ভৱানীপুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত পুনৰ তিনিগৰাকী ক'ভিড-১৯ প'জিটিভ

সঞ্জীৱ দাস, ভৱানীপুৰ, ৩০ মে': ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰত আজি পুনৰ  তিনি গৰাকী যুৱকৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰে। বহিঃৰাজ্যৰ পৰা অহা যুৱক তিনিজনক আনি ভৱানীপুৰৰ এই কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল। ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ তত্বাৱধানত থকা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্থাপিত এই কোৱাৰেণ্টাইন চেণ্টাৰটোত বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ পৰা পোৱা তথ্য অনুযায়ী আজি ক'ভিড-১৯ প'জিটিভ চিনাক্ত হোৱা যুৱকসকল হ'ল- বৰপেটা জিলাৰ চান্দমামা গাঁৱৰ মনিৰুজ জামান(২১), বোগদিয়া গাঁৱৰ মুছাৰফ হুছেইন (১৯) আৰু কুকাৰপাৰ গাঁৱৰ লুকমান খান(১৮)। উল্লেখ্য যে, যোৱা ২১ মে'ত যুৱক কেইগৰাকীৰ স্বাব(Swab) লৈ বৰপেটাৰ ফখৰউদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল। স্বাব পৰীক্ষাৰ অন্তত কৰ'না প'জিটিভ চিনাক্ত হয় আৰু আজি বৰপেটাৰ ফখৰউদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে। আন এক উল্লেখ্য যে, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰত যোৱা ২৬ মে'ত ন গৰাকীৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰিছিল আৰু তেওঁলোকক বৰপেটাৰ ফখৰউদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা