দক্ষিণ শালমাৰা মানকাচৰ জিলা জল জীৱন মিছন আঁচনিৰ ফোপোলাস্বৰূপ

দক্ষিণ শালমাৰা মানকাচৰ জিলা জল জীৱন মিছন আঁচনিৰ ফোপোলাস্বৰূপ৷

এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বহু পৰিয়াল বঞ্চিত।


দৈনিক আমাৰ প্ৰণাম সেৱা, হাটশিঙীমাৰী, ২৪ এপ্ৰিলঃ-দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন আঁচনিৰ পানী যোগান বৰ্তমান যেন বগা হাতীত পৰিণত হৈছে৷  যোৱা বছৰ জিলাখনত জল জীৱন মিছন আঁচনিৰ অধীনত ১৩ খন পুৰনি পানী যোগান আচঁনি মেৰামতিৰ বাবে কেবা কৌটি টকা চৰকাৰে আৱণ্টন দিছিল৷ তাৰে ভিতৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ গাতে লাগি থকা হাটশিঙীমাৰী, ফেকামাৰী, মানকাচৰ, ঝগৰাৰচৰ, চোমৰাশালী, তেলডালা, ৰয়ডোৱা, মুনজুৰী, কাঠালবাৰী, খাৰুৱাবান্ধা, কানাইমাৰা, চেঙুৰচৰ আৰু দিয়াৰাত থকা পানী যোগান আঁচনি সমূহ মেৰামতি কৰি ৰাইজৰ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবৰ উদ্দেশ্যে ঠিকাদাৰৰ কাম সমূহ আৱণ্টন দিছিল৷ ঠিকাদাৰে পানীৰ পাইপ ৰাইজৰ ঘৰে ঘৰে বিশুদ্ধ পানীৰ টেপ(নলা)ৰ ব্যৱস্থা কৰিয়েই যেন দায়িত্ব সামৰা পৰিলক্ষিত হৈছে৷ কিয়নো জিলাখনত উক্ত আঁচনি কেইটাৰ জৰিয়তে ঠিকাদাৰে নিম্ন মানৰ সামগ্ৰীৰে কাম কৰাৰ বাবে পানীৰ পাইপ সমূহ জহিখহি যোৱা পৰিলক্ষিত হৈছে৷ প্ৰায় এবছৰ পূৰ্বে জনস্বাস্থ্য কাৰিকৰী বিভাগে জল জীৱন মিছন আঁচনিৰ জৰিয়তে কিছুমান ঘৰত খোৱা পানীৰ পাইপৰ ব্যৱস্থা কৰি খোৱাপানীৰ বাবে টেপ বা নলাৰ ব্যৱস্থা কৰিছে যদিও এটুপি বিশুদ্ধ পানী নোলাল বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷

চৰকাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাত জল জীৱন মিছন আঁচনিৰ জৰিয়তে কৌটি কৌটি টকা ব্যয় সাপেক্ষে মেৰামতি কৰা পানী যোগান আজি ফুটুকাৰ ফেনত পৰিণত হৈছে৷ আনকি জনস্বাস্থ্য কাৰিকৰী বিভাগে জল জীৱন মিছন আঁচনিৰ সহযোগত খোৱাপানীৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ঠিকেই। কিন্তু ঠিকাদাৰে মেৰামতি কৰা পানীৰ টেপৰ পৰা নোলাল এটুপাল বিশুদ্ধ খোৱাপানী। বিশুদ্ধ খোৱাপানীৰ পৰা জিলাখনৰ উক্ত অঞ্চলৰ ৰাইজে আজিলৈকে বঞ্চিত হৈ আছে। সম্প্ৰতি উক্ত অঞ্চলত সমূহত বিশুদ্ধ খোৱাপানীৰ টেপ বা নলাৰ পৰা বিশুদ্ধ খোৱাপানী নোওলোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। সেয়ে উক্ত অঞ্চলৰ সমূহ ৰাইজে অসম চৰকাৰৰ লগতে জিলা উপায়ুক্তক অতি সোনকালে উক্ত আঁচনি কেইটা তদন্ত কৰি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ আহ্বান জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা