পূৱবিহালী শাখা সাহিত্য সভাৰ,পহিলা বহাগৰ ওলগনি"

"পূৱবিহালী শাখা সাহিত্য সভাৰ,পহিলা বহাগৰ ওলগনি"
দৈনিক আমাৰ প্ৰণাম সেৱা : ১৬ এপ্ৰিল ;
অসম সাহিত্য সভাই, অসমৰ বিভিন্ন প্ৰান্তত শিক্ষা , সাহিত্য ,   সাংস্কৃতিক ,  সামাজিক, অৰ্থনৈতিক  আদি বিভিন্ন ক্ষেত্রত আন্তৰিকতাৰে সেৱা আগবঢ়াই অহা জ্যেষ্ঠ তথা বিশিষ্ট ব্যক্তি সফলক স্থানীয় শাখা সাহিত্য সভাৰ সহযোগত অসহনীয় নৱবৰ্ষৰ পহিলা দিনটোক "নিজৰ দিন" বুলি  এক ব্যতিক্ৰমী সম্বৰ্দ্ধনা  অনুষ্ঠান ৰূপায়ন কৰি আহিছে । অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটো অৰ্থাৎ ১ বহাগ দিনটো " অসম সাহিত্য সভা" ৰ   "নিজৰ দিন" হিচাপে বিবেচিত কৰি -  প্ৰতিবছৰে, "অসম সাহিত্য সভা"  ৰ তৰফৰপৰা, সমগ্ৰ অসমতে শাখা সাহিত্য সভা সমূহৰ জৰিয়তে,  শাখা সাহিত্য সভাৰ এলেকাৰ বৰ্ষীয়ান সমাজ সেৱক/ সেৱিকা , সমাজৰ সংস্কাৰমুখী  কামত  নিজকে আত্মনিয়োগ কৰা বিশেষ বিশেষ ব্যক্তি সকলক প্ৰতিবছৰে  তেখেতসকলৰ ঘৰলৈ গৈ ফুলাম গামোছা, সম্বৰ্ধনা  পত্ৰৰে , নতুন বছৰৰ ওলগনি জনোৱা হয় । অসম সাহিত্য সভাৰ নিৰ্দেশনা অনুসৰি , এইবেলি  "পূৱ বিহালী শাখা সাহিত্য সভা" ৰ তৰফৰপৰা __ শিয়াল মাৰী গাঁওৰ শ্ৰী লংকি কিলিং , বেদেতীৰ শ্ৰী হৰিচৰণ মল্লিক , বৰাজুলী গাওঁৰ শ্ৰী সোণাৰাম কুৰ্মী, বৰাজুলী নেপালী গাওঁৰ শ্ৰী ডম্বৰু কুমাৰী দেৱী, আৰু বটিয়ামাৰী নেপালীবড়ীৰ শ্ৰী মহীম সিংহ  দেৱক সম্বৰ্ধনা জনোৱা হয় । পূৱবিহালী শাখা সাহিত্য সভাৰ সভাপতি শ্ৰী শুকদেৱ বৰুৱা আৰু পূৱবিহালী শাখা সাহিত্য সভাৰ সম্পাদক শ্ৰী নিপেন কটকী দেৱৰ নেতৃত্বত যোৱা দলটিত, অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰী মনোহৰ কুৰ্মী, শিক্ষক শ্ৰী বিনোদ চৰকাৰ,  শ্ৰী প্ৰেম বৈষ্ণৱ , আৰু শ্ৰী মলয় বোসে সহযোগ কৰে । 
     পূৱবিহালী শাখা সাহিত্য সভাৰ এই মহান কাৰ্যৰ বাবে সম্বৰ্ধিত ব্যক্তিসকলৰ উপৰিও সমাজৰ বুদ্ধিজিৱী সকলেও আনন্দ প্ৰকাশ কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা