শিৱসাগৰত গাহৰি পালকৰ কান্দোনঃ এফালে কৰ'না ভাইৰাছ আনফালে আফ্ৰিকান ছোৱাইন ফিভাৰঃ

শিৱসাগৰত গাহৰি পালকৰ কান্দোনঃ এফালে কৰ'না ভাইৰাছ আনফালে আফ্ৰিকান ছোৱাইন ফিভাৰঃ ঋণত আক্ৰান্ত গাহৰি পালকে গাহৰি বিক্ৰী কৰিব নোৱাৰিলে আত্মহত্যা কৰিবলৈ বাধ্য হ'বঃ নহলে গাহৰি গতাই দিব জিলা প্ৰশাসনক*




ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ ২০ মে : তীব্ৰ সংকট নামি আহিছে গাহৰি পালক সকলৰ প্ৰতি।এফালে কৰ'নাভাইৰাছৰ আতংকই বজাৰ স্থৱিৰ কৰিলে,আনফালে আফ্ৰিকান ছোৱাইন ফিভাৰে শেষ কৰিছে গাহৰি পালক সকলৰ সকলো ব্যৱসায়ৰ আশা আকাইংশাৰ পথ । শিৱসাগৰকে ধৰি অসমৰ বিভিন্ন জিলাত গাহৰিৰ জ্বৰে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ লগে লগে গাহৰিৰ সৰবৰাহ, মাংস বিক্ৰী, মাংসজাত সামগ্ৰী বিক্ৰী আদি সকলো নিষিদ্ধ কৰি দিয়া হল।আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত বহু গাহৰি পালকৰ পাম এদিনতে উছন হল ।এতিয়া যি সকল গাহৰি পালকৰ গাহৰি সুস্থ হৈ আছে সেই সকলৰ দুখ কুলাই পাচিয়ে নধৰা হৈছে। সৰহ সংখ্যক গ্ৰাম্যাঞ্চলৰ গাহৰি পালকে ঋণ গ্ৰহণ কৰি গাহৰি পালনৰ ব্যৱসায় চলাই আহিছে। কিন্তু গাহৰিৰ মাজত দেখা দিয়া মহামাৰীৰ ফলত বহুতৰ এই ব্যৱসায় পলকতে ডুব গৈছে। যি সকলৰ গাহৰি সুস্থ হৈ আছে সেই সকলে গাহৰি বজাৰলৈ উলিয়াব পৰা নাই। ফলত বিনা আয়ত পকেটৰ ধন দি গাহৰিৰ দানা ক্ৰয় কৰি কৰি ভাগৰি পৰিছে গাহৰি পালক। কোনোৱে যদি গহণা বিক্ৰী কৰি গাহৰি পোহিব লগা হৈছে,কোনোৱে মাটি বন্ধকত ৰাখি গাহৰি পালন কৰি আছে। সেয়েহে শিৱসাগৰ জিলাৰ গাহৰি পালক সকল একত্ৰিত হৈ এনে সমস্যা সমূহ সমাধানৰ ক্ষেত্রত্ব চৰকাৰৰ ওচৰত আৱেদন কৰিছে ,সুস্থ গাহৰি সমূহ উপযুক্ত পৰীক্ষা কৰি বজাৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰক। নহলে চৰকাৰে গাহৰি পালক সকলক দানাৰ যোগান ধৰক। চৰকাৰে যদি এনে ব্যৱস্থা হাতত নলয় তেন্তে হয়তু গাহৰি পালকে আত্মহত্যাৰ পথ লব লাগিব নতুবা সমুহ গাহৰি আনি শিৱসাগৰ জিলা প্ৰশাসনক চমজাই দিবলৈ বাধ্য হব । দেশৰ লকডাউনে মানুহে দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰাতোৱেই চৰম সমস্যাই দেখা দিয়াৰ পাছত গাহৰিৰ দানা যোগাৰৰ ক্ষেত্রত্ব কেনে অৱস্থাই দেখা দিছে এবাৰ অনুভৱ কৰিলে বোধগম্য হব বুলি গাহৰি পালকে হাঃ হুমুনীয়াহেৰে ব্যক্ত কৰিছে |

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা