Posts

Showing posts from April, 2022

advt

Image

কাঁহীত জুঠা খাদ্য প্ৰদানক কেন্দ্ৰ কৰি শ্ৰমিকক মাৰপিটঃ পাকাবেতবাৰী পামত মুছলপুৰৰ অাৰক্ষী।

Image
# কাঁহীত জুঠা খাদ্য প্ৰদানক কেন্দ্ৰ কৰি শ্ৰমিকক মাৰপিটঃ পাকাবেতবাৰী পামত মুছলপুৰৰ অাৰক্ষী। # দুখীক উপযুক্ত শাস্তি বিহাৰ দাবী দুৰ্ভগীয়া  পৰিয়ালৰ। প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা ,৩০এপ্ৰিলঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী পামৰ ফুলমালা দাসৰ লৰা ৰাজ কুমাৰ দাস ওৰফে ৰঞ্জন দাসে একে গাঁৱৰ জেহেৰুল ইছলাম, নুৰুল আলী,সাহাদত আলী,কবজ আলী আৰু ঠিকাদাৰ মনছুৰ আলীৰ সৈতে একেলগে মুছলপুৰত ৰাজমিস্ত্ৰী কাম কৰিবলৈ গৈছিল। পিছে ২৭এপ্ৰিলৰ সন্ধিয়া খাদ্য খাই থকা অৱস্থাত ৰঞ্জন দাসৰ কাঁহীত জুঠা খাদ্য দিয়াত প্ৰতিবাদ কৰে। অাৰু উক্ত প্ৰতিবাদৰ ফলত দাসক শাৰিৰীকভাৱে চাৰিজনে প্ৰহাৰ কৰাত ৰঞ্জন দাসে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । পিছত লগৰীয়া  সকলে ৰঞ্জন দাসৰ ঘৰত পৰিয়ালৰ লোকক অৱগত নকৰাকৈ এৰি থৈ যায় বুলি এজাৰ অনুসৰি বাতৰিত প্ৰকাশ। এনে সন্ধিক্ষনত ৰঞ্জন দাসক পৰিয়ালৰ লোকে অসুস্থ অৱস্থাত পোৱাত হতভম্ব হৈ পৰে অাৰু লগে লগে বৰপেটাৰ  ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়-চিকিৎসষলয়লৈ নি চিকিৎসা প্ৰদান কৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । এই সংক্ৰান্তত মুছলপুৰ আৰক্ষী চকীত ৩৭/২০২২আইপিচিত

ধাৰাবাহিক বৰষুণত বিধস্ত ঐতিহাসিক দুৱৰণী আলি* *আমগুৰি গাৱৰ মাজ অংশত পথটো ৰূপান্তৰ হৈছে বৃহৎ পুখুৰীলৈ

Image
* * *শিৱসাগৰৰ বিধায়কে দিয়া আশ্বাস,প্ৰতিশ্ৰুতি নহল পূৰণ* *গড়-কাপ্টানি-ৰংপুৰ পঞ্চায়তৰ প্ৰতিনিধিৰোঃকাণসাৰ সাৰ নাই* *দৈনিক আমাৰ প্ৰণাম সেৱা,শিৱসাগৰ,৩০এপ্রিল*  শিৱসাগৰ নগৰৰ সমীপৰ ঐতিহাসিক দূবৰণি আলিৰ মধ্যভাগ অর্থাৎ আমগুৰি গাঁৱৰ অংশটো ধাৰাবাহিক বৰষুণৰ ফলশ্ৰুতিত সম্পূৰ্ণৰূপে বিধ্বস্ত ৰূপ লােৱাত দৈনিক হাজাৰ হাজাৰ পথচাৰীৰ লগতে স্থানীয় ৰাইজে দুর্ভোগ ভুগিব লগাত পৰিছে। ধাৰাবাহিক বৰষুণত পথটো ৰূপান্তৰ হৈছে বৃহৎ গাঁত সদৃশ পুখুৰীলৈ । নিৰ্বাচনৰ আগত  আৰু জয়ী হোৱাৰ পিছত শিৱসাগৰ নৱ -নিৰ্বাচিত বিধায়ক গৰাকীয়ে  উক্ত পথটো পুনৰ নিৰ্মাণ আৰু পথটোৰ এটা পাৰত কোনো নৰ্দমা নথকাত বনাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেয়া কেৱল প্ৰতিশ্ৰুতিতেই আৱদ্ধ থাকিল। আনকি স্হানীয় ভুক্তভূগী ৰাইজে যাতায়তৰ লগতে স্থানীয়  সমস্যা  হিচাপে বহুবাৰ এইক্ষেত্ৰত বিধায়কৰ লগতে গড়-কাপ্টানি বিভাগতো আবেদন নিবেদন কৰা হৈছিল যদিও কোনো বিষয়ববীয়া তথা  বিভাগীয় ফালৰ পৰা গুৰত্ব প্ৰদান কৰাৰ পৰিলক্ষিত নহল  ।উক্ত ঐতিহাসিক পথটোৰ মেৰামতিৰ বাবে কোনাে ধৰণ গুৰুত্ব প্রদান নকৰাত বহুবাৰ সৰু ডাঙৰ দুর্ঘটনাৰ বাবে আন এক দুৰ্ঘটনালৈ স্থলীলৈ পৰিগণিত  হোৱাৰ

কয়াকুছি আৰক্ষী চকীত সমূহীয়া ইফতাৰ পাৰ্টি

Image
# কয়াকুছি আৰক্ষী চকীত সমূহীয়া ইফতাৰ পাৰ্টি # প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩০ এপ্ৰিলঃ বৰপেটা জিলাৰ ৪৬ নং  সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কয়াকুছি আৰক্ষী চকীত পৰহি পৱিত্ৰ ৰমজানমাহ উপলক্ষে সমূহীয়া ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয়। কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিজু কুমাৰ নাথৰ উদ্যোগত অনুষ্ঠিত এই ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে পশ্চিম পাকা গাওঁ পঞ্চায়তৰ সভাপতি মেহেৰ আলী, বিশিষ্ট সমাজ কৰ্মী দেলুৱাৰ হুছেইন, বিশিষ্ট সমাজ সেৱিকা মমতাজ জাহান তালুকদাৰ, বামপন্থী নেতা তথা চিপিআইএমৰ কয়াকুছি লোকেল কমিটিৰ সম্পাদক পিয়াৰুল ইছলাম, কয়াকুছি আৰক্ষী চকীৰ এলচি নীলমণি ৰয়কে আদিকে কৰি কয়াকুছি আৰক্ষী চকীৰ আৰক্ষী,গৃহৰক্ষী জোৱান সকলৰ লগতে  কয়াকুছি অঞ্চলৰ বহুকেইজন বিশিষ্ট ব্যাক্তিসকল উপস্থিত থাকি সমন্বয় আৰু একতাৰ বাবে দোৱাৰ জৰিয়তে আহ্বান জনায় । উল্লেখ্য যে,উক্ত সমুহীয়া ইফতাৰ পাৰ্টী প্ৰদান কৰি কয়াকুছি অাৰক্ষী চকীৰ মানৱতাবোধ অাৰু সমন্বয়ৰ নিদৰ্শন দাঙি ধৰা কাৰ্যক বিভিন্ন মহলে ভূয়ঁসী প্ৰশংসা কৰিছে। (ফটো অাছে)

নলবাৰীৰ নাহেৰবাৰীত বজাৰ সংযোগ ব্যৱস্থা আৰু পথাৰ দিৱস উদযাপন

Image
 ##  দৈনিক আমাৰ প্ৰণাম সেৱা :: নলবাৰী :: ৩০ এপ্ৰিল ::::   নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত  আৰু অসম কৃষি বানিজ্য ও গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (APART)  ৰ সহযোগত আজি নলবাৰী জিলাৰ  বড়িগোগ  বনভাগ উন্নয়ন খণ্ডৰ অধীনিস্থ নাহেৰবাৰী গাওত   ৰঙালাও বিক্ৰী বজাৰ ব্যৱস্থা আৰু পথাৰ দিৱস উদযাপন  কৰা হয়।  নাহেৰবাৰীৰ আদৰ্শ কৃষক প্ৰহ্লাদ সৰকাৰৰ নেতৃত্বত দুমাহ পূৰ্বে প্ৰায় ৫০গৰাকী কৃষকে উন্নত মানৰ সৰিয়হ খেতি কৰি  চৰ্চাৰ লাভকৰাৰ সমান্তৰালকৈ  EW137 উন্নত জাতৰ ৰঙালাউৰ খেতি কৰিও স্বাৱলম্বীতাৰ নিদৰ্শন  দাঙি ধৰিছে ।  প্ৰতিকুল বতৰৰ বাবে কিছু ফচল বিনষ্ট হয় যদিও ১৬ গৰাকী কৃষকে প্ৰায় ৭০মেট্ৰিকটন  উৎপাদন কৰিবলৈ  সক্ষম হয়। আনহাতে  আজি কৃষক সকলৰ  ৰঙা লাও সমূহ  ঘৰৰ পৰা উপযুক্ত দৰত বিক্ৰীৰ বাবে এপাৰ্টৰ জিলা মাৰ্কেটিঙ সমন্বয়ক সত্যেন তালুকদাৰ, ডি এইটচ, চি নয়ন কলিতাই কৃষক সকলক ব্যৱসায়ীৰ লগত সংযোগ স্থাপন কৰি ৰঙালাও সমূহ বজাৰত বিক্ৰীৰ বাবে ব্যৱস্থা  গ্ৰহন কৰি দিয়ে ।   আজি বজাৰ সংযোগ ব্যৱস্থা আৰু পথাৰ দিৱসত  উপস্হিত থাকি কৃষক সকলক উৎসাহ যোগায়  এপাৰ্টৰ  নলবাৰী জিলা সহকাৰী সঞ্চালক যোগেশ্বৰ ৰাজ মেধী, খণ্ড কাৰিকৰী-কৌশল

তামুলপুৰৰ কচুবাৰীৰ গৌজন ফৌথাৰত বড়ো সাহিত্য সভাৰ সংবাদমেল

Image
 । বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশন সফল কৰি তুলিবলৈ সকলো জাতি জনগোষ্ঠীলৈ আহ্বান সভাপতি তৰেণ বড়ো । নয়নজ্যোতি দাস, তামুলপুৰ, ৩০ এপ্ৰিল। অহা ২,৩ আৰু ৪ মে'ত তামুলপুৰৰ কচুবাৰীৰ গৌজন ফৌথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশন অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি কচুবাৰীৰ অধিৱেশন স্থলী গৌজন ফৌথাৰত বড়ো সাহিত্য সভাৰ তৰফৰ পৰা এখন সংবাদ মেল অনুষ্ঠিত কৰা হয়। সংবাদ মেলত অংশগ্ৰহণ কৰি বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো ই কয়, "বড়ো সাহিত্য সভাই বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগত হোৱা আলোচনা মৰ্মে তামুলপুৰৰ কচুবাৰী গৌজন ফৌথাৰত ৬১ সংখ্যক বড়ো সাহিত্য সভা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰে। বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসক সভাপতি আৰু ৰত্নেশ্বৰ বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ খন উপ সমিতিৰে এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। অধিৱেশনত এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ যথেষ্ট সহাৰি পোৱা গৈছে । এই অধিৱেশনত মুখ্য অতিথি হিচাপে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিক আমন্ত্ৰণ কৰা হৈছে আৰু এইখন এখন ঐতিহাসিক অধ

নলীগাঁও সমলকেন্দ্ৰত সম্প্ৰদায় উৎসৱৰ প্ৰস্তুতি

#  # প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩০ এপ্ৰিলঃ বৰপেটা সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত বৰপেটা শিক্ষা খণ্ডৰ নলীগাঁও মণ্ডল সমল কেন্দ্ৰত মে মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হবলগীয়া  সম্প্ৰদায় উৎসৱৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। সম্প্ৰদায় উৎসৱ যাতে সফলভাৱে সম্পন্ন হয় তাৰ প্ৰস্তুতি সন্দৰ্ভত এখন সভা আজি নলীগাঁও সমল কেন্দ্ৰৰ নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাত অনুষ্ঠিত হৈ যায়। নলীগাঁও ছোৱালী এম ই মাদ্ৰাছাৰ প্ৰধানশিক্ষক ৰাইজ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত ভক্তৰডবা আৰু নলীগাঁও সমল কেন্দ্ৰৰ প্ৰায় শতাধিক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। নলীগাঁও সমল কেন্দ্ৰৰ সমন্বয়ক ৰাহুল আমিনে উদ্দেশ্য ব্যাখ্যা কৰা সভাত ভক্তৰডবা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ছামছুল হকে বিভাগীয় যোগান দিয়া একাডেমীক কেলেণ্ডাৰৰ বিষয়ে বহলাই কয়। সভাত দুয়োখন সমল কেন্দ্ৰৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে বিকল্প শৈক্ষিক দিনপঞ্জি আৰু একাডেমীক কেলেণ্ডাৰ বিতৰণ কৰা হয়। সভাত  এন কে ছোৱালী হাইস্কুলৰ প্ৰধানশিক্ষক ইয়াকুব আলী আহমেদ,  ১৭৩৯ নং হাজী জাফৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক ছুলেমান আলী শিকদাৰ, ৮১২ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশি

বৰপেটা আটছবাজী উদ্যোগলৈ ৰাজ্যৰ উদ্ভাৱনী আয়োগে আগবঢ়ালে আৱৰ্তন নিধিঃ

Image
#                                  ছিতাৰ উপাধ্যক্ষ ৰমেন ডেকাই ক'লে, পুজিৰ সঠিক ব্যৱহাৰ হ'লে আৰু দিম #             প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ৩০ এপ্ৰিলঃ বৰপেটাৰ প্ৰসিদ্ধ পৰম্পৰাগত আটছবাজী উদ্যোগক কিছু সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগ (ছিতা)ৰ তৰফৰ পৰা প্ৰথমবাৰলৈ ১৫ লাখ টকাৰ এক আৱৰ্তক নিধি আগবঢ়াইছে। আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাই আজি বৰপেটালৈ আহি এই সংক্ৰান্তীয় ড্ৰাফ্টখন আনুষ্ঠানিকভাৱে জিলা উপায়ুক্ত আৰু বৰপেটা আটছবাজী শিল্প সমবায় সমিতিৰ  হাতত অৰ্পন কৰে। এই উপলক্ষে বৰপেটা অফিচাৰ্ছ ক্লাৱত আয়োজিত এখন সভাত দিয়া চমু ভাষণত তেওঁ কয় যে, বৰপেটাৰ থলুৱা আটছবাজী উদ্যোগৰ বাবে আমাৰ চৰকাৰে কিবা এটা কৰাৰ বাবে অতি আগ্ৰহী হৈ আছে। সেয়ে যোৱা বছৰ অক্টোবৰ মাহত বৰপেটালৈ আহি গণককুছীত স্থাপিত আটছবাজী উদ্যোগ পামলৈ গৈ এই শিল্পৰ সৈতে জড়িত লোক সকলক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লৈছিলোঁ। সেই সাক্ষাততে উদ্যোগী সকলে কৰা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে  বাহিৰৰ পৰা কেঁচা সামগ্ৰী যাতে একেলগে অধিক পৰিমাণত কম দামত ক্ৰয় কৰিব পাৰে তাৰ সুবিধাৰ্থে এই আৱৰ্তক নিধি আগবঢ়োৱা

বৰপেটা আটছবাজী উদ্যোগলৈ ৰাজ্যৰ উদ্ভাৱনী আয়োগে আগবঢ়ালে আৱৰ্তন নিধি

Image
* *                                   *ছিতাৰ উপাধ্যক্ষ ৰমেন ডেকাই ক'লে, পুজিৰ সঠিক ব্যৱহাৰ হ'লে আৰু দিম*              প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ৩০ এপ্ৰিলঃ বৰপেটাৰ প্ৰসিদ্ধ পৰম্পৰাগত আটছবাজী উদ্যোগক কিছু সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ তৰফৰ পৰা প্ৰথমবাৰলৈ ১৫ লাখ টকাৰ এক আৱৰ্তক নিধি আগবঢ়াইছে। আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাই আজি বৰপেটালৈ আহি এই সংক্ৰান্তীয় ড্ৰাফ্টখন আনুষ্ঠানিকভাৱে জিলা উপায়ুক্ত আৰু বৰপেটা আটছবাজী শিল্প সমবায় সমিতিৰ  হাতত অৰ্পন কৰে। এই উপলক্ষে বৰপেটা অফিচাৰ্ছ ক্লাৱত আয়োজিত এখন সভাত দিয়া চমু ভাষণত তেওঁ কয় যে, বৰপেটাৰ থলুৱা আটছবাজী উদ্যোগৰ বাবে আমাৰ চৰকাৰে কিবা এটা কৰাৰ বাবে অতি আগ্ৰহী হৈ আছে। সেয়ে যোৱা বছৰ অক্টোবৰ মাহত বৰপেটালৈ আহি গণককুছীত স্থাপিত আটছবাজী উদ্যোগ পামলৈ গৈ এই শিল্পৰ সৈতে জড়িত লোক সকলক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লৈছিলোঁ। সেই সাক্ষাততে উদ্যোগী সকলে কৰা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে  বাহিৰৰ পৰা কেঁচা সামগ্ৰী যাতে একেলগে অধিক পৰিমাণত কম দামত ক্ৰয় কৰিব পাৰে তাৰ সুবিধাৰ্থে এই আৱৰ্তক নিধি আগবঢ়োৱা হৈছ

বিজনী উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ সম্বৰ্ধনা অনুষ্ঠান

Image
 । সংবাদ দাতা :- ৰাজীৱ বৰ্মন  দৈনিক আমাৰ প্ৰণাম ,৩০ এপ্ৰিল , চিৰাং  -------------------------------------- চিৰাঙৰ বিজনীৰ উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এখন বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। উলুবাৰী উচ্চতৰ  মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই সভা। বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী  সভাপতি সিদ্ধান্ত ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উলুবাৰীৰ অঞ্চলৰ দুগৰাকী সমল ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সভাত উলুবাৰীৰ পৰা গৈ পশ্চিম বংগৰ জলপাইগুৰি মহকুমাত ডি.আৰ.ই.অ উচ্চ আশনত অধিষ্ঠিত হোৱা উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ড০ অনিল ৰঞ্জন সৰকাৰ আৰু ভাৰতৰ বতৰ বিজ্ঞানৰ  গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ  বৈজ্ঞানিক বাবুলাল‌ মণ্ডলক এখন গমোচা, এখন মেগাজিনেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইফালে এই সভাতে উলুবাৰী এবছু ইউনিট কমিটিৰ পৰা ব্যক্তি দুগৰাকীক একোখন আৰোনাইৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অতিথি হিচাপত উপস্থিত থাকে - ড° অনিল ৰঞ্জন সৰকাৰ পত্নী জয়শীলা সৰকাৰ , তেখেতৰ জীয়ৰী -জলপাইগুৰী আনন্দ চন্দ্ৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা - আছীমা সৰকাৰ , ভাৰ

গ্ৰেনমাৰ্ক ভাউণ্ডেচনৰ উদ্যোগত আয়োজিত সৰ্ব ভাৰতীয় ঐতিহ্য খাদ্য প্ৰণালী প্ৰদৰ্শনী,আশা ভাউণ্ডেচনৰ প্ৰথম পুৰস্কাৰ

। শ্ৰীৰামপুৰ-গোসাইগাও,৩০ এপ্ৰিল:-অনলাইনত যোগে গ্ৰেনমাৰ্ক ভাউণ্ডেচনৰ উদ্যোগত আয়োজিত সৰ্ব ভাৰতীয় ঐতিহ্য খাদ্য প্ৰণালী প্ৰদৰ্শনী আয়োজন কৰে।উক্ত প্ৰদৰ্শনীত দেশৰ তেইশ খন ৰাজ্যৰ ৫৬৯ খন বেচৰকাৰী সংস্থাই অংশগ্ৰহণ কৰি নিজৰ নিজৰ প্ৰদৰ্শনী দেখুৱায়। উক্ত প্ৰদৰ্শনীত আশা ফাউণ্ডেচন নামৰ বেচৰকাৰী সংস্থাৰ সম্পাদক আসাদুল আকন্দ  অংশগ্ৰহণ কৰি বড়ো জনগোষ্ঠীৰ প্ৰিয় খাদ্য(চিল্ক ওৰ্যাম) এৰি পলু খাদ্য প্ৰণালীৰ প্ৰদৰ্শনী দেখুৱাই প্ৰথম পুৰুস্কাৰ লাভ কৰে। গ্ৰেণ্ট মাৰ্ক ফাউণ্ডেচনে কালি পুৰুস্কাৰ ঘোষনা কৰাত আশা ফাউণ্ডেচনে প্ৰথম পুৰুস্কাৰৰ খৱৰ পাই উৎফুল্লিত হৈ পৰে বেচৰকাৰী সংস্থাটোৰ বিষয়বৱীয়া, সদস্য সকলে।

মানকাচৰৰ জোৰডাঙ্গা বি এছ এফ কেম্পত বিনামূলীয়া পশু চিকিৎসা শিবিৰ৷

Image
দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ৩০ এপ্ৰিলঃ- মানকাচৰৰ ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তবৰ্তী এলেকাত বসবাস কৰা সাধাৰণ লোকৰ হৈছে বি এছ এফৰ সু সম্পৰ্ক গঢ়ি তোলাৰ বাবে আজি মানকাচৰৰ জোৰডাঙ্গা বি এছ এফ কেম্পত দিনজোৰা কাৰ্য্যসূচীৰে বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰি দুই শতাধিক পশু ধনক চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে আজি পুৱা ১০ বজাৰ পৰা ৪৫ নং বেটেলিয়ান বি এছ এফ বাহিনীয়ে মানকাচৰৰ জোৰডাঙ্গা বি এছ এফ কেম্পত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে। সাংসদ আজমলৰ আদৰ্শ গাঁও পঞ্চায়তৰ অধীনত থকা আন্তৰাষ্ট্ৰীয় সীমান্তবৰ্তী এলেকাত বসবাস কৰা পশু পালক সকলে নিজৰ নিজৰ গৰু, মহ, ছাগলী লৈ এই চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰে। বি এছ এফ আৰু হাটশিঙিমাৰী মহকুমা পশু চিকিৎসকৰ দল এটা পশু ধন সমূহৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে। এই অনুষ্ঠানত ৪৫ নং বেটেলিয়ান বি এছ এফৰ তুৰা সহকাৰী কমাণ্ডেণ্ট শ্ৰী মনিশ নেগী মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিবিৰৰ শুভাৰম্ভ কৰে। আনহাতে বি এছ এফৰ আন কেইবাজনো শীৰ্ষ বিষয়াৰ লগতে কুচনীমাৰা জোৰডাঙ্গা আদৰ্শ গাঁও পঞ্চায়তৰ সভানেত্

বঙাইগাঁৱত ১০ টা চোৰাং গৰু সহ ৩ গৰাকী গৰু সৰবৰাহকাৰী শ্ৰমিক আটক

Image
বঙাইগাঁৱৰ প্ৰতিবেদক ৩০ এপ্ৰিলঃ- ৰাজ্য চৰকাৰে গৰু সৰবৰাহ কৰাত যিমান কঠোৰ হৈছে, চোৰাং গৰু বেপাৰীয়ে সিমানেই নতুন নতুন কৌশল অৱলম্বন কৰি গো-সৰবৰাহ অভ্যাহত ৰাখিছে। কালি সন্ধিয়া বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানা আৰু বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত ১০ টা গৰুসহ ৩ জন শ্ৰমিক একাংশ লোকে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে। কীৰ্ত্তনপাৰাৰ পৰা ৪ টা আৰু বৰইচালাৰ পৰা ৬ টা গৰু জব্দ কৰে। হৰিৰচৰৰ আনোৱাৰ হুচেইনে দীৰ্ঘদিন ধৰি বহিঃৰাজ্য আৰু আন আন জিলাৰ পৰা পশুধন সৰবৰাহ কৰি আহিছে। কালি নিশা চিৰাং জিলাৰ পৰা বঙাইগাঁৱ  জিলাৰ  হৈ বৰপেটা জিলালৈ গৈ থকা অৱস্থাত গৰু কেইটা জব্দ কৰে। উল্লেখ্য যে কোকিলা অঞ্চলৰ ওচমানী বজাৰ, কীৰ্ত্তনপাৰা , বৰইচালা, হৰিৰচৰ, গোলাপাৰা আৰু নাম্বাৰপাৰাত অবৈধ গৰুৰ ছিণ্ডিকেট গঢ়ি উঠিছে। বহিঃৰাজ্যৰ পৰা আনি এই ঠাইৰ পৰা বঙাইগাঁও আৰু বৰপেটা জিলাৰ বিভিন্ন ঠাইত প্ৰেৰন কৰে। প্ৰেৰকঃ কুৰবান আলী আহমেদ, কোকিলা

মে' দিৱস--

##মে' দিৱস-- ---------------------------------------      ✍️বিথীকা দত্ত,   ""অ' জুমে জুমে আহ কেঁচা সোণ  আহ বণুৱাৰ দল।        ন- পোহৰৰ জিলিক সানি        যাওঁ আগুৱাই ব'ল""!!!                       মে' দিৱস শ্রমিকসকলৰ দিৱস। বৰ্তমান সমগ্ৰ পৃথিৱীতে "আন্তজাৰ্তিক শ্রমিক ঐক্য আৰু সংহতি দিৱস"ৰূপে এই দিৱস পালন কৰা হয়। এই দিৱস প্ৰতিবছৰে মে' মাহৰ এক তাৰিখে পালন কৰা হয়।             ১৯১৯চনত আন্তজাৰ্তিক শ্রমিক সংস্থা গঠিত হয়। বিশ্ব শ্রমিকসকলৰ স্বাৰ্থ ৰক্ষা কৰি তেওঁলোকৰ সৰ্বপ্রকাৰ উন্নতি সাধন কৰি অন্য শ্রেণীৰ মানুহৰ সমান সন্মান দিয়াটোৱে এই সংস্থাৰ মুখ্য উদ্দেশ্য।            বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত আমেৰিকা, ইউৰোপ, গ্ৰেটবৃটেন আদি ৰাষ্ট্র সমূহত শিল্প উদ্যোগ গঢ়ি উঠে। কালক্রমত উদ্যোগপতি আৰু শ্রমিকসকলৰ আৰ্থিক দিশৰ ব্যয়ধান অতি বৃদ্ধি পায়। মালিক আৰু শ্রমিকৰ মাজত থাকিবলগীয়া মধুৰ সম্পৰ্ক আৰু বুজাবুজিৰ অভাৱ ঘটে। যিসকলে কঠোৰ পৰিশ্রম কৰি বস্তু উৎপাদন কৰে তেওঁলোকৰ এমুঠি জোৰাই খাবলৈ ভাতৰ নাটনি, পিন্ধিবলৈ কাপোৰৰ অভাৱ ,থাকিবলৈ এটি সুস্থ পৰিৱেশৰ ঘৰ নাই

মে দিৱস

প্ৰতি , মাননীয় সম্পাদক,                                                                                ১ মে’  দিৱস হৈছে বিশ্বৰ শ্ৰমিক দিৱস।এই মে দিৱস  শ্ৰমিকৰ আন্দোলনৰ পটভূমিত পালিত হয়। মে' দিৱসৰ এক ঐতিহ্যপূৰ্ণ ইতিহাস আছে । ১৮৯০ চনৰ ১ মে’ৰ পৰা পালিত হোৱা  এই শ্ৰমিক দিৱস বৰ্তমান ২০২২  চনত প্ৰৱেশ কৰিছে। প্ৰতি বছৰে ১ মে’ তাৰিখত বিশ্বৰ সকলোবোৰ  নগৰ–চহৰতে মেহনতী জনতা, শ্ৰমিক  শ্ৰেণীয়ে সংঘবদ্ধ হয় আৰু অতীতক সোঁৱৰণ কৰি প্ৰতিজ্ঞাবদ্ধ হয় শোষিত বঞ্চিত শ্ৰমিক শ্ৰেণীয়ে ভৱিষ্যতৰ  জীৱন যাত্ৰাৰ মান উন্নত কৰি নতুন কৰ্মপন্থাৰে আগবাঢ়ি যোৱাৰ। কিয় আৰু কাৰ বাবে পালিত হয় এই শ্ৰমিক দিৱস আৰু কিয় এই দিৱস ১ মে'ত পালিত হয়, শ্ৰমিকৰ পতাকা কিয় ৰঙা? তাক লৈ মোৰ দুষাৰ । ১৮৮৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত ৮ ঘণ্টা কামৰ সময় নিৰ্দ্ধাৰণ কৰাৰ দাবীত কাৰখানাৰ এদল শ্ৰমিকে এক শ্ৰমিক আন্দোলন আৰম্ভ কৰে। আৰু আন্দোলনকাৰী শ্ৰমিক  ৮ ঘণ্টীয়া সময়সূচী ৰূপায়ণ কৰিবলৈ ১৮৮৬ চনৰ ১মে’ বান্ধি দিয়ে কাৰন সেইসময়ত কামৰ সময় বেছি কিন্তু নূন্যতম মজুৰি  কিন্তু কাৰখানাৰ মালিকে এই দাবীৰ প্ৰতি কোনো সহাৰি  আৰোপ নিদিলে। সেয়ে ইয়াৰ প

বঙাইগাঁৱত ১০ টা চোৰাং গৰু সহ ৩ গৰাকী গৰু সৰবৰাহকাৰী শ্ৰমিক আটক

Image
বঙাইগাঁৱৰ প্ৰতিবেদক ৩০ এপ্ৰিলঃ- ৰাজ্য চৰকাৰে গৰু সৰবৰাহ কৰাত যিমান কঠোৰ হৈছে, চোৰাং গৰু বেপাৰীয়ে সিমানেই নতুন নতুন কৌশল অৱলম্বন কৰি গো-সৰবৰাহ অভ্যাহত ৰাখিছে। কালি সন্ধিয়া বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানা আৰু বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত ১০ টা গৰুসহ ৩ জন শ্ৰমিক একাংশ লোকে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে। কীৰ্ত্তনপাৰাৰ পৰা ৪ টা আৰু বৰইচালাৰ পৰা ৬ টা গৰু জব্দ কৰে। হৰিৰচৰৰ আনোৱাৰ হুচেইনে দীৰ্ঘদিন ধৰি বহিঃৰাজ্য আৰু আন আন জিলাৰ পৰা পশুধন সৰবৰাহ কৰি আহিছে। কালি নিশা চিৰাং জিলাৰ পৰা বঙাইগাঁৱ  জিলাৰ  হৈ বৰপেটা জিলালৈ গৈ থকা অৱস্থাত গৰু কেইটা জব্দ কৰে। উল্লেখ্য যে কোকিলা অঞ্চলৰ ওচমানী বজাৰ, কীৰ্ত্তনপাৰা , বৰইচালা, হৰিৰচৰ, গোলাপাৰা আৰু নাম্বাৰপাৰাত অবৈধ গৰুৰ ছিণ্ডিকেট গঢ়ি উঠিছে। বহিঃৰাজ্যৰ পৰা আনি এই ঠাইৰ পৰা বঙাইগাঁও আৰু বৰপেটা জিলাৰ বিভিন্ন ঠাইত প্ৰেৰন কৰে। প্ৰেৰকঃ কুৰবান আলী আহমেদ, কোকিলা

আন্তৰ্জাতিক শ্ৰমিক দিৱস

আন্তৰ্জাতিক শ্ৰমিক দিৱস ----               এক চমু অৱলোকন _________________________               সীতা দেৱী,            বিহপুৰীয়া, লখিমপুৰ।       এক মে'ৰ দিনা সমগ্ৰ বিশ্বতে শ্ৰমিকসকলৰ প্ৰতি সন্মান জনাই আন্তজাৰ্তিক শ্ৰমিক দিৱস বা মে'দিৱস পালন কৰা হয়। ১৮৮৬চনৰ ১মে' তাৰিখে যূক্তৰাষ্ট্ৰৰ চিকাগো চহৰৰ হে- মাৰ্কেটত শ্ৰমিকসকলৰ ওপৰত কৰা গুলি চালনাৰ ফলত ১১জন শ্ৰমিক নিহত হৈছিল পিছলৈ তেওঁলোকক স্বহীদ ঘোষণা কৰা হয়।          শিল্প বিপ্লৱৰ পিছৰে পৰা শ্ৰমিকসকলে অমানুষিক পৰিশ্ৰম কৰিব লগা হৈছিল। কিয়নো সেই সময়ত বুজন পৰিমাণৰ কল কাৰখানা স্থাপিত হৈছিল আৰু পুঁজিপতি শ্ৰেণীটোৰ সৃষ্টি হৈছিল। এই পুঁজিপতি শ্ৰেণীটোয়ে নগণ্য মজুৰিৰ বিনিময়ত শ্ৰমিকসকলক ১২-১৮ ঘন্টা লৈ কামত খটোৱা পৰিলক্ষিত হৈছিল। প্ৰতিবাদী শ্ৰমিকসকলক শাৰিৰীক শাস্তি প্ৰদান কৰিছিল। সেয়ে এই নিষ্পেষিত শ্ৰেণীৰ লোকৰ শ্ৰম কৰাৰ বাদে অন্য উপায় নাছিল।           উনবিংশ শতিকাৰ মাজভাগৰ পৰা কাৰ্লমাক্স আৰু ফ্ৰেডৰিক এংগেলছ আদিয়ে এক সংগঠন সৃষ্টি কৰে আৰু  মালিক পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিলে। কালক্ৰমত এই প্ৰতিবাদৰ ঢৌ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ সম্প্

১ মে’ৰ পৰা মানসত বন্ধ থাকিব হাতী ছাফাৰী, নৌকা বিহাৰ, বাংলো

মানসত বন্ধ হ’ব হাতী ছাফাৰীৰ লগতে বেকী নদীত নৌকা বিহাৰ৷ লগতে পৰ্যটকৰ বাবে বন্ধ থাকিব মথনগুৰিত থকা বিভাগৰ বাংলোসমূহ৷ অহা ১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী, নৌকা বিহাৰসহ মথনগুৰিৰ বাংলো৷ গ্ৰীষ্মৰ আগমণ তথা বাৰিষাৰ বাবেই অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব এই সেৱাসমূহ৷ উদ্যান কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি, অতিপাত গৰমৰ বাবে হাতীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ৰখা হৈছে হাতী ছাফাৰী৷ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষেৰে বৈ যোৱা বেঁকী নৈৰ জলস্তৰ বৃদ্ধিৰ বাবে বন্ধ ৰখা হৈছে নৌকা বিহাৰো৷ সেইদৰে বাট পথৰ শোচনীয় অৱস্থাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী ৰেঞ্জৰ  উচিলা কেম্পৰ পৰা চৰফুলি কেম্পলৈ সম্পূৰ্ণ পথছোৱা বন্ধ থাকিব পৰ্যটকৰ বাবে৷ ইয়াৰোপৰি বাৰিষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ তথা মঠনগুৰিৰ বাংলোসমূহো বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ এই কথা সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে মানসৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া বাবুল ব্ৰহ্মই৷ তেওঁ কয়, গৰমৰ বাবে হাতীক জিৰণি দিয়াৰ স্বাৰ্থত হাতী ছাফাৰী বন্ধ থাকিলেও অৱশ্যে উদ্যানখনত

আকৌ এনকাউণ্টাৰ, শিলচৰত ডকাইতলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ

শিলচৰত পুনৰ এনকাউণ্টাৰ। ডকাইতলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ। কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে ছামিম আহমেদ নামৰ এটা কুখ্যাত ডকাইতক। যোৱা নিশা তদন্তৰ বাবে লৈ যোৱাৰ সময়তে পলায়নৰ চেষ্টা কৰে ডকাইতটোৱে। ফলত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। বৰ্তমানে শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ডকাইতটো।

অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ১২৫০ টকাকৈ! শীঘ্ৰে ৩ হাজাৰ টকালৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ

অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে ১২৫০ টকা লাভ কৰিব। বিপৰীতে অহা বছৰৰ পৰা ৩ হাজাৰ টকালৈ ধন বৃদ্ধি কৰাৰ লক্ষ্য। একেদৰে অৰুণোদয় আঁচনিৰ অধীনত ৩৫ লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভক্ত কৰাৰ লক্ষ্য বান্ধিছে চৰকাৰে।'- শুকুৰবাৰে এই মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। খানাপাৰা খেলপথাৰত অনুষ্ঠিত হোৱা ক্ষুদ্ৰ, বিত্ত আৰু উদগনি সকাহ আঁচনিৰ অধীনত মাইক্ৰফাইন্স ঋণ ৰেহাই অনুষ্ঠানত এই মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও। মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, 'দেশৰ ৫ খন ৰাজ্যৰ তালিকাত অসম নাম ৰখাৰ লক্ষ্য। বৰ্তমান অসম দেশৰ তলৰ পৰা ৬ নম্বৰ স্থানত। ৪০-৪২ শতাংশ অপৰাধ হ্ৰাস পাইছে অসমত। অহা তিনি মাহৰ ভিতৰত ১০ হাজাৰ লোকে লাভ কৰিব খোৱাপানী লাভ কৰিব। গুৱাহাটীৰ পাহাৰত বসবাস কৰা কোনো লোকৰ উচ্ছেদ নহয়।'

ইমান গৰম সঁচাকৈয়ে ... দিল্লীত ১২ বছৰ, গুৰুগ্ৰামত ৪৩ বছৰ পিছত গৰমে ভংগ কৰিলে অভিলেখ ! কেইবাখনো ৰাজ্যত অ'ৰেঞ্জ এলাৰ্ট ...

গুৰুগ্ৰামে ২৮ এপ্ৰিল, ২০২২ তাৰিখে ইয়াৰ পূৰ্বৰ অভিলেখ ভংগ কৰে, যাৰ তাপমাত্ৰা ৪৫.৬ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হয়, যি ১৯৭৯ চনত ৪৪.৮ ডিগ্ৰী চেলচিয়াছৰ পিছত ইয়াৰ সৰ্বাধিক তাপমাত্ৰা। SHARE THIS: দেশৰ বেছিভাগ ঠাইতে তীব্ৰ গৰমৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। বৃহস্পতিবাৰে, পাৰা কেইবাটাও ঠাইত ৪৫ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰে। গুৰুগ্ৰামে ২৮ এপ্ৰিল, ২০২২ তাৰিখে ইয়াৰ পূৰ্বৰ অভিলেখ ভংগ কৰে, যাৰ তাপমাত্ৰা ৪৫.৬ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হয়, যি ১৯৭৯ চনত ৪৪.৮ ডিগ্ৰী চেলচিয়াছৰ পিছত ইয়াৰ সৰ্বাধিক তাপমাত্ৰা। দিল্লীত ১২ বছৰত ৪৩.৫ ডিগ্ৰী চেলচিয়াছৰ সৈতে এপ্ৰিলৰ আটাইতকৈ গৰম দিনটো দেখা গৈছে। ৰাষ্ট্ৰীয় ৰাজধানীত ১৮ এপ্ৰিল, ২০১০ তাৰিখে সৰ্বাধিক তাপমাত্ৰা ৪৩.৭ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল। উত্তৰ প্ৰদেশত তীব্ৰ গৰমে এলাহাবাদবাসীক (৪৫.৯ ডিগ্ৰী চেলচিয়াছ) দহিছে; মধ্য প্ৰদেশত খাজুৰাহো (৪৫.৬°চেলচিয়াছ), নাওগং (৪৫.৬°চেলচিয়াছ), আৰু খাৰ্গোন (৪৫.২°চেলচিয়াছ); মহাৰাষ্ট্ৰৰ ঝাৰখণ্ডৰ আকোলা (৪৫.৪ ডিগ্ৰী চেলচিয়াছ), ব্ৰহ্মপুৰী (৪৫.২ ডিগ্ৰী চেলচিয়াছ) আৰু জলগাঁও (৪৫.৬ ডিগ্ৰী চেলচিয়াছ) আৰু ডাল্টনগঞ্জ (৪৫.৮ ডিগ্ৰী চেলচিয়া

আগন্তুক বুধবাৰ পৰ্যন্ত ৰাজ্যজুৰি তীব্ৰ বতাহ-বৰষুণৰ আগজাননী! হাই এলাৰ্ট জাৰি

ৰঙালী বিহুৰ ঠিক আগৰ পৰাই ৰাজ্যজুৰি বতৰে দেখুৱাইছে তীব্ৰ ৰূপ। ধাৰাসাৰ বৰষুণৰ লগতে ঠায়ে ঠায়ে বতাহ-ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰা খবৰ প্ৰায়ে আহিছে। পিছে এতিয়াই বতৰ ফৰকাল হোৱাৰ কোনো সম্ভাৱনা নাই। আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। আনকি ঠায়ে ঠায়ে বতাহ-ধুমুহা অহাৰো আগজাননী দিয়া হৈছে। গুৱাহাটী মহানগৰীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা ২৮ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২১ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। কেৱল গুৱাহাটীতে নহয় উজনি, নামনী ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে তীব্ৰ বতাহ-বৰষুণ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজি নিশাৰ পৰাই অহা বুধবাৰলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিয়া হৈছে। অহা বৃহস্পতিবাৰেহে বতৰ কিছু ফৰকাল কৰাৰ সম্ভাৱনা আছে।

গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ #

#   প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৯  এপ্ৰিলঃ বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশ অপৰেশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত  আজি   আদালতে দলিত নেতা গৰাকীক  জামিনত মুকলি কৰি দিয়ে ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত  আজি  জিগনেশ মেৱানিক বৰপেটা   সদৰ আৰক্ষী  থানাৰ পৰা আদালতলৈ লৈ অহা হয়   ৷  গুৱাহাটীৰ পৰা যোৱা ২১ এপ্ৰিলত  কোকৰাঝাৰ অভিমুখে আহি থকা থকা সময়ছোৱাত এগৰাকী মহিলা আৰক্ষী উপ পৰিদৰ্শক বলপূৰ্বক ভাবে  কৰ্তব্যত বাধা প্ৰদান কৰাৰ লগতে শালীনতা ভংগৰ চেষ্টা চলোৱাৰ উপৰি অশ্লীল গালি গালাজ কৰা  বুলি জিগনেশ মেৱানীৰ বিৰুদ্ধে উত্থাপিত হৈছিল এক গুৰুতৰ অভিযোগ ৷ উক্ত অভিযোগ সন্দৰ্ভত যোৱা ২১ এপ্ৰিলত কোকৰাঝাৰ আৰক্ষীৰ অধীনৰ মহিলা আৰক্ষী উপ পৰিদৰ্শক গৰাকীয়ে  জিগনেশ মেৱানিৰ বিৰুদ্ধে বৰপেটা ৰোড আৰক্ষী থানাত গোচৰ তৰিছিল ৷  জিগনেশ মেৱানীক  ২৫ এপ্ৰিলত   বৰপেটা আৰক্ষীয়ে কোকৰাঝাৰ  আৰক্ষীৰ পৰা চমজি লৈছিল ৷ইপিনে জিগনেশ মেৱানিক বাৰে বাৰে কাল্পনিক  গোচৰত গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ   কংগ্ৰেছ কমিটিয়ে ৷

ভেটাগাঁওত ৪৯ সংখ্যক ৰঙালী বিহু উদযাপন

Image
--------------------------------- দৈনিক আমাৰ প্ৰণাম ,বিজনী,২৯ এপ্ৰিলঃ --------------------------------------  চিৰাঙৰ বিজনীৰ ৪৯ সংখ্যক  ভেটাগাঁও ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক  সন্ধিয়াত কালি নিশা বিহু বলীয়া ৰাইজৰ পাৰ ভঙা  উছাহৰ ঢলত মুখৰিত হৈ পৰিল বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ বিহুতলী। গুৱাহাটীৰ পৰা আমন্ত্ৰিত শিল্পী দ্বয় সুৰেখা ছেত্ৰী আৰু অমৰ সিঙৰ অনুষ্ঠানত শিশুৰ পৰা জীয়ৰী-বোৱাৰী, যুৱক সকলোৰে পাৰ ভঙা উছাহত আপ্লুত হৈ পৰে শিল্পীদ্বয় । উক্ত সাংস্কৃতিক সন্ধিয়াত অভয়াপুৰীৰ শুক্লধ্বজ বাৰেবৰণীয়া সাংস্কৃতিক কৃষ্টি দলেও আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যক্ৰম পৰিৱেশন কৰে। উল্লেখ্য যোৱা ২৭ এপ্ৰিলৰে পৰা দুদিনীয়াকৈ উদযাপিত হোৱা ৪৯ সংখ্যক ভেটাগাঁও ৰঙালী বিহু সন্মিলনীৰ প্ৰথম দিনৰ কাৰ্যসূচীমৰ্মে ২৭ এপ্ৰিলৰ সন্ধিয়া অনুষ্ঠিত হোৱা মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰে ৰাজ্যিক বিজেপিৰ অবিচি মৰ্চাৰ আহ্বায়ক অৰূপ কুমাৰ  নাথে। উক্ত মুকলি বিহু প্ৰতিযোগিতাত ৰাজ্যখনৰ কেইবাটাও আগশাৰীৰ বিহুৱা দলে অংশগ্ৰহণ কৰাৰ উপৰিও বড়ো আৰু কোচ-ৰাজবংশী কৃষ্টি দলে নিজ নিজ জাতীয় লোক নৃত্য পৰিৱেশন কৰে।

চেঙা শিক্ষাখণ্ডৰ বনিয়াকুছিত যোগ বাচনি শিবিৰ

Image
।  প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৯ এপ্রিলঃযোগ শিক্ষাৰ জৰিয়তে সুস্থ শৰীৰৰ গঠন কৰাৰ উদ্দেশ্যে বিদ্যাৰ্থী সকলক যোগৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ মাজত জনপ্রিয় কৰিবলৈ শিক্ষা বিভাগে এলানি কৰ্মসূচী হাতত লৈছে। এইমৰ্মে ৰাষ্ট্ৰীয় পৰ্যায়ত অহা ১৮ ৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হবলগীয়া যোগ অলিম্পিয়াডৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলাৰ চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সৰুক্ষেত্ৰী হাইস্কুলত আজি খণ্ড পৰ্যায়ৰ যোগ বাচনি শিবিৰ এটি অনুষ্ঠিত হয়।উক্ত শিবিৰত প্ৰশিক্ষক আৰু বিচাৰক হিচাপে উপস্থিত থাকে যোগ শিক্ষক তথা সৰ্থেবাৰীস্হ বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য মধুসুধন ডেকা আৰু শিক্ষক গৌতম বৈশ্য।উক্ত অনুষ্ঠানত চেঙা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নিকুঞ্জ বৰ্মন ,খণ্ড সমল ব্যক্তি ক্ৰমে ড° প্ৰতুল ডেকা,হাচিবুদ্দিন আহমেদ,হৃষিকেশ কৌশিক ,মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ক্ৰমে হীৰক ডেকা,নয়নমণি চৌধুৰী আৰু মিনাক্ষী মহন্ত উপস্থিত থাকে। আজি পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত বাচনি শিবিৰটোত চেঙা প্ৰাথমিক  শিক্ষাখণ্ডটোৰ অন্তৰ্গত প্ৰায় ২০  উচ্চ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ শতাধিক শিক্ষাৰ্থীয়ে অংশগ

উদ্ধোধনীৰ পিছতে উপায়ুক্ত‌ই মুকলি কৰিলে বৰপেটা কেঞ্চাৰ হস্পিটালৰ অ'পিডি*

Image
*                // *প্ৰথম দিনাই ৫০ কৰ্কট ৰোগীয়ে কৰিলে স্বাস্থ্য পৰীক্ষা*          প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২৯ এপ্ৰিল: কালি প্ৰধান মন্ত্ৰীয়ে আন ৬ খন চিকিৎসালয়ৰ লগতে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা বৰপেটা কৰ্কট ৰোগ চিকিৎসা কেন্দ্ৰত আজিৰে পৰা ৰোগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। আজি পুৱা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আনুষ্ঠানিকভাৱে চিকিৎসালয়খনৰ বৰ্হি চিকিৎসা কোষ সমূহ মুকলি কৰে। তেওঁ উন্নত মানৰ সুদৃশ্য চিকিৎসালয়খনৰ সকলোবোৰ বিভাগ পৰিদৰ্শন কৰি ইয়াৰ কাৰ্যপ্ৰণালীৰ বুজ লয়। উপস্থিত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, চিকিৎসালয়খনত কেমোথেৰাপী, চিটী স্কেন, ব'ন মেৰো ট্ৰেন্সপ্লান্ট আদিৰ বাবে অতি উন্নত মানৰ শেহতীয়া প্ৰযুক্তিৰ যন্ত্ৰপাতি ৰখা হৈছে, যাৰ দ্বাৰা ৰোগ নিৰ্ধাৰণ অতি সঠিক আৰু দ্ৰুততৰ হ'ব। বৰপেটা জিলাত কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ খুবেই বেছি হোৱাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলটোৰ আক্ৰান্ত ৰাইজ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। আজিৰ চিকিৎসালয়ৰ অ'পিডি মুকলি পৰ্বত উপস্থিত থকা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: ৰমেন তা

নলবাৰীত এজেৱাইচিপি ৰ অনলাইন প্ৰবন্ধ প্ৰতিযোগিতা

### ####       দৈনিক আমাৰ প্ৰণাম সেৱা :: নলবাৰী,২৯ এপ্ৰিল-:::     অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী চহৰ সমিতিৰ উদ্যোগত জাতীয় শ্বহীদ তথা নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুতিথি উপলক্ষে "থলুৱাৰ থলগিৰী অসমত চলিবলৈ হ'লে, থলুৱাৰ কৰণীয় কি?" শীৰ্ষক বিষয়ত সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক অনলাইন প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মা আৰু সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি বৰ্মনে  জনোৱা মতে  প্ৰতিযোগীসকলে লেখাসমূহ ই-মেইল বা হোৱাটচ্এপ যোগে প্ৰেৰণ কৰিব পাৰিব। প্ৰতিযোগীসকলে প্ৰবন্ধৰ লগত নিজৰ নাম, যোগাযোগ নম্বৰ আৰু সম্পূৰ্ণ ঠিকনা প্ৰেৰণ কৰিব লাগিব। যিকোনো বয়সৰ ব্যক্তিয়ে প্ৰবন্ধ প্ৰেৰণ কৰিব পাৰিব। প্ৰবন্ধসমূহ অহা ১২ মে'ৰ সন্ধিয়া ৫ বজাৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব। প্ৰবন্ধসমূহ নিৰ্দিষ্ট বিচাৰকৰ দ্বাৰা বাচনি কৰি প্ৰথম, দ্বিতীয়, তৃতীয় বিজয়ী প্ৰতিযোগীক পুৰস্কৃত কৰা হ'ব। ইচ্ছুক প্ৰতিযোগীসকলক  Email ID- ajycpnalbarichaharcommittee@gmail.com ত নতুবা হোৱাটছ এপযোগে ৭০০২১৬৯০৪০, ৯১০১৮৩৩৭৬৪, ৭০০২১৮৩৬৭৩ নম্বৰত লেখা সমূহ পঠিয়াবলৈ

খাৰুপেটীয়াত গৰুসহ ৩ চুৰক আটক আৰু দলগাৱঁত গাঞ্জাসহ যুৱক আটক

Image
 । জব্দ গৰু কঢ়িওৱা ডি, আই বাহন আৰু গাঞ্জা কঢ়িওৱা ই-ৰিক্সা । দৈনিক আমাৰ প্ৰণাম সেৱা: দলগাওঁ: ২৯ এপ্ৰিল : দলগাওঁ-খাৰুপেটীয়াত যেন দিনক দিনে বৃদ্ধি পাব ধৰিছে চোৰাং গৰুৰ লগতে নিচা জাতীয় সামগ্ৰীৰ সৰবৰাহ । দৰঙৰ খাৰুপেটীয়া আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱতি নিশা এটা গৰু সহ আটক কৰে তিনিটা গৰু চুৰক । অটকাধিন চুৰ তিনিটাৰ নাম ছালিম উদ্দীন, আলফাজ উদ্দিন আৰু কুব্বাত আলী । চুৰৰ সৈতে আৰক্ষীয়ে এটা গৰু সহ ডি, আই বাহন জব্দ কৰিবলৈ সক্ষম হয় । বৃহস্পতিবাৰে নিশা খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰাই আৰু চি, আই অচ্যুত দত্তই এক গোপন খবৰৰ ভিত্তিত পশ্চিম বাহাবাৰী গাঁৱত AS 25DC 4325 নম্বৰৰ বাহনেৰে গৰু চুৰি কৰি লৈ যোৱা অৱস্থাত তিনি চুৰক কৰায়ত্ত কৰি জেললৈ প্ৰেৰণ কৰে । ঘটনাৰ লগত বৃহৎ চক্ৰ জড়িত থকাৰ কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে । এনে ঘটনাৰ জড়িত থকা চক্ৰৰ বিৰুদ্ধে খাৰুপেটীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ইফালে একেটা দিনাই দলগাঁও আৰক্ষীয়ে ৫ কেজি গাঞ্জাৰ সৈতে এজন গাঞ্জা সৰবৰাহকাৰী আৰু এজন ই-ৰিক্সা চালকক আটক কৰিবলৈ সক্ষম হয়  । গাঞ্জা কঢ়িওৱা ই-ৰিক্সাও জব্দ কৰে আৰক্ষীয়ে ।  জানিব পৰা মতে দলগাঁ

শিৱসাগৰ দিচাংমুখত কেইবা লক্ষাধিক লাখ টকা বিশুদ্ধ খোৱা পানী আঁচনি বিকলঃ

Image
 এটুপি বিশুদ্ধ খোৱা পানী বাবে হাহাকাৰঃ                       *দৈনিক,আমাৰ প্ৰণাম,শিৱসাগৰ,২৯ এপ্ৰিলঃ* ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ দুখীয়া নিছলা,খাটিখোৱা লোকসকলৰ কল্যাণৰ বাবে নতুন নতুন আঁচনি ৰূপায়ন কৰি পৰিৱৰ্তনশীল চৰকাৰখনে কোটি কোটি টকা আৱণ্টন কৰি ব্যয় কৰিছে যদিও প্ৰকৃততে এনে আঁচনিসমূহৰ পৰা জনসাধাৰণৰ কল্যাণ লাভ কৰিবলৈ সক্ষম হোৱা নাই।জলসিঞ্চনৰ পৰা আৰম্ভ কৰি কৃষি,স্বাস্থ্য, শিক্ষা আৰু জনস্বাস্থ্যলৈ সকলো আঁচনিতে অবাধ হাৰত লুণ্ঠন চলোৱা ফলত গ্ৰামাঞ্চলৰ আৰ্থিক ব্যৱস্থা,স্বাস্থ্য, শিক্ষা আৰু নিৰ্ভেজাল পানী সেৱন আদিবোৰ ক্ষেত্ৰত পিছপৰি আছে।বিশেষকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিসমূহে বৰ্তমান তেনে ৰূপ লৈছে।ৰাজ্যখনৰ গাঁৱে-ভূঞে স্থাপন কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনিসমূহ সম্প্ৰত্তি এৰাবাৰীত পৰিণত হৈছে।বিগত১৫ বছৰ তৰুণ গগৈ চৰকাৰৰ শাসনৰ দিনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত খোৱা পানী আঁচনিসমূহত অবাধ হাৰত লুণ্ঠন আৰু দুৰ্নীতি সংঘটিত কৰাৰ ফলত বৰ্তমান তথৈৱচ অৱস্থাত আছে।জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰী অৱহেলা,গাফিলতি,অকৰ্মণ্য,দুৰ্নীতিত নিমজ্জিত থকাৰ বাবে অচলাৱস্থাত আছে খোৱা পানী আঁচনিসমূহ।অৰ্থ

৩০ এপ্রিলৰ পৰা ০২ মে তাৰিখ পৰ্যন্ত তিনিওটা দিন পৰ্যন্ত দোকান আৰু আবাসগৃহ সমূহৰ সম্মুখভাগ চাফা কৰি ৰাখিবলৈ নিৰ্দ্দেশ শিৱসাগৰ পৌৰসভাৰ*

* *দৈনিক আমাৰ প্ৰণাম,শিৱসাগৰ ,২৯এপ্ৰিলঃ**ছশবছৰীয়া আহোম ৰাজশাসনৰ গৰিমাৰে গৰ্বিত শিৱসাগৰ জিলা । অসমীয়া জাতিৰ পৰিচয় বহনকাৰী ৰংঘৰ-কাৰেংঘৰ, দৌল-দেৱালয় আৰু পুখুৰী ইত্যাদি ঐতিহাসিক সমলবোৰে বিশ্ব পর্যটন ক্ষেত্রখনিত এক আকর্ষণীয় ভূমিকা পালন কৰিছে। এই ঐতিহাসিক চহৰখনত অহা ০২ মে', ২০২২ তাৰিখে ভাৰতৰ  প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বান মৰ্ম্মে যোগ দিবসলৈ ৫০ দিন থকাৰ প্ৰাক্‌মূহুৰ্তত ১০ (দহ) হাজাৰ লোকৰ উপস্থিতিত এক সুবিশাল কাৰ্য্যসূচী গ্রহণ কৰা হব। উক্ত কাৰ্য্যসূচীত বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুস দপ্তৰৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱাল,  অসমৰ মূখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্ম্মা আৰু উত্তৰ পূর্বাঞ্চলৰ মুখ্যমন্ত্রী সকলে অংশ গ্রহণ কৰিব। ভাৰত চৰকাৰৰ আয়ুস মন্ত্রণালয়ৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত এই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যোগ কাৰ্য্যক্রম কাৰ্য্যসূচী অনুষ্ঠিত হ'ব।সেয়েহে উক্ত কাৰ্যসূচীৰ বাবে শিৱসাগৰ পৌৰ এলেকাৰ শিৱদ'লৰ চাৰিওকাষৰ পৰা দ'লমুখ চাৰি আলিৰপৰা মুক্তিনাথ চাৰিআলি পর্যন্ত লগতে বাবুপট্টী জি. এন.জি. ৰোড আৰু বৰ্ডিং ৰোডৰ পথৰ দুয়োকাষে থকা দোকান আৰু আবাসগৃহ সমূহৰ স্বত্তা

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ সৰ্বানন্দ সোণোৱাল শিৱসাগৰত উপস্থিত হৈ অহা ২ মে’ত পালন কৰিবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাভ্যাস কাৰ্যসূচীৰ সন্দৰ্ভত পুংখানুপুংখ ভাৱে বুজ লয়*।

Image
* *দৈনিক আমাৰ প্ৰণাম,শিৱসাগৰ,২৯ এপ্ৰিলঃ**ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ কেবিনেট মন্ত্ৰী তথা অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শিৱসাগৰত উপস্থিত হৈ অহা ২ মে’ত পালন কৰিবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাভ্যাস কাৰ্যসূচীৰ বিষয়ে পুংখানুপুংখ ভাৱে বুজ লয়।মন্ত্ৰীগৰাকীয়ে ঐতিহাসিক শিৱদৌল প্ৰাঙ্গণত উপস্থিত হৈ উক্ত স্থানৰ সমীপত অনুষ্ঠিত কৰিবলগীয়া যোগাভ্যাস কাৰ্যসূচীৰ সবিশেষ সন্দৰ্ভত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ লগতে জিলাখনৰ অন্যান্য বিষয়-ববীয়া সকলৰ লগত আলোচনাত মিলিত হয় ।অন্যহাতেদি এই উদ্দেশ্যে মন্ত্ৰী গৰাকীয়ে শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত এখন আনুষ্ঠানিক সভাতো মিলিত হয়।সভাত অহা ২ মে’ তাৰিখে অনুষ্ঠিত কৰিবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই যোগাভ্যাস কাৰ্যসূচীয়ে ঐতিহাসিক শিৱসাগৰক ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত পুণৰবাৰ চিনাকি তথা প্ৰতিষ্ঠা কৰাত বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।মন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত এক সুষ্ঠ আৰ

যাত্ৰীবাহী ৰে'ল ৰখোৱাৰ দাবীত খৈৰাবাৰী ৰে'ল ষ্টেচনত চাঁ‌ৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট।

Image
দৈনিক আমাৰ প্ৰণাম ,২৯ এপ্ৰিল , -----------------ভেৰগাঁও বৃহত্তৰ খৈৰাবাৰী অঞ্চলবাসীৰ সবিধাৰ্থে খৈৰাবাৰী চহৰ স্থিত ৰে'ল ষ্টেচনত যাত্ৰীবাহী ৰে'ল সেৱা উপলব্ধ আছিল যদিও যোৱা ক'ভিড-১৯ লকডাউনৰ পৰা খৈৰাবাৰী ষ্টেচনত ৰেল সেৱা বন্ধ হৈ আছে, যাৰ ফলত বৃহত্তৰ খৈৰাবাৰী অঞ্চল উন্নয়ন সাধন হোৱাত ব্যাঘাত হানাৰ লগতে যাত্ৰী সকল যাতায়তৰ সমস্যাত ভোগীব লগা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আজি নাগৰিক মঞ্চৰ উদ্যোগত, খৈৰাবাৰী ব্যবসায়ী সন্থা, বেংগলী  যুব ছাত্ৰ ফেডাৰেচন, আদিবাসী ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল-সংগঠনৰ সহযোগত পুৱা ৬ বজাৰ পৰা ১০ বজালৈ খৈৰাবাৰী ৰেল ষ্টেচনত চাঁ‌ৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।। নাগৰিক মঞ্চ আৰু বৃহত্তৰ খৈৰাবাৰী ৰাইজৰ দাবীঃ-- ৰঙিয়া-মুৰ্কংচেলেক উজনি মুৱা ৰে'ল,  মুৰ্কংচেলেক- ৰঙিয়া নামনিমুৱা ৰে'ল আৰু ডেকাৰ গাঁও -- গুৱাহাটী,  গুৱাহাটী--ডেকাৰ গাঁও ইন্টাৰচিটী ৰেল সমূহ  খৈৰাবাৰী ষ্টেচনত ৰখোৱাব লাগে তাৰ   দাবীত অৰ্ধ সহশ্ৰাধিক ৰাইজৰ সমাগমত হাতে হাতে প্লে কাৰ্ড লৈ ৰেলপথত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি  উৰ্ধ্বতম কতৃপক্ষলৈ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

বঙাইগাঁওৰ গৰাইমাৰীত পদ্মাৱতী কনস্টাকচনত দুইজন চোৰ কৰায়ত্ত

Image
। দৈনিক আমাৰ প্ৰণাম ,২৯ এপ্ৰিল , চিৰাং  ------------------------- বঙাইগাঁওৰ গৰাইমাৰীৰ Padmavati CONSTRUCTION ত বৃহস্পতিবাৰে সন্ধিয়া  দুই লোহা চোৰ কৰায়ত্ব কৰা হয় । ধৃত চোৰ দুটা ক্ৰমে  জেল হক(২৬, লক্ষীপুৰ,১ নং নাচনকুৰী) আৰু খলিল শ্বেখ(২১, গৰাইমাৰী)। উল্লেখ্য  হুছেইন আলী শ্বেখ(২১, গৰাইমাৰী) নামৰ আন এটা সহযোগী চোৰ পলাতক হৈ আছে। উল্লেখ্য  গৰাইমাৰীৰ Padmavati CONSTRUCTION ৰ পৰা কিছুদিন পূৰ্বে জেল হকৰ নেতৃত্বত খলিল শ্বেখ আৰু হুছেইন আলী শ্বেখ নামৰ চোৰ তিনিটাই  ১৬৯০ কিলোগ্ৰাম লোহাৰ ৰোড চুৰি কৰিছিল । চুৰি লোহা বিক্ৰী কৰিছিল গেৰুকাবাৰীৰ ভঙা-চিঙা সামগ্ৰী ক্ৰয় কৰা ব্যৱসায়ী বেনু দে'ক। বৃহস্পতিবাৰে সন্ধিয়া Padmavati CONSTRUCTION ৰ একাংশ কৰ্মীয়ে কৌশলেৰে উক্ত চোৰ দুটাক কৰায়ত্ব কৰে।

মানকাচৰত অনলাইন কোম্পানীক ঠগি ৰঙা ঘৰৰ আলহী চাৰি ডেলিভাৰী বয়৷

Image
গ্ৰাহকে অনলাইন যোগে অৰ্ডাৰ দিয়া ৪০ লাখ টকাৰ মোৱাইল চুৰি৷ দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৯ এপ্ৰিলঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ই’কম এক্সপ্ৰেছ নামৰ কোম্পানীটোৰ তিনিজন কৰ্মচাৰী (ডেলিভাৰী বয়) দীৰ্ঘ দিনৰ পৰা গ্ৰহক সকলে অৰ্ডাৰ দিয়া এমাজন, ফ্লিপকাৰ্ড, স্নেপডিল আদি অনলাইন শ্বপিং কোম্পানী সমূহৰৰ দামী মোৱাইল ফোন গ্ৰাহকক যোগান নধৰি চুৰি কৰা কাৰ্য্যই জিলাখনত খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে যোৱা ১২ এপ্ৰিল তাৰিখে ই’কম এক্সপ্ৰেছৰ কলিকতা ৰাজ্যিক প্ৰৱন্ধক অশোক নাৰায়ণ ভোষ খাৰুৱাবান্ধা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। প্ৰায় ৪০ লাখ টকা মূল্যৰ মুঠ দুই শতাধিক মোবাইল ফোন চুৰি হোৱা বুলি গোচৰ দাখিল কৰাৰ পাছত খাৰুৱাবান্ধা আৰক্ষীয়ে গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০/৩৭৯/৩৪ আই পি চি ধাৰাৰ অধীনত ১৪৮/২২ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰে। উক্ত এজাহাৰ মৰ্মে দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ দল এটা খাৰুৱাবান্ধা আৰক্ষীৰ সহযোগত বিভিন্ন ঠাইত অভিযান চলাই তিনি গৰাকী ই’কমৰ কৰ্মচাৰীৰ লগতে এজন মোবাইলৰ ৰিটেলাৰক গ্ৰেপ্তাৰ কৰি ২০ টা চুৰি মোবাইল উদ্ধাৰ কৰে। ধৃত ই’কমৰ কৰ্মচাৰী কেইজন ক্ৰমে দক্ষিণ শালমাৰা ম

২০২৪ কংগ্ৰেছে চৰকাৰ গঠন কৰিব, কংগ্ৰেছৰ ভেটি শক্তিশালী হৈ আছে’ – ক’লে কমলাক্ষ দে পুৰকায়স্থইশ্বেৰমান আলী প্ৰসংগত পুৰকায়স্থই কয়, শ্বেৰমান আলী যদি নাহে সেয়া তেওঁৰ কথা। ৰাইজৰ কাৰণে যুঁজিবলৈ দলে যি কৰিব লাগে কৰিব।SHARE THIS:

Image
TMCৰ কোনো ভেটি নাই অসমত, মিটিং কৰি লাভ নাই। TMC অসমৰ কাৰণে কোনো ফেক্টৰ নহয়, বৰাক ভেলীতেই সংগঠন নাই। এই মন্তব্য কৰিছে কমলাক্ষ দে পুৰকায়স্থই। তেওঁ কয়, এটা ছিটত জয়ী হোৱাটো AAPৰ কাৰণে কোনো ডাঙৰ কথা নহয়। টিকট দিওঁতে ভুল হৈছে কাৰণে জিকিছে। কংগ্ৰেছৰ শক্তিশালী ভেটি আছে, ২০২৪ৰ নিৰ্বাচনত প্ৰমাণ পাব। অসম দেশ বিশ্ব জীৱনশৈলী ফটো ভিডিঅ’ খবৰ LIVE TV Corona মিছন পানী Netra Suraksha ভাষা নিৰ্বাচন : অসমীয়া (Assamese) (বহু 12 ভাষা) English हिन्दी (Hindi) मराठी (Marathi) ગુજરાતી (Gujarati) ಕನ್ನಡ (Kannada) বাংলা (Bengali) മലയാളം (Malayalam) తెలుగు (Telugu) ਪੰਜਾਬੀ (Punjabi) اردو (Urdu) தமிழ்(Tamil) ଓଡ଼ିଆ (Odia) திரும்பிச் செல்லுங்கள் অসম দেশ জীৱনশৈলী ফটো বিশ্ব অপৰাধনামা মনোৰঞ্জন Explained ক্ৰীড়া প্ৰযুক্তি স্বাস্থ্য ব্যৱসায় ভিডিঅ LIVE TV আমাক যোগাযোগ কৰক কুকি পলিচী আমাৰ বিষয়ে ব্যক্তিগত নীতি চাইট মেপ Home   »  News  »  assam  » ‘২০২৪ কংগ্ৰেছে চৰকাৰ গঠন কৰিব, কংগ্ৰেছৰ ভেটি শক্তিশালী হৈ আছে’ – ক’লে কমলাক্ষ দে পুৰকায়স্থই ‘২০২৪ কংগ্ৰেছে চৰকাৰ গঠন কৰিব, কংগ্ৰেছৰ ভেটি শক্তিশালী হৈ আছে’ – ক’লে কমলাক্ষ দে পুৰকায়স্থ

Ratan Tata: অসমক কি ৰূপত চাব বিচাৰে কৰ্কট চিকিৎসালয়ৰ আঁৰৰ ব্যক্তি ৰতন টাটাই, শুভাৰম্ভণী অনুষ্ঠানৰ ভাষণত ক'লে এনেদৰেভাষণত ৰতন টাটাই নিজৰ অশীতিপৰ কণ্ঠৰে অতি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়

Image
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও প্ৰকল্প মুকলি কৰাৰ লগতে স্থাপন কৰিছিল আধাৰশিলা। প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভ কৰা এই প্ৰকল্পবোৰৰ ভিতৰত গুৰুত্বপূৰ্ণ প্ৰকল্প আছিল ৰাজ্যখনত কেইবাটাও কেন্সাৰ কেয়াৰ কেন্দ্ৰ স্থাপন। এই প্ৰকল্পৰ আঁৰৰ ব্যক্তিগৰাকী আছিল অলপতে অসম বৈভৱ সন্মানেৰে সন্মানিত বিশিষ্ট উদ্যোগপতি ৰতন টাটা (Cancer Hospital in Assam by TATA trust)। ৰতন টাটায়ো আজি ডিব্ৰুগড়ৰত কেন্সাৰ কেয়াৰ কেন্দ্ৰ বা কৰ্কট চিকিৎসালয়ৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকি ভাষণ ৰাখিছিল। ভাষণত ৰতন টাটাই নিজৰ অশীতিপৰ কণ্ঠৰে অতি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। তেওঁ কয়- "মই মোৰ অন্তিম বছৰবোৰ স্বাস্থ্যৰ বাবে উৎসৰ্গা কৰিছোঁ। অসমক এনে এখন ৰাজ্য ৰূপে তৈয়াৰ কৰক, যাক সকলোৱে স্বীকৃতি দিয়ে আৰু স্বীকৃতি লাভ কৰে।" অসম দেশ বিশ্ব জীৱনশৈলী ফটো ভিডিঅ’ খবৰ LIVE TV Corona মিছন পানী Netra Suraksha ভাষা নিৰ্বাচন : অসমীয়া (Assamese) (বহু 12 ভাষা) English हिन्दी (Hindi) मराठी (Marathi) ગુજરાતી (Gujarati) ಕನ್ನಡ (Kannada) বাংলা (Bengali) മലയാളം (Malayalam) తెలుగు (Telugu) ਪੰਜਾਬੀ (Punjabi) اردو (Urdu) தமிழ்(Tamil) ଓଡ