ঘগ্ৰাপাৰত ৩৭ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সামৰণি**

*ঘগ্ৰাপাৰত ৩৭ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সামৰণি** ##
  *স্মৰণিকা "বৰদৈচিলা উন্মেচন  কৰে সাংসদ দিলীপ শইকীয়াই*##

 **পুৱতি নিশালৈ প্ৰিয়ংকা ভড়ালী, সীমান্ত শেখৰৰ  সাংস্কৃতিক অনুষ্ঠানে হাজাৰ হাজাৰ দৰ্শকৰ মন মুহিলে* 

 দৈনিক আমাৰ প্ৰণাম সেৱা :: নলবাৰী ২২ এপ্ৰিলঃ
------------------------------------------------------
নলবাৰী জিলাৰ  ঘগ্ৰাপাৰত ৩৭ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি   ১৯ আৰু ২০ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঘগ্ৰাপাৰ হাইস্কুল খেল পথাৰত সামৰণি পৰে।কালি বিভিন্ন কাৰ্যসুচীৰ মাজতে  নিশা ৩৭ তম কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন স্মৰণিকা "বৰদৈচিলা" উন্মোচন কৰে সাংসদ দিলীপ শইকীয়াই। গ্ৰন্থখন উন্মোচন কৰি ভাষণত সাংসদগৰাকীয়ে এই গ্ৰন্থখন ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এখন দলিল হৈ থকাৰ উপৰিও এই গ্ৰন্থখনে জাতীয় জীৱনৰ সকলো সমস্যাৰ এখন স্পষ্ট ছবি দাঙি ধৰা বুলি মন্তব্য কৰে।অনুষ্ঠানত স্মৰণিকা সম্পাদনা সমিতিৰ সভাপতি উমেশ তালুকদাৰ, সম্পাদক তপন দাসৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।অনুষ্ঠানত অভিনেতা , সাংস্কৃতিক কৰ্মী  , অগপ নেতা তথা ভাগ‍্যশ্ৰী মটৰ্চ স্বতাধিকাৰী দিলীপ কুমাৰ দাস উপস্থিত থাকি প্ৰয়াত কৈলাশ মল্ল বৰুৱাৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বলন কৰে ।ইয়াৰ পিছতে বিহু হুঁচৰি, জনপ্ৰিয় গায়ন কাজল কৃষ্ণ,গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ লগতে পূৱতি নিশালৈ অসমৰ জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভড়ালী,সীমান্ত  শেখৰে  এটা পিছত এটা গীত পৰিৱেশন কৰি হাজাৰ হাজাৰ দৰ্শক ৰাইজৰ মন আপ্লুত কৰে।
বিহু  কাৰ্যসূচী অনুসৰি ১৯ এপ্ৰিলত ৩৭ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই পতাকা উত্তোলন কৰি বিহু উৎসৱৰ শুভাৰম্ভ কৰাৰ  পিছতে বিহু সন্মিলনৰ কাৰ্যকৰী সভাপতি, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, আৰক্ষী বিষয়া, পঞ্চায়ত প্ৰতিনিধি, শিক্ষক, সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী দ্বাৰা ৩৬ খন পতাকা উত্তোলন কৰা হয়।
ৰাতিপুৱা সময়ত স্মৃতি তৰ্পন কৰে বনভাগ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতাই। পূৱা ন বজাত  হাইস্কুল খেল পথাৰৰ কাষত এলানি গছপুলি ৰোপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে নাট্যকৰ্মী, সমাজকৰ্মী, বিজেপি নেতা তথা পঞ্চায়ত প্ৰতিনিধিয়ে।
সন্ধিয়া ৬ বজাত প্ৰয়াত ভবেন কলিতা সোঁৱৰণী সাংস্কৃতিক মঞ্চ মুকলি কৰে প্ৰয়াত কলিতাৰ সহধৰ্মীনী লাৱণ্যময়ী কলিতাই। ৬-৩০ বজাত প্ৰয়াত ধৰণীধৰ দাস সোঁৱৰণী একক নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰে জে,এম,বি টিউটেৰিয়েল হমৰ গিৰিশ মল্ল বৰুৱাই। সন্ধিয়া ৮ বজাত বিহু হুঁচৰি প্ৰদৰ্শন উদ্বোধন কৰে সমাজ সেৱক ভবেশ বৰদলৈয়ে। অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ব্যৱসায়ী ধীৰেন কলিতা।
২০ এপ্ৰিল অৰ্থাৎ অন্তিম দিনা পুৱা ৭ বজাত প্ৰয়াত ধৰ্ম ৰাম ডেকা সোঁৱৰণী হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰে নলবাৰী ক্ৰীড়া সন্হাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰে। অতিথি হিচাবে অংশগ্ৰহণ কৰে নলবাৰী জিলা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতাই। আবেলি চিত্ৰাঙ্কন প্ৰতিযোগিতা সঞ্চালনা কৰে ভাস্কৰ দাসে। আবেলি ৪ বজাত কুইজ প্ৰতিযোগিতা সঞ্চালনা কৰে বুনিয়াদী 
প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক হীৰেন কলিতাই। প্ৰতিযোগিতা খন উদ্বোধন কৰে ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলৰ শিক্ষক অমূল্য কলিতাই। সন্ধিয়া বন্তিপ্ৰজ্বলন কৰে বিজেপিৰ নলবাৰী জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰে।। সন্ধিয়া ৭ বজাত প্ৰয়াত কৈলাশ মল্ল বৰুৱা সোঁৱৰণী "সাংস্কৃতিক সন্ধিয়া" উদ্বোধন কৰে বিজেপি নেতা মধুৰাম ডেকাই।অনুষ্ঠানটিত উপস্থিত থাকে  ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকা, স্বাস্থ্য বিষয়া ডাঃ দিলীপ কলিতা আদিয়ে।ইফালে  ৩৭ তম্ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, কাৰ্যকৰী সভাপতি বীৰেন কলিতা, সম্পাদক ভ্ৰমৰ মজুমদাৰকে  ধৰি বিহু উদযাপন সমিতিয়ে বৃহত্তৰ অঞ্চলটোৰ সমুহ ৰাইজক সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰতিটো কাৰ্যসূচীত  উপস্থিত থাকি সফল সামৰণী কৰাৰ  বাবে ধন্যবাদ  কৃতজ্ঞতা জ্ঞাপন কৰে।।
---------------------------------------------------

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা