সাংসদ কুইন ওজাৰ উদ্যোগত মহানগৰীৰ বিভিন্ন স্থানত খাদ্য সামগ্ৰী বিতৰণ

পঙ্কজ নাথ, চাংসাৰি, ৩১ মে :

ক'ৰোনা মহামাৰীৰ সময়ত বিশ্বৰ বিভিন্ন দেশৰ সমান্তৰালকৈ ভাৰত তথা অসমতো লক ডাউন চলি থকা পৰিপ্ৰেক্ষিতত দৰিদ্ৰ লোকৰ মাজত খাদ্য সংকট আহি পৰিছে। যাৰবাবে চৰকাৰ তথা দল সংগঠনৰ তৰফৰ পৰা লক ডাউনৰ সময়ছোৱাত বিভিন্ন ধৰণে এই সকল লোকক কিছু পৰিমাণে সংকটৰ পৰা মুক্তিৰ অৰ্থে সহায় সহযোগিতা আগবঢ়াই থকা হৈছে ।
 ইয়াৰ পৰিপ্ৰেক্ষিততে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ উদ্যোগতো তেওঁ প্ৰতিনিধিত্ব কৰা গুৱাহাটী সমষ্টিৰ কেইবাটাও অঞ্চলত মাজে সময়ে সহায় সহযোগিতা আগবঢ়াই থকা গৈছে। আজিও সাংসদ গৰাকীৰ উদ্যোগতে মহানগৰীৰ বিভিন্ন স্থানত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । সাংসদ গৰাকীৰ হৈ যুবকৰ্মী ইন্তাজুল হক আৰু অনিতা কাকতীয়ে মহানগৰীৰ বেলতলাৰ কিছু অঞ্চলৰ আৰু উজানবজাৰৰ একাংশ দৰিদ্ৰ লোকৰ মাজত চাউল, দালি, আলু, মিঠাতেল, নিমখ, চাবোন, বিস্কুট আদি বিতৰণ কৰে বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা