সতী সাধনী দিবস
প্ৰবন্ধ
*************
বিষয় :- সতী সাধনী দিবস
******************
শ্ৰী পূৰৱী দেৱী
চৰাইবাহী ( মৰিগাঁও )
সাহস , ধৈৰ্য , বীৰত্ব আৰু দেশ জাতিৰ বাবে আত্মবলিদান দিয়া যি কেইগৰাকী অসমীয়া বীৰাঙ্গণাৰ নাম ইতিহাসৰ বুকুত স্বৰ্ণ লিপিৰে খোদিত হৈ আছে , তেওঁলোকৰ ভিতৰত সতী সাধনী অন্যত্তম I
সতী সাধনী অষ্টমজন চুতীয়া ৰজা বীৰ নাৰায়নৰ একমাত্ৰ জীয়ৰী আছিল I বহু দিনৰ পিছত বীৰ নাৰায়নৰ সাধক নাৰায়ন নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয় I ৰজাই সকলো আৱশ্যকীয় শিক্ষা দি সাধনীক পাৰ্গত কৰি তুলিছিল আৰু সাধনীক বিয়া দিবৰ বাবে উপযুক্ত পাত্ৰ বিছাৰিলে I কিন্তু ৰজাই সাধনীৰ বাবে উপযুক্ত পাত্ৰ বিছাৰি নাপাই চিন্তিত হৈ পৰিছিল I এদিন ৰজা ফুৰিবলৈ যাওঁতে পাল শৱদিয়া মৈদামৰ ওচৰত এটা কেৰ্কেটুৱা ওচৰত বগাই ফুৰা দেখা পালে I আৰু ৰজাই ঠিৰাং কৰিলে যে যিজনে কেৰ্কেটুৱাটো একেদাল কাড়ঁতে বিন্ধিব পাৰিব তেওঁলৈকে সাধনীক বিয়া দিব I কথা মতেই কাম I এটা সাধাৰণ ঘৰৰ চুতীয়া ল'ৰা নিতায়ে কেৰ্কেটুৱাটো বধ কৰিলে আৰু ৰজাই অতি ধুম ধামেৰে সেই ল'ৰাটোলৈকে সাধনীক বিয়া দিলে I আৰু নাবালক পুত্ৰ সাধক নাৰায়নৰো দায়িত্ব দি ৰজা ৰাণী দুয়ো সন্যাস গ্ৰহণ কৰে I
ৰাজ সিংহাখনত আৰোহণ কৰি নিতায়ে নীতিপাল নাম লয় I নীতিপালৰ শাসন ভাৰৰ দুৰ্বলতাৰ সুযোগ লৈ আহোম ৰজা , দিহিঙ্গীয়া ৰজাই চাৰিওফালৰ পৰা ঘেৰি ধৰি চুতীয়া ৰাজ্য আক্ৰমনৰ চেষ্টা চলায় I কিন্তু ৰাণী সাধনীৰ নেতৃত্বত নাৰী সৈন্যই ধনুকাড়়ঁ যাঠি লৈ আহোমক ভেটা দিলে আৰু পৰ্বতৰ পৰা শিল বগৰাই বহুত শত্ৰু বধ কৰিলে I উল্লেখযোগ্য যে সাধনীৰ সেই নাৰী বাহিনীয়েই আছিল বিশ্বৰ প্ৰথমটো নাৰী বাহিনী I ইফালে আহোম সকলে চুতীয়া সকলক বলে নোৱাৰি আহোমৰ সেনাপতিয়ে চলনাৰ আশ্ৰয় লয় আৰু আহোম সকলে নীতিপালত হত্যা কৰে I সাধনীক কুবেৰৰ সম্পত্তি ঢাল, তৰোৱাল আৰু সোণৰ মেকুৰীসহ আত্মসমৰ্পন কৰিবলৈ আহোম সেনাপতিয়ে আহ্বান জনালে ,আৰু সাধনীক ৰাজ ৰাণীও পতা হ'ৱ বুলি ক'লে I তেনে সময়তে সাধনীয়ে স্বদেশ আৰু স্বজাতিৰ মঙ্গলৰ কাৰণে 1524 খ্ৰীষ্টাব্দৰ 7 ব'হাগ তাৰিখে চন্দনগিৰি পৰ্বতৰ পৰা জপিয়াই আত্ম বলিদান দিছিল I
মুঠতে তেওঁ এগৰাকী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাঙগনা নাৰী আছিল I তেখেতৰ আত্ম মৰ্যদা , দৃঢ় মনোবল , আৰু অদম্য সাহসে আমাক জীৱন যুজঁত জয়ী হ'বলৈ প্ৰেৰণা যোগায় I এই গৰাকী মহীয়সীৰ চৰম ত্যাগৰ ইতিহাসে বিশ্বৰ জনমানসত অসমীয়া নাৰীক যুগে-যুগে মৰ্যদাপূৰ্ণ স্থানত উপনীত কৰাই আহিছে I আৰু তেতিয়াৰ পৰাই অসমৰ সকলোৱে সতী সাধনীক স্মৰণ কৰি সশ্ৰৰ্দ্ধ প্ৰণিপাত জনাই 7 ব'হাগ তাৰিখটোক সতী সাধনী দিৱস হিচাপে পালন কৰি আহিছে I
শেষত আমি ক'ব লাগিব যে সতী সাধনী অসমৰ নাৰী সমাজৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক I #
Comments
Post a Comment