কোৱাৰেন্টাইনত থকা বঙাইগাঁও প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক- নাৰ্চসহ স্বাস্থ্যকৰ্মীসকলক যাবলৈ দিয়া হ'ল নিজ নিজ ঘৰলৈ

বঙাইগাঁওঃ১৮ এপ্ৰিলঃ বঙাইগাঁৱত ইনষ্টিটিউচনেল কোৱাৰেন্টাইনৰ নিৰ্ধাৰিত সময় শেষ হোৱাত নিজ নিজ ঘৰলৈ যাবলৈ দিয়া হ'ল ৫৯ জন কোৰোনা যোদ্ধাক ৷ বঙাইগাঁও প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসক -নাৰ্চসহ স্বাস্থ্যকৰ্মীৰ ৫৯ জনীয়া কোৰোনা প্ৰতিৰোধী যুঁঁজৰ এই দলটোক বিগত ৩০ এপ্ৰিলত চহৰখনৰ হোটেল শিৱালীত কোৱাৰেণ্টাইন কৰা হৈছিল ৷ উল্লেখ্য যে যোৱা ৩০ এপ্ৰিলত চিকিৎসা কেন্দ্ৰটোৰ ববিতা বাছফৰ আৰু অনুপম ঠাকুৰীয়া নামৰ দুজন স্বাস্থ্যকৰ্মীৰ দেহত কোভিড -১৯ পজিটিভ ধৰা পৰাৰ পাছতে এই স্বাস্থ্যকেন্দ্ৰটো চীল কৰাৰ লগতে স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত সকলো চিকিৎসক- নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী সকলক কোৱাৰেণ্টাইন কৰা হৈছিল ৷ পিছত ১৭ দিনৰ মূৰত যোৱা নিশা এই  সকলক হোটেল শিৱালীৰ কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ পৰা নিজ নিজ ঘৰলৈ যাব দিয়া হয় ৷ এই উপলক্ষে নিশা হোটেলৰ বাহিৰত কোৰোনা যোদ্ধাসকলক আদৰণি জনাই এক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ অনুষ্ঠানত এই ৫৯ জনীয়া কোৰোনা যোদ্ধাৰ দলটোক স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফনীভূষণ চৌধুৰী আৰু জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় ৷ লগতে চকলেটৰ টোপোলাও উপহাৰ হিচাপে প্ৰদান কৰা হয় সকলোকে ৷ কোৰোনা যোদ্ধাৰ এই দলটোক উৎসাহ যোগোৱাৰ কাৰনে জিলা উপায়ুক্ত গৰাকীয়ে আনকি নিজেই 'মিলে সুৰ মেৰা তুমহাৰা' নামৰ গীতটিও পৰিবেশন কৰে ৷ এই দলটোক সন্মান জনোৱাৰ উদ্দেশ্যে হোটেল শিৱালীৰ সন্মুখত শতাধিক চাকিও জ্বলোৱা হয় ৷ নিশা প্ৰায় ৯ বজাৰ পাছত নিজ নিজ ঘৰলৈ যাব দিয়া হয় কোৱাৰেণ্টাইনত থকা দলটোক ৷ উল্লেখ্য যে বঙাইগাঁও জিলাৰ পাঁচজনকৈ ব্যক্তি কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছত নতুনকৈ আৰু কোনো ব্যক্তি আক্ৰান্ত হোৱা নাই ৷ তাৰোপৰি কোৱাৰেণ্টাইনত থকাসকলৰ নমুনাৰ ফলাফলসমূহ নিগেটিভ আহিছে বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা গৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা