কৰ'না প্ৰতিষেধক পৰীক্ষণৰ বাবে গোলাঘাটৰ ধ্ৰুৱজ্যোতি ৰ দেহদান
গোলাঘাট ,১৯ মে : চীনৰ য়ুহানৰ পৰা বিশ্বজুৰি বিভীষিকা ৰ সৃষ্টি কৰা কৰ'না ভাইৰাছে বৰ্তমান পৃথিৱীৰ প্ৰতিখন দেশতে আক্ৰমণ কৰি সমগ্ৰ মানৱ সভ্যতাকে অস্তিত্বৰ সংকটত পেলাইছে। জীৱন যুঁজৰ এই যুদ্ধখনত জয়ী হ'বলৈ ৰখা নাই কোনো সুৰুঙা। দিশহাৰা হৈ পৰা মানৱ সভ্যতাক বচাবলৈ এই পৰ্যন্ত বিজ্ঞানী সকলেও উলিয়াব পৰা প্ৰতিষেধক অথবা নাই কোনো কৰ'না ঔষধ। অহৰহ চেষ্টাত বৰ্তী হৈ থকা বিজ্ঞানী সকললৈ এক অনুপ্ৰেৰণা যোগোৱা খবৰে কালি গোলাঘাটৰ বাতৰিৰ শিৰোনামা দখল কৰিলে। গোলাঘাটৰ ফলঙনি অঞ্চলৰ ২৭ বছৰীয়া যুৱক ধ্ৰুৱজ্যোতি শইকীয়াই নিজৰ শৰীৰ টো কৰ'না প্ৰতিষেধক পৰীক্ষণৰ বাবে দান কৰি সমগ্ৰ মানৱ জাতিৰ বাবেই এক বিৰল নিৰ্দশন দাঙি ধৰিলে। সমাজ সেৱা মনোভাৱাপন্ন এই যুৱকজন পূৰ্বৰ পৰাই সমাজ সেৱাৰ কামত নিজকে নিয়োগ কৰি আহিছিল। কালি পুনৰ যুৱকজনে গোলাঘাট জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডী ডাঙৰীয়াক লগ কৰি কৰ'না প্ৰতিষেধক পৰীক্ষাৰ বাবে নিজৰ শৰীৰটো দান কৰে।
Comments
Post a Comment