বৰপেটা সত্ৰত অনুষ্টুপীয়াকৈ পালন কৰা হব মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ

কঞ্জল দাস, বৰপেটা ২৩ মে ঃ  বিশ্বজুৰি সংহাৰ ৰূপধাৰণ কৰা কৰোণা  মহামাৰীৰ  পৰিপ্ৰেক্ষিতত  চৰকাৰী নীতি নিৰ্দেশনা অনুসাৰে  ঐতিহ্য মণ্ডিত বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ আৰু শ্ৰীশ্ৰীমথুৰা দাস বুঢ়া আতাৰ জন্মোৎসৱ অনুষ্টুপীয়াকৈ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে  ৷ বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ প্ৰপন্ন শিস্য শ্ৰীশ্ৰীমথুৰা দাস বুঢ়া আতাৰ জন্মোৎসৱ অহা এক জুনত আৰু মাধৱদেৱৰ জন্মোৎসৱ ছয় জুনত হব ৷ পূৰ্ব পৰম্পৰা অনুসাৰে মাধৱদেৱ মহাপুৰুষ আৰু বুঢ়া আতাৰ জন্মোৎসৱৰ দিনাখন  সত্ৰত নিত্য নৈমিত্তিক প্ৰসংগৰ উপৰি সত্ৰৰ মঠৰ চোতালৰ পৰা ভাগৱত ভ্ৰমণ , প্ৰসাদ বিতৰণ , ধৰ্মালোচনা সভা আৰু পিছদিনা আইসকলৰ নাম অনুষ্ঠিত কৰা হয় ৷ কিন্তু এইবাৰ দেশত চলি থকা কৰোণা মহামাৰীৰ বাবে চৰকাৰে বান্ধি দিয়া নিয়ম ৰক্ষা কৰি জন্মোৎসৱৰ সকলো আড়ম্বপূৰ্ণতা বাতিল কৰা হৈছে ৷ কেৱল কেইজনমান ভকতৰ  দ্বাৰা সামাজিক দূৰত্ব বাজাই ৰাখি সত্ৰৰ নিত্য নৈমিত্তিক প্ৰসংগৰে পৰম্পৰা ৰক্ষা কৰা হব ৷ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ট দেৱ শৰ্মাই সত্ৰৰ ঘাইদেউৰী নাৰায়ণ আতৈ বুঢ়া ভকত, সত্ৰৰ মুখ্য পাঠক গৌতম পাঠক সহিতে আন দুজনমান ভকতৰ লগত হোৱা আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ৷ 
 উল্লেখ্য যে, সত্ৰত পৰম্পৰাগত বহাগৰ দোমাহী এইবাৰ অনুষ্টুপীয়াকৈ  পালন কৰাৰ উপৰি বৰ্ষফল গণনা আৰু সাত বহাগৰ নাম তলাবন্ধৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছিল ৷ তলাবন্ধ ঘোষণাৰ দিনাৰে পৰা  বৰপেটা সত্ৰৰ প্ৰৱেশদ্বাৰ বন্ধ ৰাখি সত্ৰৰ নিত্য প্ৰসংগ মাত্ৰ চাৰিজনমান ভকতৰ দ্বাৰা চলাই থকাৰ লগতে  সত্ৰ চৌহদত থকা দুয়োখন ভাগৱত শাস্ত্ৰঅধ্যায়ানাৰ বন্ধ ৰখা হৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা