নলবাৰীত কোনো চৰকাৰী সা-সুবিধাই আজিলৈকে ঢুকি নোপোৱা ৰসায়ন বিজ্ঞান স্নাতক ডিগ্ৰীধাৰী যুৱক দেৱাশিস তালুকদাৰৰ কৃষিকৰ্মৰে হৈ পৰিছে স্বাৱলম্বী

নলবাৰীত কোনো চৰকাৰী সা-সুবিধাই আজিলৈকে ঢুকি নোপোৱা ৰসায়ন বিজ্ঞান স্নাতক ডিগ্ৰীধাৰী যুৱক দেৱাশিস তালুকদাৰৰ কৃষিকৰ্মৰে হৈ পৰিছে স্বাৱলম্বী*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৯ মে'*



ফটো আছে = 

ৰাজ্যত বৰ্তমান সময়ত একাংশ শিক্ষিত যুৱ প্ৰজন্মৰ লোকে কৃষিকৰ্মৰ জড়িয়তে নিজকে অৰ্থনৈতিক টনকিয়াল কৰাৰ উপৰিও বহু পৰিয়ালৰ মুখত হাহি বিৰিঙাব ধৰিছে ৷ ইয়াৰ অন্য এক উদাহৰণ হ’ল নলবাৰী জিলাৰ বৰকুৰিহাৰ উমেশ তালুকদাৰৰ কনিষ্ঠ পুত্ৰ দেৱাশিস তালুকদাৰ ৷ ৰাসায়ন বিজ্ঞানৰ স্নাতক দেৱাশিসে সৰুৰে পৰাই কৃষিকৰ্মৰ লগত জড়িত হৈ পঢ়াশুনা কৰি নিজৰ শৈক্ষিক দিশটোত অকনো ক্ষতি নোহোৱাকৈ আগুৱাই নিবলৈ সক্ষম হৈছে ৷ চাকৰিৰ প্ৰতি ধাৱমান নহৈ নিজৰ মাটিতে সমান্তৰালভাৱে দেৱাশিসে কৃষিকৰ্মৰ লগত জড়িত হৈ তালুকদাৰ এগ্ৰো ফাৰ্ম এণ্ড ফিছাৰি নামৰ এখন ফাৰ্মৰ আৰম্ভণি কৰে ৷ প্ৰায় ৩৪ বিঘা মাটিত পুখুৰী খান্দি মাছৰ পোনা জগাই বিভিন্ন অঞ্চললৈ ৰপ্তানি কৰে ৷ তাৰ পিছত লাহে লাহে হাঁহ, কুকুৰা, ছাগলী পালনৰ উপৰিও কলগছ আদি বিভিন্ন ধৰণৰ খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বিতা হোৱাৰ খবৰে অঞ্চলটোৰ ৰাইজৰ লগতে বিভিন্ন কৃষিকৰ্মৰ লগত জড়িত লোকক উৎসাহিত কৰা দেখা পোৱা গৈছে ৷ ধৰ্মপুুৰ সমষ্টিৰ ডাঙৰদিত অৱস্থিত এই ফাৰ্মখনত আছে ১০ টা বৃহৎ আকাৰৰ পুখুৰী, বিভিন্ন প্ৰজাতিৰ গৰু-ছাগলী, গাহৰি, ৩০০ টা হাঁহ, কুকুৰা আদি ৷ এক সুন্দৰ পৰিবেশৰ মাজত যুৱকজন আগবাঢ়ি গৈছে স্বাৱলম্বিতা হোৱাৰ পথত, কিন্ত দুৰ্ভাগ্যজনক কথা আজিলৈকে কোনো চৰকাৰী সা-সুবিধা লাভ কৰিবলৈ সক্ষম নোহোৱা যুৱকজনে বছৰি ১০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ উপৰিও পাঁচটা পৰিয়াল ইয়াৰ লগত জড়িত হৈ পোহপাল দিবলৈ পাৰিছে ৷ ইমানৰ পিছতো চৰকাৰী মীন বিষয়া তথা বিভাগীয় কতৃপক্ষৰ চকুত পৰা নাই আজিলৈকে এইজনা যুবকৰ আদৰণীয় এই পদক্ষেপ ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা