বৰপেটা জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ৭খন স্বাস্থ্য মেলা সম্পন্ন

# বৰপেটা জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ৭খন স্বাস্থ্য মেলা সম্পন্ন #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২২ এপ্ৰিলঃ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে" আজাদী কৰা অমৃত মহোৎসৱ"ৰ লগতে আয়ুস্মান ভাৰতৰ চতুৰ্থ বৰ্ষপুতি ৰ লগতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সহযোগত প্ৰতিখন খন্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰ পৰ্যায়ত যোৱা ১৮ এপ্ৰিলৰ পৰা আজি(২২এপ্ৰিল)লৈ বৰপেটা জিলা স্বাস্থ্য বিভাগৰ অধীনত ৭খন স্বাস্থ্য মেলা অনুষ্ঠিত কৰা হয়। জিলা স্বাস্থ্য বিভাগৰ মিডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদে সংবাদ মাধ্যম ক জনোৱা অনুসৰি বৰপেটা আৰু বজালী জিলাৰ ৭খনকৈ খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰ্যায় অনুসৰি যোৱা ১৮ এপ্ৰিলত কলগাছিয়াৰ বলাইপাথাৰ হাইস্কুলত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা: তীৰ্থ নাথ শৰ্মা ই আনুষ্ঠানিক ভাৱে আয়ূস্মান ভাৰত খন্ড পৰ্যায়ৰ স্বাস্থ্য মেলা ৰ শুভাৰম্ভণি কৰে। পৰবৰ্তী ত বৰপেটা জিলা অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) লাচিত কুমাৰ দাসে বলাইপাথাৰ  হাইস্কুলৰ স্বাস্থ্য মেলাত উপস্হিত হৈ পৰ্যবেক্ষণ কৰি সন্তোষ প্ৰকাশ কৰে।১৯ এপ্ৰিলত দুটা স্বাস্থ্য মেলা অনুষ্ঠিত হয় ক্ৰমে নগাঁও আৰু চেঙা প্ৰাথমিক স্বাস্থ্য খণ্ডত। নগাঁও শিক্ষামন্দিৰ হাইস্কুল ত বৰপেটা ৰ সাংসদ আব্দুল খালেক আৰু চেঙা ৰ পদ্মপাৰা হাইস্কুলত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল ইছলামে উদ্বোধন কৰি স্বাস্থ্য মেলা ৰ আয়োজন তথা সেৱাত সন্তোষ প্ৰকাশ কৰে। ২০ এপ্ৰিলত মন্দিয়া ৰ গৰলা হাইস্কুলত বাঘবৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে উদ্বোধন কৰি স্বাস্থ্য মেলা ৰ বুজ লৈ উপস্হিত ৰাইজক বিভাগীয় সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। একেদৰে ২১ এপ্ৰিলত  বৰপেটা ৰোড চহৰৰ শ্ৰীহিন্দী হাইস্কুলত অনুষ্ঠিত হোৱা স্বাস্থ্য মেলা উদ্বোধন কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে আৰু ভৱানীপুৰ হাইস্কুলত অনুষ্ঠিত হোৱা স্বাস্থ্য মেলা ৰ আৰম্ভণি কৰে বজালী জিলাৰ নবনিযুক্ত উপায়ুক্ত কাবেৰী শৰ্মা বৰকটকীয়ে। উপায়ুক্তৰ লগতে বজালী জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) ধ্ৰুৱ জ্যোতি দেৱে অংশ গ্ৰহণ কৰে। আনহাতে আজি (২২ এপ্ৰিল) অন্তিম দিনা বজালী জিলা ৰ নিত্যানন্দ খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নিতানন্দ বিদ্যা ভৱন হাইস্কুলত বজালী জিলাৰ সহকাৰী আয়ুক্ত আয়াজ তনভীৰে উদ্বোধন কৰি স্বাস্থ্য মেলা ৰ বূজ লৈ আয়োজক সমিতিৰ শলাগ লয়।
উল্লেখ্য যে বৰপেটা জিলা স্বাস্থ্য সমিতিৰ অধীনস্থ ৭ খনকৈ স্বাস্থ্য মেলাত বিভাগীয় নিৰ্দেশনা মতে স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনিৰ প্ৰৰ্দশনী দৃশ্য মান কৰাৰ লগতে বিভিন্ন বিভাগৰ চিকিৎসকে ৰোগীসকলক চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়া দৰৱ যোগান ধৰা হয়। তাৰোপৰি অংসক্ৰমিত ৰোগৰ পৰীক্ষণ কৰা হয়।প্ৰতিখন স্বাস্থ্য মেলাতে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ "আয়ূস্মান ভাৰত" চতুৰ্থ বৰ্ষপুতি উপলক্ষে প্ৰৱৰ্তন কৰা আয়ূস্মান ভাৰত হেলথ একাউণ্ট ( ABHA) পঞ্জীয়ন কৰাই দিয়া হয়। উল্লেখ্য যে এই "একাউণ্ট"  প্ৰক্ৰিয়া অনাগত দিনত চলি থাকিব।।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা