ওদালগুৰিত ৭৩৯ খন গাঁৱত স্বাস্থ্য পৰীক্ষা সম্পন্ন

ষ্টাফৰিপোৰ্টাৰ, ১৯ মে' : স্বাস্থ্য বিভাগৰ অসম সামূহিক নিৰীক্ষণ আঁচনিৰ অধীনত ওদালগুৰি জিলাৰ প্ৰত্যেক গাঁৱতে ঘৰে ঘৰে গৈ কভিড ১৯ প্ৰতিৰোধৰ বাবে সমূহীয়া নিৰীক্ষণৰ কাম পূৰ্ণগতিত চলি আছে। ৭ মে'ৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ অধীনত এইপৰ্যন্ত জিলাখনৰ মুঠ ৮০২ খন ৰাজহ গাঁৱৰ ভিতৰত ৭৩৯ খন গাঁৱৰ ৮,৫০,৩২০ জন লোকক সামৰি লোৱা হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ অধীনত নিৰীক্ষণকাৰী দলসমূহে এই কাৰ্য্যসূচী ৰূপায়ন কৰি আছে। এই পৰ্যন্ত ৩৭৩৯ গৰাকী লোকৰ  স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰে ভিতৰত ৯২৮ গৰাকী জ্বৰত আক্ৰান্ত আৰু ১৪৩ গৰাকী ইনফ্লুৱেঞ্জা সদৃশ ৰোগত আক্ৰান্ত। ৪২৭ গৰাকীৰ  মেলেৰিয়া পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰাৰ বিপৰীতে ৬৪৯ গৰাকীৰ ৰেপিড ডাইগনেষ্টিক কিটৰ জৰিয়তে মেলেৰীয়া পৰীক্ষা কৰা হৈছে। আনহাতে কভিদ ১৯ ৰ সন্দেহত ১২৯ টা নমুনা সংগ্ৰহ কৰা হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা