কুমাৰীকাটাত বিধায়ক জলেন দৈমাৰীৰ ইফটাৰ পাৰ্টিঃ

কুমাৰীকাটাত বিধায়ক জলেন দৈমাৰীৰ ইফটাৰ পাৰ্টিঃ

নয়নজ্যোতি দাস, তামুলপুৰ, ২৫ এপ্ৰিলঃ

পবিত্ৰ ৰমজান মাহ উপলক্ষে আজি কুমাৰীকাটাৰ জামে মছজিদত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ উদ্যোগত আৰু কুমাৰীকাটাৰ জামে মছজিদ পৰিচালনা সমিতিৰ সহযোগত এটি ইফটাৰ পাৰ্টিৰ আয়োজন কৰা হয়। বিশ্ব শান্তিৰ বাবে  ইফটাৰত অংশগ্ৰহণ কৰি যথেষ্ট উৎফুল্লিত বিধায়ক জলেন দৈমাৰীয়ে অসম বাসীক পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত আটাইকে শান্তি সম্প্ৰীতি অটুত ৰাখিবলৈ আহ্বান জনায়। ইফটাৰৰ পূৰ্বে বিধায়ক গৰাকীক জামে মছজিদ সমিতিৰ তৰফৰ পৰা ফুলাম গামোছা, টুপী আদিৰে উষ্ম আদৰণি জনোৱা হয়। ইফটাৰ পাৰ্টিত কুমাৰীকাটা জামে মছজিদৰ সভাপতি ছৈয়দ ফখৰুদ্দিন আহমেদ, সম্পাদক ৱাহেদুজ জামান, যুৱ সমাজ কৰ্মী মইনুল হ'ক চৌধুৰী, জেহেৰুল ইছলাম, ফজল আলী, আলাউদ্দিন আহমেদকে ধৰি প্ৰায় দুইশতাধিক লোকে অংশগ্ৰহণ কৰে।###

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা