''এটুকুৰা ক'লা মেঘ 'নামৰ উপন্যাসৰ স্ৰষ্টা বুলু দেবী আৰু নাই

বাইহাটা চাৰিআলি ,২০ মে :: ''এটুকুৰা ক'লা মেঘ 'নামৰ উপন্যাসৰ স্ৰষ্টা, সত্তৰৰ দশকৰ বিশিষ্টা লেখিকা বুলু দেবী আৰু নাই | কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী দেউদুৱাৰ নিবাসী প্ৰয়াত সমাজকৰ্মী, দলৈ ৰমেশ চন্দ্ৰ শৰ্মাৰ পত্নী,সমাজহিতৈষী তথা ধৰ্মপ্ৰাণা মহিলা বুলু দেবী বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ যোৱা চাৰি মাহে শয্যাগত হৈ আছিল | আজি পুৱা ১১-১৫ বজাত দেউদুৱাৰস্থিত নিজ বাসগৃহত তেওঁৰ মৃত্যু হয় | মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ | সত্তৰৰ দশকত তেওঁৰ সৃষ্টি ''এটুকুৰা ক'লা মেঘ'' নামৰ উপন্যাস খনিয়ে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল | পঢ়ুৱৈৰ দাবীত তৃতীয় বাৰলৈ উপন্যাস খনি পুন:ছপা কৰিব লগীয়া হৈছিল | সমান্তৰাল ভাৱে তেওঁ লিখা গল্প, প্ৰবন্ধ, কবিতা আদি সত্তৰৰ দশকত প্ৰকাশিত কেইবাখনো কাকত আলোচনীত প্ৰকাশ পাইছিল | ইয়াৰ উপৰিও তেও আয়তী নামৰ  এগৰাকী সুদক্ষ নামতী আছিল | জীৱন কালত তেওঁ বিভিন্ন অনুষ্ঠান, সংগঠনৰ দ্বাৰা সম্বৰ্ধিতও হৈছিল | ২০১৮ চনত অসম সাহিত্য সভাৰ বিষয়ববীয়াই তেওঁক দেউদুৱাৰস্থিত বাসভৱনলৈ আহি গামোছা, জাপি , মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰিছিল | তেওঁৰ মৃত্যুত সাহিত্য প্ৰেমীৰ মাজত শোকৰ ছাঁ পৰিছে | আজি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই লেখিকা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে | আনহাতে মদাৰতলা সাদৰী সাহিত্য সভা, বাইহাটা চাৰিআলি স্বৰ্ণ শাখা সাহিত্য সভা, পূব কামৰূপ ছাত্ৰ সন্থা, সাংস্কৃতিক সংগঠন প্ৰবাহন, ৰুৰেল লাইব্ৰেৰী, বাইহাটা চাৰিআলি প্ৰেছ ক্লাব আদিকে ধৰি বিভিন্ন সংগঠনে শোক প্ৰকাশ কৰিছে | মৃত্যুৰ সময়ত তেওঁ তিনিজন 
পুত্ৰ সন্তান, এটি কন্যা সন্তান, বোৱাৰী, নাতি নাতিনী সকলক এই সংসাৰত এৰি থৈ যায় |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা