অসমৰ চাহ শ্ৰমিক সকলক চাহ মদজুৰ সংঘৰ কোনো আন্দোলনত জৰিত নহবলৈ আহ্বান অসম প্ৰদেশ চাহ মৰ্চাই

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ২২ মে : সমগ্ৰ বিশ্বৰ লগতে অসমতো চাহ শ্ৰমিক সকলে বাগিচাত শ্ৰম দানৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ অৰ্থনীতি শক্তি শালী কৰাৰ সমানন্তৰাল ভাবে কৰোনা ভাইৰাচৰ বিৰোদ্ধে এক শক্তিশালী সংগ্ৰাম অব্যাহত ৰাখিছে | ঠিক তেনে সময়তে অসমৰ চাহ মজদুৰ সংঘই চৰকাৰৰ বিৰোদ্ধে এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈ চাহ শ্ৰমিক সকলৰ কামৰ সময় ১২ ঘণ্টালৈ বৃদ্ধি কৰাৰ এক ভূৱা তথ্যৰ অপপ্ৰচাৰৰ জৰিয়তে আজি  ঘোষণা কৰা আন্দোলনৰ বিষয়টিত ভাৰতীয় জনতা পাৰ্টিৰ চাহ মৰ্চা অসম প্ৰদেশে আচৰ্য্য প্ৰকাশ কৰিছে |  যিহেতু কেন্দ্ৰীয় তথা অসম চৰকাৰে কৰোনা মহামাৰীৰ এই সংকটৰ সময়ত কাৰখানা আইনৰ অধিনত তিনিমাহৰ বাবে কামৰ সময় ১২ ঘণ্টাৰ সময়ৰ ক্ষেত্রত যি এক নিৰ্দেশনা জাৰি কৰিছে তাত চাহ শ্ৰমিকৰ কথা কতো উল্লেখ নাই | কাৰখানা সমুহত নিয়োজিত শ্ৰমিক আৰু মালিক পক্ষৰ পাৰস্পৰিক বুজাবুজিৰ আধাৰতহে লকডাউনৰ সময় ক্ষতি হোৱা অভাৱ পুৰনৰ বাবে যদি চিন্তা কৰে তেন্তে তেওঁলোকৰ কামৰ সময় ১২ ঘণ্টাতকৈ সময় অধিক হব নোৱাৰিব বুলিহে উল্লেখ আছে | তথা ইয়াৰ বাবে উপযুক্ত অভাৰ সময়ৰ মজুৰি প্ৰদান কৰাৰ ওপৰত চৰকাৰে নিৰ্দেশে প্ৰদান কৰিছে মালিক পক্ষক | দিন মাহক দোহাই দি মজদুৰ সংঘৰ সদস্যই আজি বাগিছাসমুহত ঘোষণা কৰা আন্দোলন ৰাজনৈতিক উদ্দেশ্য প্ৰনোদিত  আৰু ভিত্তিহীন বুলি দাবী কৰাৰ লগতে চাহ শ্ৰমিক সকলৰ কৰ্ম সম্পৰ্কত এই আইনত তেনে কোনো নীয়ম উল্লেখে নাই বুলি প্ৰেছমেল যোগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে | সেয়ে সংঘই চাহ শ্ৰমিক সকলক দেশৰ এই সংকতৰ সময়ত উদেশ্যপ্ৰনোদিত ভাবে বিপথে পৰিচালিত কৰি বাগিছা সমুহত এই অপ্ৰীতিকৰ পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে বুলি অভিযোগ উতথাপন কৰি পূৰ্বেওচাহ মজদুৰ সদস্যই বিজেপি চৰকাৰৰ বিৰোদ্ধে বিভিন্ন ভূৱা বিষয়লৈ অপ্ৰচাৰ চলাই চাহ শ্ৰমিক সকলৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰি অহাৰো দৃষ্টিগোছৰ হোৱা বুলি প্ৰেছমেল যোগে প্ৰকাশ কৰিছে |  যেনে বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ ৰেচন বন্ধ কৰিব , সংশোধনি নাগৰিক আইনৰ যোগে লাখ লাখ বাংলাদেশী আনি চাহ শ্ৰমিক সকলক কৰ্মহীন কৰিব আদি নানা অপ্ৰচাৰে পৰিবেশ  কুলশিত কৰি তুলিছিল | ভাৰতৰ প্ৰধানমন্ত্ৰী অৰু অসমৰ মূখ্যামন্ত্ৰীয়ে অসমৰ চাহ শ্ৰমিৰসকলৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে লোৱা অভিলাশি আঁচনিৰ বাবেই চাহ শ্ৰমিক সকলে বিজেপি চৰকাৰক পুৰ্ণ সমৰ্থন আগবঢ়ায় আহিছে বুলি দাবী কৰে চাহ মৰ্চাই  | কংগ্ৰেছৰ বি টিম হিচাপে অসম চাহ মজদুৰ সংঘই নিজৰ স্বাৰ্থৰ লগতে কংগ্ৰেছক সবল কৰাৰতে এনে অপপ্ৰচাৰেৰেই আজিৰ এই আন্দোন অভিসন্ধি বুলি দাবী কৰি মন্তব্য প্ৰকাশ কৰিছে অসম প্ৰদেশ চাহ মৰ্চাই | লগতে মদজু সংঘৰ এনে অপপ্ৰচাৰত ভুল গৈ যুক্তিতথা ভিত্তিহীন  আন্দোলনত অসমৰ চাহ শ্ৰমিক ৰাইজ জৰিত নহৈ আতৰি থাকিবলে আহ্বান অসম প্ৰদেশ বিজেপি চাহ মৰ্চাই |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা