ধুবুৰী চিকিৎসা মহাবিদ্যালয় প্ৰাংগণত শোকাৱহ দূৰ্ঘটনা – বিদ্যুৎপৃষ্ঠ হৈ গুৰুতৰ ভাৱে আহত এগৰাকী বিদ্যুৎ শ্ৰমিক


ধুবুৰী,  ২৭ এপ্ৰিল

নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় প্ৰাংগণত আজি এক শোকাৱহ দূৰ্ঘটনা সংঘটিত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ বিৱৰণি অনুসৰি, আজি চিকিৎসা মহাবিদ্যালয়খনত বিদ্যুৎ শ্ৰমিক এগৰাকীয়ে কিবা কাম কৰি থকাৰ সময়ত অকষ্মাতে বিদ্যুৎপৃষ্ট হৈ চিটিকি পৰে। উক্ত দূৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হোৱা জনৈক আবু তালেৱ নামৰ ব্যক্তিগৰাকীক ততাতৈয়াকৈ ধুবুৰী অসামৰিক চিকিৎসালয়লৈ ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতাললৈ প্ৰেৰণ কৰা হয়। ইপিনে বিদ্যুৎ কৰ্তন কৰি কাম কৰি থকাৰ মাজতে তাৰেৰে অকষ্মাতে বিদ্যুৎ পৰিবহন  হোৱা বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা  বুলিও বিদ্যুৎ বিভাগৰ বিৰূদ্ধে অভিযোগৰ আঙুলি উঠিছে।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা