এয়াৰটেলে মুকলি কৰিলে "ৱৰ্ক@হোম"-

এয়াৰটেলে মুকলি কৰিলে 
"ৱৰ্ক@হোম"- ব্যৱসায়ৰ বাবে ভাৰতৰ প্ৰথমটো ঔদ্যোগিক শ্ৰেণীৰ ৱৰ্ক ফ্ৰম হোম সমাধান 


ষ্টাফৰিপোৰ্টাৰ, ১৯ মে' : এয়াৰটেলে মঙলবাৰে মুকলি কৰিলে 
"ৱৰ্ক@হোম"- ব্যৱসায়ৰ বাবে ভাৰতৰ প্ৰথমটো ঔদ্যোগিক শ্ৰেণীৰ ৱৰ্ক ফ্ৰম হোম সমাধান । বিশ্বমানৰ সংযোগ সহযোগিতামূলক সঁজুলি আৰু সংবদ্ধ সমাধান হিচাপে নিৰাপত্তা প্ৰদানৰ জৰিয়তে ঘৰতে কাৰ্যালয়সদৃশ অভিজ্ঞতাৰ সম্পূৰ্ণ সুৰক্ষিত তথা নিৰৱচ্ছিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দেশৰ প্ৰথমটো ঔদ্যোগিক শ্ৰেণীৰ এনে এক ব্যৱস্থা য'ত কৰ্মচাৰীসকলে দক্ষতাৰে তথা সুৰক্ষিতভাৱে কাৰ্যালয়ৰ কাম সম্পাদন কৰিব পাৰে। তাঁৰযুক্ত আৰু তাঁৰবিহীন সংযোগৰ বিভিন্ন বিকল্পৰ সৈতে উদ্যমসমূহে ভাৰতীয় নিয়ামক নীতি সাপেক্ষে সুৰক্ষিতভাৱে নিজৰ কাম কৰিব পাৰে। এই সন্দৰ্ভত এয়াৰটেল বিজনেছৰ সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া অজয় চিতকাৰাই কয় " এইয়া এক অভূতপূৰ্ব সময় আৰু ব্যৱসায় সমূহে কাম কৰাৰ নতুন পদ্ধতি আঁকোৱালি লৈছে। উদ্যমসমূহৰ অধিকাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰি পৰিস্থিতি স্বাভাৱিক হোৱালৈ অপেক্ষা কৰিছে। এয়াৰটেলৰ "ৱৰ্ক@হোম" ব্যৱস্থাৰ জৰিয়তে আমাৰ বি ২ বি গ্ৰাহক সকলে তেওঁলোকৰ কৰ্মচাৰী সকলক  ডিজিটেল সঁজুলিৰ সৈতে শ্ৰেষ্ঠমানৰ সংযোগ সেৱা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। 
এয়াৰটেলৰ "ৱৰ্ক@হোম" অত্যাৱশ্যকীয় আৰু এড অন বাণ্ডলৰ সৈতে উপলব্ধ আৰু ব্যৱসায়ী সমূহক নিজা ধৰণে প্লেন কাষ্টমাইজ কৰি ল'বলৈ অৱকাশ প্ৰদান কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা