গোলাঘাটত পুনৰ দুজন কভিড পজিটিভ

গোলাঘাটত পুনৰ দুজন কভিড পজিটিভ :---গোলাঘাট,১৮ মে :--- কালিৰ পৰা ৰেল যোগে গোলাঘাটলৈ আহিল বৰ্হিৰাজ্যৰ বহু যুৱক - যুৱতী। অসমত  কৰ'না সংক্ৰমণৰ প্ৰথম পৰ্যায়তে সৰ্বাধিক ৯ জনকৈ কৰ'না পজিটিভ ৰোগীৰে  গোলাঘাট জিলা অসমৰ শীৰ্ষস্থানত থকাৰ পিছতে সকলো সুস্থ হৈ ঘৰলৈ উভটি যোৱাৰ পিছত জিলাখন এক স্বাভাৱিক অৱস্থালৈ আহিছিল  যদিও পুনৰ আজি ২ জনকৈ কৰ'না পজিটিভ ৰোগীৰ উপস্থিতি ধৰা পৰিছে জিলাখনত। জানিব পৰা মতে যোৱা ১৬ মে'ত চেন্নাইৰ পৰা গোলাঘাটত আহি উপস্থিত হোৱা চাৰিজনকৈ যুৱকক কঁহৰাৰ অৰণ্য শীৰ্ষক কোৱাৰেন্টাইন কেন্দ্ৰত নিৰক্ষণত থকা সময়তে আহে এই দু : খবৰটো। থৰ্ট চোৱাপ পৰীক্ষাৰ অন্তত ইয়াৰে উৎপল বৰা আৰু ৰূপম বৰা নামৰ যুৱক দুজনৰ শৰীৰত কৰ'না পজিটিভ পোৱা গৈছে। সূত্ৰ মতে দুয়োজনৰ ঘৰ গমাৰী অঞ্চলৰ কাছমাৰি আৰু চৰাইমাৰী গাওঁত। অৱশ্যে লগত অহা বাকী দুজনৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে আৰু দুয়োজন এতিয়া অৰণ্য কোৱাৰেন্টাইন কেন্দ্ৰতে নিৰীক্ষণত আছে। ইফালে উৎপল বৰা আৰু ৰূপম বৰাক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত থকা কভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। এই দুজন ৰোগীৰ সৈতে জিলাখনত এইপৰ্যন্ত মুঠ ১১ জন কৰ'না পজিটিভ চিনাক্ত হ'য়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা