ড’নাৰ মন্ত্ৰ্যালয় আৰু এন ই চিৰ উদ্যোগত উত্তৰ-পূব মহোৎসৱৰ আয়োজন


*আজাদী কা অমৃত মহোৎসৱ*

*ড’নাৰ মন্ত্ৰ্যালয় আৰু এন ই চিৰ উদ্যোগত উত্তৰ-পূব মহোৎসৱৰ  আয়োজন*

*আজি খানাপাৰত মহোৎসৱৰ শুভাৰম্ভ কৰিলে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে*

*দিছপুৰ ২৮ এপ্ৰিলঃ* আজি খানাপাৰাস্থিত পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰ প্ৰাংগনত সপ্তাহজোৰা উত্তৰ-পূব মহোৎসৱৰ শুভাৰম্ভ কৰা হয়৷ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰািখ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল সামৰি উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয় আৰু উত্তৰ-পূব পৰিষদৰ উদ্যোগত আজিৰ পৰা অহা ৪ মে’লৈ এই মহোৎসৱৰ আয়োজন কৰা হৈছে৷ আজি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উত্তৰ-পূবৰ প্ৰায় আটাইকেইখন ৰাজ্যৰ প্ৰতিনিধিসকলৰ উপস্থিতিত উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে নডেল বিভাগ হিচাপে কাৰ্যনিৰ্বাহ কৰি সাংস্কৃতিক পৰিক্ৰমা আৰু পৰিবহন বিভাগৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰে৷    
  
মহোৎসৱৰ উদ্বোধনী উপলক্ষে আজি হাফ মাৰাথন, চাইক্ল’থন আৰু ৱাকাথনৰ আয়োজন কৰা হয়৷ উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ প্ৰায় এশগৰাকী প্ৰতিনিধিৰ লগতে অসমৰ দুই সহস্ৰাধিক ক্ৰীড়াবিদ আৰু ক্ৰীড়াপ্ৰেমীৰ অংশগ্ৰহণেৰে এই তিনিওটা ক্ৰীড়া অনুষ্ঠান পতাকা জোকাৰি শুভাৰম্ভ কৰে ক্ৰমে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অৱসৰী এয়াৰ মাশ্বাৰ্ল তথা উত্তৰ-পূব পৰিষদৰ সদস্য অঞ্জন কুমাৰ গগৈ আৰু অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে৷ 
উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি ৰূপে উপস্থিত থাকি মহোৎসৱ মুকলি কৰি দিয়া ভাষণ প্ৰসংগত সকলো অংশগ্ৰহণকাৰীকে আন্তৰিক শুভেচ্ছা জনাই শ্ৰীদৈমাৰীয়ে কয় যে আজাদী কা অমৃত মহোৎসৱ হৈছে ভাৰতবৰ্ষই স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ সময়ত দেশখনে কিমান দূৰ আগুৱালে আৰু কৰণীয় কি আছে, এয়া বুজাৰ বাবে ভাৰত চৰকাৰে আয়োজন কৰা এক মহত্বপূৰ্ণ উৎসৱ৷ উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আৰু মেৰিকম, লাভলীনাকে ধৰি বহুতো খেলুৱৈয়ে উত্তৰ-পূবৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব আগবঢ়াবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত থাকিলে শৰীৰ চৰ্চাৰো অনুশীলন হয়৷ উত্তৰ-পূব মহোৎসৱে এই ক্ষেত্ৰত জনসাধাৰণক বিশেষকৈ নতুন প্ৰজন্মক উৎসাহিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ সময়ত দেশত যাতে সকলোৰে বাবে গৃহ, খোৱাপানী, অন্ন উপলব্ধ হয় আৰু সকলোৱে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু অসম চৰকাৰে সেই একেই উদ্দেশ্যৰে অৰুণোদয়ৰ দৰে আঁচনিসমূহ ৰূপায়ণ কৰিছে বুলিও তেওঁ কয়৷ স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক হিচাপে সকলোৱে যাতে দেশৰ গৌৰৱ অক্ষুন্ন ৰাখিব পাৰে তাৰ বাবে সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ তদুপৰি এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান অসমত আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক তেওঁ ধন্যবাদ জনায়৷               
ইয়াৰ আগেয়ে অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি অঞ্জন কুমাৰ গগৈয়ে এই মহোৎসৱত অংশ গ্ৰহণৰ বাবে নৱ প্ৰজন্মই প্ৰদৰ্শন কৰা ক্ৰীড়াসুলভ উৎসাহৰ বাবে আনন্দ প্ৰকাশ কৰে আৰু উত্তৰ-পূব পৰিষদ আৰু ড’নাৰ মন্ত্ৰ্যালয়ৰ হৈ সকলোকে আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে আৰু মহোৎসৱৰ সফল সমাপ্তি কামনা কৰে৷
উত্তৰ-পূব মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত বডো, মিছিং, কাৰ্বি, তিৱা, ৰাভা, হাজং, চাহ জনগোষ্ঠীৰ ঝুমুৰ, বিহু হুচৰি আদি অসমৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰ মুখৰিত হয়৷ পৰিবহন বিভাগৰ সৌজন্যত বিহু হুচৰি, বাটৰ নাট আৰু মুকাভিনয়েৰে পথ সুৰক্ষা সম্পৰ্কত জনসাধাৰণক সজাগ কৰাৰ বাবে প্ৰদৰ্শন কৰা অনুষ্ঠান আছিল আজিৰ সাংস্কৃতিক অনুষ্ঠানৰ অন্য এক আকৰ্ষণ৷ আনহাতে আজিৰ অনুষ্ঠানত পথ সুৰক্ষা, পৰিৱেশ সুৰক্ষাৰ বাবে বিভিন্ন প্লেকাৰ্ডো প্ৰদৰ্শন কৰা হয়৷   
আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ প্ৰধান সচিব অৰ্চনা বাৰ্মা, যুটীয়া সচিব ডাঃ চাদনেক সিং, পৰিবহন বিভাগৰ আয়ুক্ত আদিল খান, উত্তৰ পূব পৰিষদৰ পৰিকল্পনা উপদেষ্টা কেলভিন হৰিশ খৰছিঙো বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে৷ 
উল্লেখযোগ্য যে এই মহোৎসৱৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা মণিপুৰত অনুষ্ঠিত হ’ব আৰু অহা ৪ মে’ত গুৱাহাটীতসামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব৷    
এম আৰ ডি/২৮-০৪-২০২২

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা