জামুগুৰিহাটত ভোডাফোনৰ নিম্মমানৰ নেটৱৰ্ক সেৱা৷

দূৰ্ভোগ উপভোক্তা ৰাইজৰ৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২১ মে' : মহামাৰী কৰ’নাই পৃথিৱীজুৰি সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তেই কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই বৰ্তমানেও চলি আছে চতুৰ্থ পৰ্য্যায়ৰ লকডাউন৷লকডাউনৰ এই সময়চোৱাত দেশ বিদেশৰ প্ৰতি মুহুৰ্তৰ  খবৰসমুহ জানিবৰ বাবেই ম’বাইলটোকেই সাৰথি কৰি লৈছে বহুলোকে৷কিন্তু জামুগুৰিহাটত ভোডাফোনৰ নেটৱৰ্ক সেৱা অতি নিম্নমানদণ্ডৰ হোৱাত এই সেৱা ব্যৱহাৰকাৰী লোকসকল বিগত প্ৰায় কুৰিদিনৰো অধিক দিন  যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ যাৰফলত এনেবোৰ খবৰ নতুবা যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে উপভোক্তা ৰাইজ৷ভোডাফোনৰ চিম ব্যৱহাৰকাৰী লোকসকলে যদি কাৰোবালৈ ফোন নতুবা ইন্টাৰনেট ব্যৱহাৰ কৰিব বিচাৰে তেন্তে এলাপেচাকৈ ফোনটোও নালাগে নতুবা ইন্টাৰনেট খোল খালেও ইয়াৰ স্পীড অতিকৈ নিম্নমানৰ হোৱাত কোনো কাম কৰিব নোৱাৰে উপভোক্তা গ্ৰাহকে৷প্ৰযুক্তিবিদ্যাৰ যুগত ম’বাইলতেই বহু লোকে কাম কৰিব লগা হয় যদিও জামুগুৰিহাটত ভোডাফোন কোম্পানীৰ গ্ৰাহকসকলে এতিয়া ম’বাইলত নেটৱৰ্ক বিচাৰি হাবাথুৰি খাবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷অভিযোগ অনুসৰি জামুগুৰি কেন্দ্ৰস্থলত ভোডাফোনৰ নেটৱৰ্ক সামান্য উন্নত যদিও এক কি:মি: আতৰি গ’লেই এই যন্ত্ৰনাৰ মুখামুখি হ’ব লগা হয় প্ৰতিগৰাকী গ্ৰাহক ৰাইজ৷বৰ্তমান সময়ত ম’বাইলৰ গ্ৰাহকসকলে মাহিলী নতুবা তিনিমহীয়া কোম্পানীৰ পেক উচিত মূল্য দি নিজৰ নম্বৰটোত ভৰাই লোৱাৰ পিছতো কোম্পানীৰ এনে নিম্নমানৰ সেৱাই অতিষ্ঠ কৰি তুলিছে উপভোক্তা ৰাইজক৷সেয়ে ভোডাফোনৰ বহুসংখ্যক গ্ৰাহক অন্য ম’বাইল সেৱাৰ কোম্পানীলৈ যোৱাৰ চিন্তাচৰ্চা কৰিছে৷শীঘ্ৰে যদি জামুগুৰিহাটত ভোডাফোন কোম্পানীৰ সেৱা উন্নত নকৰে তেন্তে ভোডাফোনৰ সেৱা গ্ৰহণ কৰি থকা উপভোক্তা গ্ৰাহক অন্য ম’বাইল সেৱালৈ ধাৱবান হোৱাটো নিশ্চিত হৈ পৰিছে৷জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা