনৰ প্ৰায় ৭ শ বিঘা ভূমি বেঁকীৰ খহনীয়াতো জাহ যোৱাৰ কথা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে ফাৰ্মখনৰ উন্নয়নৰ বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী আচনি লোৱা হব বুলি প্ৰকাশ কৰে ৷
Comments
Post a Comment