প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰক্ষী প্ৰাক্তন ৰাজ্যিক পৰ্য্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ নলবাৰীৰ দ্বীপেন ভৰালীৰ মহানুভৱতা

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২২ মে'*


পূব নলবাৰী ক'চিং চেণ্টাৰৰ নিয়মীয়া প্ৰাক্তন ভলীবল খেলুৱৈ দ্বীপেন ভৰালীৰ ঘৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁৱত। দেউতাক গগন ভৰালী আৰু মাক পূৰ্ণিমা ভৰালীৰ বৰ পুত্ৰ তেওঁ। সৰুৰে পৰাই খেলা-ধূলাত ৰাপ থকা দ্বীপেন ভৰালীয়ে স্কুলীয়া জীৱনত কেইবাবাৰো শ্ৰেষ্ঠ খেলুৱৈ  হিচাবে নিৰ্বাচিত হৈছিল।  পৰৱৰ্তী পৰ্যায়ত দ্বীপেন ভৰালীয়ে দীপক কুমাৰ দাসৰ তত্বাৱধানত ভলীবল খেলৰ প্ৰশিক্ষণ লৈ কেইবাবাৰো নলবাৰী জিলাৰ হৈ আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত ছাব-জুনিয়ৰ, জুনিয়ৰ, চিনিয়ৰ দলক প্ৰতিনিধিত্ব কৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ সুবাদতে ২০০১ চনত মধ্য প্ৰদেশত অনুষ্ঠিত হোৱা স্কুল নেচনেল ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে ২০০৩ চনত মধ্য প্ৰদেশত অনুষ্ঠিত জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অসম দলৰ হৈ অংশগ্ৰহণ কৰাৰ গৌৰৱ অৰ্জন কৰে। দ্বীপেন ভৰালীয়ে হৈছে পূব নলবাৰী ক'চিং চেণ্টাৰৰ প্ৰথমজন ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ আৰু ক'চিং চেণ্টাৰৰ প্ৰথমজন চাকৰিয়াল। ইয়াৰ পিছত ক'চিং চেণ্টাৰৰ পৰা ৫০ জনতকৈও অধিক খেলুৱৈয়ে ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত অসম দলৰ জাৰ্চী পিন্ধিবলৈ সক্ষম হোৱাৰ লগতে ৫২ গৰাকী খেলুৱৈয়ে জীৱন জীৱিকাৰ পথ মোকোলাই ল'ব পাৰিছে। ইয়াৰ ভিতৰত দ্বীপেন ভৰালীৰ ভায়েক ধনজিৎ ভৰালী প্ৰাক্তন ৰাজ্যিক ভলীবল খেলুৱৈ হোৱাৰ উপৰিও অসম পুলিচ বিভাগত কৰ্মসংস্থান পাবলৈ সক্ষম হৈছে। দ্বীপেন ভৰালীৰ খেলুৱৈ জীৱনৰ ভৰপক সময়তে ২০০৩ চনত চি আই এচ এফ হিচাপে নিযুক্তি পাবলৈ সক্ষম হয়। নিজৰ সাহস আৰু একাগ্ৰতাৰ বাবেই ২০০৯ চনৰ পৰা তেওঁ এছ পি জি হিচাপে প্ৰধানমন্ত্ৰীৰ চিকিউৰিটি হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰি আহিছে। কৰ্মসূত্ৰে তেওঁ দিল্লীত থাকিবলগীয়া হ'লেও তেওঁ কেতিয়াও ভলীবলৰ মোহ এৰিব পৰা নাই। নিজৰ শাৰীৰিক চৰ্চাৰ উপৰিও তেওঁ সময় সুবিধা লৈ ভলীবলটো লৈ খেলপথাৰত উপস্থিত হয়। ঘৰলৈ আহিলেই পূব নলবাৰী ক'চিং চেণ্টাৰৰ নিয়মীয়া প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হৈ খেলুৱৈসকলক মূল্যবান পৰামৰ্শ আগবঢ়াই আহিছে। ক'ৰোনা ভাইৰাছ সংক্ৰমিত নহ'বৰ বাবে চৰকাৰে যি নীতি নিয়ম ঘোষণা কৰিছে সেইসমূহ আখৰে আখৰে পালন কৰি ঘৰতে থাকি কিদৰে খেলুৱৈসকলে ভলীবলৰ অনুশীলন কৰিব পাৰি এই লৈ তেওঁ বহুমূলীয়া উপদেশ দিয়াৰ উপৰিও এই দুৰ্যোগৰ সময়ত খেলুৱৈসকলক সহায় কৰাৰ মানসিকতাৰে ৫০ জন দুখীয়া খেলুৱৈৰ মাজত অত্যাবশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতাৰ পৰিচয় ডাঙি ধৰে।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা