কবিতা

’ তোমাৰ মৃত্যু হৈছেনে !’
******†***************
          ✍️প্ৰাণজিৎ ৰায় চৌধুৰী

মাজৰাতি ঘোপমৰা আন্ধাৰত
হঠাতে মৃত্যুয়ে সুধিলে
তোমাৰ মৃত্যু হৈছেনে ?
নিজকে নিজেই চালো
বহুত ভাবি কলোঁ
নিজকে নিচিনা দিনৰ পৰা
বহুবাৰ মৃত্যু হৈছে ।
মৃত্যুয়ে হাঁহি কলে
তোমাৰ পদূলিতে অপেক্ষাত আছোঁ
তুমি ভুমিষ্ঠ হোৱাৰ দিন ধৰি
মন গলে আহিবা চোন
কথা হ’ম ৷
বহু কথা পাতিবলৈ আছে
তোমাৰ জীৱন অভিনয়ৰ
সুখদুখৰ অভিজ্ঞতাবোৰৰ
তিতা মিঠা অনুভৱ বোৰৰ
ভগাই ল’ম আহিবা।
তুমি মই যে চিৰ লগৰী ৷



অকবিৰ কবিতাৰে ক'লো
🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️
কথাই কথাই বহু কথাই ক'লো
ধেমালিতে কোৱা কথা বোৰ
অনুভৱৰ কলমেৰে লিখিলোঁ। 
অনুভৱ মোৰ
 এটি মিঠা গান হওঁক, 
আজীৱন তোমাৰ হিয়াৰ কোণত 
বাজি ৰওঁক। 
মৌপিয়া চৰাই এটিৰ
ঠোঁটেৰে নিগৰা
মধুৰে তৃপ্ত কলিজাই
সেই গীত গাই নাচক। 
নুবুজাকৈয়ে এটি ভ্ৰণ
পুলি পোখা মেলি 
পৰিতৃপ্ত হওঁক। 
অকবিৰ কবিতাৰে 
তোমাক জুখিব খোজা নাই 
মাপ কাঠীও কৰা নাই 
সমাজ পৰিবৰ্তনৰ 
ছাবি কাঠি যে তোমাৰেই হাতত। 

 দ্বিজেন কাকতি।




কবিতাৰ শিৰোনাম:
**********************
অবিৰত চিৰন্তন
*******************
          সীতা দেৱী, বিহপুৰীয়া, লখিমপুৰ।

স্মৃতিৰ পাত লুটিয়াই,
আজি বিচাৰি পালোঁ,
যন্ত্ৰণা কাতৰ এমুঠি জীয়া আবেগ।
মোৰ উৰুখা পজাঁত ,
 বেদনাৰে ভৰা নিসঙ্গ ৰজনী।
অশ্ৰুসিক্ত ব্যৰ্থ প্ৰেমৰ কৰুণ গাথা,
সপোনৰ বালি ঘৰ,
থানবান ধুলিয়ৰি হেঁপাহ।
ধিমিক ধামাক জ্বলা ধূসৰ চাকি,
কুৰুকি কুৰুকি খোৱা এগাল তেজ'পিয়া।
দুখৰ এবুকু অগ্নি শিখা,
নিৰৰ্থক অনুভূতিৰ নিৰ্লিপ্ত যাতনা।
তৰাং জীৱন নদী,
খৰাং হাবিয়াসৰ জোনাক বিহীন আশা।
শব্দৰ বোকোছাত উকা সপোন,
কোনে দিব বাৰু সময়ৰ খতিয়ান?
কলিয়া ডাৱৰ সদৃশ কঠিন জীৱন,
অবিৰত চিৰন্তন... !!!
            ##############




"জীৱন"

জীৱন নিষ্ফল বৈচিত্ৰময়,
য'ত আছে হাঁহি কান্দোনৰ
সমাহাৰে এটি ঘাট-পতিঘাটৰ
কণ্টকময় বাট।
কৰি যাব লাগিব সংগ্ৰাম
সু-সংগবদ্ধ আৰু সু-শৃংখলাবদ্ধ
এটা শিকন মালাৰে,
প্ৰাপ্তি কৰিব লাগিব
সফলতা আৰু বিফলতা।
নিজৰ জীৱনৰ প্ৰতিবিম্ব
পোহৰ বিচাৰি
যোগাত্মক দিশত গতি কৰি
ৰচিব লাগিব এটি 
কালজয়ী সপোন,
জীৱনৰ ৰেখাপাতত
আঁকিব লাগিব প্ৰতিছৱি
তেহে জীৱন হ'ব সাৰ্থক।

                            পূৰৱী শইকীয়া ( অনন্যা)



ক্ৰান্তিকাৰ
**********
ক্ষণিক উত্তাপিত লৌহ যুগৰ
পৰিসমাপ্তি বিচাৰি
এটি নৱ সৃষ্টিৰ দৌল সাজি 
ক্ৰান্তিকাৰ হ'ব বিচাৰে
এক অগ্নিবেহুৰ যন্ত্ৰনা
সাঁমৰি তাই...
অস্তিত্ব ৰক্ষাৰ যুঁজত যুঁজি
তাই এতিয়া নিপুণ সৈনিক,
যিয়ে ধৰাশায়ী কৰিব বিচাৰে 
সমস্ত সীমান্ত প্ৰহৰী
সমস্ত সীমান্তৰ দুৱাৰ ।
দূৰন্ত গতিত অগ্ৰসৰ তাই 
আঁকি যাব ৰণুৱা তুলিকাৰে
ধূসৰ সময়ৰ কলা ডাৱৰৰ ছবি,
তাৰ ঠাইত এতিয়া
আঁকিব তাই শুকুলা মেঘৰ
আবেলিৰ স্কেচ।
ক্ৰান্তীয় বৃক্ষৰ সুগভীৰ অৰণ্যত
লঠঙা বিৰিখ হ'ব নোখোজে তাই,
জিলিকি উঠিব খোজে জোনাক হৈ 
ধৰিত্ৰীৰ বুকুত স্বগৰিমাৰে
গৌৰৱৰ শিখৰ প্ৰাপ্তিৰ সুখ লৈ...
তাইৰ জীৱন সপোন
দূৰন্ত ঘোঁৰাৰ
উৰন্ত পাখিত
কাড়ৰ সাজত সজ্জিত।
তাই এতিয়া ক্লান্তিহীন ক্ৰান্তিকাৰ...

কাব্য নন্দিনী মামণি কলিতা কামৰূপ অসম


*বহাগৰ দুপৰীয়া*

      ✍সবিতা ঘিমিৰে গৌতম
ৰঙাচকুৱা,শোণিতপুৰ
২২ এপ্ৰিল ২০২২
___________________
ব’হাগৰ দুপৰীয়া 
 আঁহতৰ তলত জুৰ লৈ
ৰৈ আছোঁ চেনাইটি ,
আহিবা মোৰ নেঘেৰি খোপাত
কপৌফুলেৰে শুৱনি কৰি ৷
এইবেলি বিহুতে বকুলৰ পুলি
উপহাৰ দিম চেনাই তোমাক ৷
মৰমৰ দীঘেৰে ,
চেনেহৰ বানিৰে ,
যতনাই সাৰ পানী দিবা ৷
শ্যামলী আইৰে বুকুত
 দুবৰিৰ নিমজ মজিয়া গছকি
প্ৰাণভৰি ধৰিত্ৰী আইক 
আকোঁৱালি ল’ম ,
নাহৰ ,মদাৰ,শিমলু,
সোণাৰুতলত
যৌৱনা হ’ব মোৰ 
মৰমৰ পৃথিৱী ৷
অহাবাৰ তাতেই
বিহুতলি পাতিম দিয়া ৷
ৰুগীয়া ধৰিত্ৰীও সুস্থ হ’ব
অনেক গছক সাক্ষী কৰি 
মৰম বিলাম ৷

              ***




কবিতাৰ শিৰোণামঃ#ভূলুণ্ঠিত মানৱতা#
                                      -- নমিতা ডেকা বৰা।
                                            ১৪/০৩/২২

   প্ৰতিটো দিন আজি 
   অনিশ্চয়তাৰ মায়াজালত আৱদ্ধ
   প্ৰতিটো প্ৰহৰ আজি
   অন্ধকাৰৰ অটল গহ্বৰত অৱৰুদ্ধ
   প্ৰতিটো প্ৰভাতে দি যায়
    হৃদয় চূৰ্ণকৰা তীব্ৰ আঘাত ।
   ক্ষোভৰ শব্দই প্ৰতিক্ষনে চিঞঁৰে
   মানুহৰ নাই আজি জীয়াই থকাৰ অধিকাৰ
    মুক্ত বিচৰণকাৰী নৰখাদকৰ দলে 
    কৰি যায় নৰৰক্ত পান
    শুনা নাই?
     সিহঁতৰ অস্থিৰ, উন্মাদ , হিংস্ৰ হুংকাৰ?
     সুযোগ পালেই জপিয়াঁই পৰিব ৰাংকুকুৰৰ
      দৰে
     আজুৰি আজুৰি খাব গাৰ কেঁচা মঙহ
      পৰিধি নাই নিৰ্যাতন পাশৱিকতাৰ 
      মানৱতাৰ ঠাই ললে দানৱৰ হৰ্ষোল্লাসে
      নিদিবা নিদিবা সিহঁতক আগুৱাই
      সহায়ৰ হাত 
       সিহঁতে নুবুজে মানৱতাৰ মাত 
       সিহঁতক লাগে মাথো ৰক্তাল্পুত দেহ
       যাৰ ৰক্তপানে দুৰহব পাশৱিকতাৰ তৃষ্ণা
       বোৱাই দিব পৃথিৱীত তেজৰ বন্যা 
       ভূলুণ্ঠিত হব মানৱ সভ্যতা ।




ভাল পাওঁ

                                 (সিৰাজুল হক, বিলাসীপাৰা) 
কেতিয়াবা, 
তোমাক সুধিবলৈ মন যায়
কবলৈ মন যায়
ভালপোৱা নে? 
মই আধামৰা হৈছো,
তোমাৰ কথা ভাবি, 
আৰু মৰি যাম ফাগুনৰ দৰে
তোমাৰ প্ৰেমত পৰি |
তাজ্জব কথা,, ! 
এই যে কালি দুপৰ ৰাতি
তোমাক সপোনত স্পষ্ট দেখোঁ
আৰু উচপ খাই উঠিছোঁ|
মোৰ উদং বুকুত
তোমাৰ নিশ্বাস অনুভৱ কৰিছোঁ|
কলিজাত যেন 
সাগৰৰ ঢৌ তোলা অনুভৱ কৰিছোঁ|
মই নাজানিছিলোঁ
সপোনতো তুমি ৰৈ আছা! 
বাবেই
তোমাক সুধিবলৈ মন যায়
কবলৈ মন যায়, 
ভাল পোৱা নে? 
মোৰ তফাৎবোৰ
তুমিয়ে বিচাৰি ল'বা, 
তোমাৰ সন্মুখতে
থিয় হৈ আছোঁ|
মই তোমাক লৈ এটা কবিতা লিখিম 
কেতিয়াও পাহৰিব নোৱাৰা|||


জীৱন 
™™™™™™™™™™
বিজু বৰঠাকুৰ,ডিব্ৰুগড়
------------------------------------
মনত তিক্ত আঘাত
বুকুত তিক্ত বিষাদ
ক'লা গোলাপৰ আচোঁৰত শিলুৱা কলিজা
আবেগত বন ফৰিং অতপালি।
সোনৰুৰ হালধীয়াত
মদাৰৰ উচটনি
হয়তো শেৱালি জোপায় উচুপিছে 
তেজৰঙা সুৰুজৰ কৰুণ মুখনিত
 এতিয়া এন্ধাৰৰ সতে সহবাস
কত যুগৰ কত গুণাগঠা
সকলো  এলান্ধু কলীয়া
মনৰ ছন্দে ছন্দে বাজে
এটুকৰা আলসুৱা ভগা বীণা
হাঁহিত বোলাব
সৰাপাতৰ সোঁৱৰণি
দুচকুত আঁকিব
পলাশৰ জুই 
ভাগৰুৱা আত্মাই জিৰণি নাপাব
উচুপনিত তুলিব লয়।।




অসমীয়া সংস্কৃতিৰ
বিষয়:---"গৰু বিহুৰ তাৎপৰ্য "
                 ***************
ভানু পাঠক 
বঙাইগাঁও 
২৩৷০৪৷২০২২

      "বিহু অসমীয়াৰ জাতিৰ আয়ুস ৰেখা "। বিহু সংস্কৃতি -সমন্বয়ৰ প্রতীক। বাৰিষাৰ প্রথম বৰষুণ জাকত ফাগুনৰ পছোৱাত আচঁল উৰুৱাই প্ৰকৃতি দেৱী ধৰালৈ নামি আহে। প্ৰকৃতি দেৱীয়ে মূখত ফাকুৱাৰ ৰং সানি পূৱ আকাশৰ প্ৰথম উদিত সূৰুযৰ ফোট পিন্ধি, ষোড়শী গাভৰু জনী হৈ পৰে। ষোড়শী গাভৰু জনী প্ৰকৃতি দেৱীৰ সৈতে ৰজিতা খুৱাই গীত, নৃত্য আৰু বাদ্যৰ তালে তালে ডেকা গাভৰু একেলগে পৃথিৱী শস্য শ্যামলা হোৱাৰ বাবে 
আহ্বান জনায়। 
            এয়ে বহাগ বিহু বা ৰঙালী বিহুৰ তাৎপৰ্য। 
এটা জাতি জীয়াই থাকিবলৈ এটা নিজা স্ংস্কৃতিৰ অতি প্ৰয়োজন। জীৱিকা নিৰ্বাহৰ মূল সম্পদ গো-জাতিৰ প্ৰতি থকা ভক্তিৰ উপেক্ষা নকৰাটোও বিহুৰ এটি গুৰুত্বপূৰ্ণ কথা।সেয়েহে বিহুৰ প্রথম দিনটো অৰ্থাৎ সংক্ৰান্তিৰ দিনটোক গৰু বিহু বুলি কোৱা হয়।সেইদিনা ৰাতিপুৱা গৰুৰ শিং আৰু খুৰাত মিঠাতেল দি গৰখীয়াই হাতত দীঘলতি,মাখিয়তি,নতুন এচাৰি আৰু পানীলাউ,বাৰমহীয়া বেঙেনা,কেচা হালধিৰ মালা তমালেৰে গাঠি লৈ ,বিল,জানত গৰুক গা ধুৱাবলৈ অতি উল্লাসেৰে লৈ যোৱা হয়।গৰুক গা ধুওৱা সমূহীয়া গীত,গোৱা হয়,এনেদৰে------
        "লাও খা বেঙেনা খা,
         বছৰে বছৰে বাঢ়ি যা।
       মাৰ সৰু বাপেৰ সৰু,
      ত্ই হবি বৰ গৰু।"
        এই বুলি আনন্দত মতলীয়া হৈ গৰুক ধান খেৰেৰে গৰখীয়াই নিজে তৈয়াৰী কৰা চোপা(ব্ৰাচেৰে)ঘহি ঘহি গা ধুৱাই দিয়ে।বৰ্তমান বজালীৰ গোবিন্দপুৰ সত্ৰত বলধ গৰুৰ মাজত সৌন্দৰ্য প্রতিযোগিতা অনুস্থিত কৰা হয়।এই ব্যৱস্থা গৰুক "গো-মাতা "হিচাপে প্রতিষ্ঠা কৰিবলৈ লোৱা এক সুন্দৰ প্রচেষ্টা।সন্ধিয়া গৰুৰ ডিঙীত তৰা বা মৰাপাটৰ আঁহেৰে তৈয়াৰ কৰা নতুন পঘা বান্ধি দিয়া হয়।এই গৰু বিহু দিনাখন ৰাখলীয়া,অৰ্থাৎ গৰখীয়া পূজা অনুস্থিত কৰা হয়।
চ'ত মাহৰ সংক্ৰান্তিৰ পৰাই ৰঙালী বিহু আৰম্ভ হয়। নতুনক আদৰা এই উৎসৱ আৰম্ভ হয় গৰু বিহুৰে। অসমৰ কৃষি জীৱি সমাজ খনক চিৰদিনে 
বিশেষ ভাৱে প্ৰভাৱিত কৰি অহা গৰুক কৃষক সকলে গৰু বিহু দিনাখন ৰাতিপুৱা মাহ,হালধীৰে 
নোৱাই ধুৱাই লাও-বঙেনা খুওৱা হয়। সন্ধিয়া সময়ত গোহালিত জাগ দি গৰুক ন--পঘা পিন্ধোৱা হয়। তাৰ পিছত সিহঁতৰ বাবে প্রস্তুত কৰা লাড়ু, পিঠা খাব দিয়া হয়। সেই দিনাই ঘৰৰ খুটাত মেৰ দিয়া হয়। নাহৰ পাতত মন্ৰ গুজি বতাহে অনিষ্ট কৰিব নোৱাৰাকৈ ঘৰত বান্ধ দিয়া হয়।ইয়াৰ উপৰিও লাগনি গছতো বান্ধ দিয়া হয়।
           সংক্ৰান্তিৰ দিনাখন ঢলপুৱাতে প্রতিঘৰৰ পুৰুষ সকলে কাত্রিৰ ফুল,গুদ্দিৰ পাখা(গছত জন্মা এবিধ উদ্ভিদ),বেদ আৰু কেৱাৰ কাইট,ভেটমালী আখিয়তী,দীঘলতি,বিষকুটুলি,আৰু বিষঢেঁকীয়া এই সাতবিধ বনৌষধি একেলগে সৰু সৰুকৈ মুঠা বান্ধি প্রতিটো ঘৰৰ চাল বা বেৰত গুজি থয়।নাহৰ পাতত ------"দেৱ দেৱ মহাদেৱ,নীলগ্ৰীৱ জটাধৰ,
                    বাতবৃষ্টি হৰদেৱ মহাদেৱ নমস্তুতে।"
এই মন্ত্রফাঁকি খাগৰিৰ কলমেৰে ৰঙা চন্দনেৰে লিখি ঘৰৰ চালত গুজি থোৱা নিয়ম আজিও আছে।মুঠা বন্ধাৰ পিছত অৱশিষ্ট সাতবিধ সামগ্ৰীৰে সন্ধিয়া চোতালৰ সোঁমাজত জাগ দিয়া হয়।সেই জাগৰ ধোৱা বিচনীৰে বিচি গোটেই চৌহদত বিয়পাই দিয়া হয়।এনে কৰিলে বছৰটোৰ বাবে পৰিয়ালটো বেমাৰ আজাৰৰ পৰা মুক্ত হয়।

            সংক্ৰান্তিৰ দিনা ৰাতিপুৱা গা-পা ধুই নিমপাত,কেচা হালধি,আৰু মুচুৰদালি কেচাই খোৱা নিয়ম।মূৰৰ তালুত বাচকাতিতা (বাহকতিতা)ৰ ভৰণ ললে বছৰটোৰ বাবে মূৰ ঠাণ্ডা থাকে।এৱা গাখীৰ খালে সৰ্প ভয় নিবাৰণ হয় বুলি জনশ্ৰুতি আছে।এৱা সূতাৰ জাপ বতি কেচা হালধিৰে ৰস বোলাই হাতত বা ককালত পিন্ধা পৰম্পৰা আছে।

        এই গৰু বিহুৰ দিনা গৰুক গা-পা ধুৱাই ঘৰৰ পৰিয়ালৰ আটায়ে গা ধুই গৰু বিলাক যাতে সুস্থ সবল হৈ থাকে,তাৰ বাবে ভগৱানৰ ওচৰত প্রাৰ্থনা কৰে।তাৰ পিছত সকলোৱে একেলগে মিলি জা-জলপাণ খোৱা নিয়ম।সাত বিহুৰ ভিতৰত সাতশাক খোৱাৰ নিয়ম আছে।সেইবোৰ হল------
বেত বাগাৰালৰ গজালি,পুণ্ডি,ঢেঁকীয়া শাক,কুমুলীয়া লেটেকু,আমৰ কলি,শ্যাম কচু,ডিংডিঙাৰ কুমুলীয়া আগ,এই সাতবিধ বনৌষধি মিহলাই শুকাকৈ ভাজি ভাতৰ লগত খালে সৰ্মৰোগ নিৰাময় হয় বুলি জনবিশ্বাস আছে।

           এইদৰে বহাগ বিহুৰ আৰম্ভণি আৰু গৰু বিহুৰ সামৰণি মৰা হয় ।আমাৰ অতি মৰমৰ বাপতি সাহোন বিহুটি কেৱল মানুহৰ মাজতে আৱদ্ধ নাৰাখি জীৱ-জন্তুকো বিহুৰ যি মৰ্যদা দিয়া হৈছে,তাৰ বাবে গ্ৰাম্য সমাজৰ প্রচেষ্টাক শলাগিবলগীয়া।ই অতিকৈ আদৰণীয়।

          কিন্তু আগৰদৰে মানুহৰ ঘৰত গোহালী ভৰা গৰু আজি কালি নোহোৱা হল।সেয়ে গৰু বিহুৰো প্রভাৱ লাহে লাহে কমি যোৱা পৰিলক্ষিত হৈছে।তথাপিও মানুহে এই পৰম্পৰা এতিয়াও ৰাখি আছে। এই গৰু বিহুৰ পৰম্পৰা আৰু স্ংস্কৃতি বোজাই ৰাখিবলৈ হলে নৱ প্রজন্ম আগুৱাই অহাটো অতি জৰুৰি ।
********************************************




* পাগলৰ পৰিভাষা....*
********************
                  ✍️ চন্দ্ৰ শেখৰ পৰাজুলী 
তোমাৰ বাবে মই পাগল....
কিন্তু পৰা যদি মাত্ৰ এবাৰ....
পাগলৰ পৰিভাষা বুজাই দিবাচোন....
জগতৰ দৰে মই নহয়....
তোমাতকৈ বহু ব্যতিক্ৰমী জীৱন মোৰ....
গোটেই জগত,তুমি যাৰ পিছত দৌৰি ফুৰা....
সেইবোৰ মোৰ বাবে অৰ্থহীন...
জগত আৰু তোমাৰ মানসিকতা লগত....
মোৰ মানসিকতাৰ মিল নহয়....
তোমালোকে যাৰ আগত নতমস্তক...
মোৰ বাবে সেইবোৰ এক ঘৃণনীয়....
নিশ্চয় তুমি একদম ঠিকে ধৰিছা...
মই সচাকৈয়ে এক পাগল ব্যক্তি...
কিন্তু পাৰা যদি মাত্ৰ এবাৰ...
পাগলৰ পৰিভাষা বুজাই দিবাচোন...।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা