বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ আকস্মিক পৰিদৰ্শনঃ সৰুক্ষেত্ৰীত ৰূপায়িত বিভিন্ন আঁচনিৰ বুজ ললে মনোজ কুমাৰ চিকাৰীয়াই

# বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ আকস্মিক পৰিদৰ্শনঃ সৰুক্ষেত্ৰীত ৰূপায়িত বিভিন্ন আঁচনিৰ বুজ ললে মনোজ কুমাৰ চিকাৰীয়াই #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা, ২০ এপ্রিলঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত গ্ৰামাঞ্চলত বিভিন্ন আঁচনি ৰূপায়িত হৈ থকাৰ সময়তে আজি বন্ধৰ দিনটো হঠাৎ সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়ত এলেকাত উপস্থিত হল বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত গ্ৰামাঞ্চলত ৰূপায়িত আঁচনি সমূহ সঠিক ৰূপত ৰূপায়িত হৈ আছে নে নাই তাৰ তদাৰক কৰিবলৈ আজি সতী সাধিনী দিৱসৰ চৰকাৰী বন্ধৰ দিন হোৱা স্বত্বেও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে পঞ্চায়ত এলেকাত ৰূপায়িত হৈ থকা আঁচনি সমূহ পৰিদৰ্শন কৰে। আজি দুপৰীয়া প্ৰায় ১২ বজাত বিষয়া গৰাকীয়ে সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়ত এলেকাত প্ৰবেশ কৰি পঞ্চায়ত এলেকাত এম জি এনৰেগা আঁচনি আৰু পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ হৈ থকা সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ গহিয়াত দুখন আঁচনি পৰিদৰ্শন কৰি সন্তোষ প্রকাশ কৰে। ইয়াৰ পিছত বিষয়া গৰাকীয়ে বিভাগীয় কাৰ্যবাহী অভিযন্তা গুনীন্দ্ৰ নাথ দাস সহিত বেছিমাৰী গাঁৱত ৰূপায়িত এমজিএনৰেগা আঁচনিৰ ১৬,৬১,৮৪০ টকা ব্যয় সাপেক্ষ জগন্নাথ মণ্ডলৰ ঘৰৰ পৰা পশ্চিম দিশলৈ যোৱা কৃষি বান্ধ পৰিদৰ্শন কৰাৰ লগতে একে গাঁৱৰে ৪,৫৪,০৩৫ টকা ব্যয় সাপেক্ষ কালী মন্দিৰৰ পৰা পূবলৈ ৰূপায়িত এটা পথ পৰিদৰ্শন কৰে। তদুপৰি, বিষষা গৰাকীয়ে আন আন গাঁৱৰ কেবাখনো আঁচনিৰ কাম পৰিদৰ্শন কৰে। বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীৰ সতে বৰপেটা জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা গুনীন্দ্ৰ নাথ দাস, পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ সভাপতি শ্বহিদুল ইছলাম খানৰ লগতে কিছু সংখ্যক ৰাইজ উপস্থিত থাকে। উল্লেখ্য, বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া আৰু জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা গুনীন্দ্ৰ নাথ দাসে পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত ৰূপায়িত হৈ থকা আঁচনি সমূহ পৰিদৰ্শন কৰি প্ৰায় ভাগ আঁচনি প্ৰাককলন অনুসৰি সঠিক ৰূপায়িত হৈ থকা বুলি সন্তোষ প্রকাশ কৰিছে। অৱশ্যে, আঁচনি সমূহ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সময় মতে সমাপ্ত কৰিবলৈ কনিষ্ঠ অভিযন্তা সকলক আহ্বান জনায়। আজি বন্ধৰ দিন হোৱা সত্বেও বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়াই আঁচনিৰ কাম পৰিদৰ্শন কৰা কাৰ্যত ৰাইজে সন্তোষ প্রকাশ কৰিছে। (ফটো অাছে)

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা