লালাবৰীত বন্যহস্তীৰ গচকত যুৱক নিহত

গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত লালাবৰিৰ বামুণবড়ী বৰীপাৰাত বনৰীয়া হাতীৰ গচকত আজি পুণঃ এজন যুৱকে প্ৰাণ হেৰুৱায় ৷ নিহত যুৱক জনৰ নাম  ভক্ত প্ৰহ্লাদ ৰায় (২৭) ৷ জানিব পৰা মতে আজি সন্ধিয়া প্ৰায় ৫ বজাত বন্যহস্তীৰ জাক এটাই বামুণবড়ী বৰীপাৰা গাঁৱত বাৰীৰ পকা কঠাল খাবলৈ প্ৰৱেশ কৰে ৷ এই ঘটনা প্ৰত্যক্ষ কৰি গাওঁখনৰ একাংশ লোকে চিঞৰ বাখৰ কৰি হাতীৰ জাকটো খেদাৰ চেষ্টা চলায় ৷ তেনে সময়তে হঠাতে জাক ফালি ওলাই অহা হাতী এটাই ভক্ত প্ৰহ্লাদ ৰায়ক গচকি থিতাতে নিহত কৰে ৷ যুৱক জনৰ কৰুণ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ৷ First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা