শিক্ষক, সমাজকৰ্মী কুশল কুমাৰ কো‍ঁচৰ অকাল মৃত্যু#

# শিক্ষক, সমাজকৰ্মী কুশল কুমাৰ কো‍ঁচৰ অকাল মৃত্যু#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ এপ্ৰিলঃ নগাঁও চহৰৰ পাৰ্শ্ববৰ্তী ডিফলু নিবাসী বিশিষ্ট সমাজকৰ্মী তথা ম’হখুলি শ্বহীদ অনিল বৰা স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কুশল কুমাৰ কোঁচৰ আজি পুৱা প্ৰায় ৫ বজাত নিজ বাসগৃহত জীৱনাৱসান ঘটে। বিগত কিছুদিন ধৰি যকৃতৰ ৰোগত আক্রান্ত হৈ থকা কোঁচে চেন্নাইৰ এপল’ হস্পিতালত চিকিৎসা গ্ৰহন কৰাৰ পিছত শেহতীয়াকৈ ঘৰলৈ ঘূৰি আহি ঘৰতে চিকিৎসকৰ তত্ত্বাৱধানত আছিল । শিক্ষকতাৰ সমান্তৰালভাৱে স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকা কোঁচৰ মৃত্যুৰ সময়ত বয়স আছিল ৫২ বছৰ ৷ সৎ, অমায়িক আৰু নম্ৰ স্বভাবৰ কোঁচৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্র অঞ্চলটোতে শোকাকুল পৰিবেশৰ সৃষ্টি হোৱাৰ বিপৰীতে তেওঁৰ বাসগৃহত বহু লোকৰ সমাগম হয় আৰু সকলোয়ে তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । অতি সৰবৰহী কোঁচৰ এনে অকাল বিয়োগত ম’হখুলি শ্বহীদ অনিল বৰা স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল কাদিৰকে প্ৰমূখ্য কৰি সমূহ শিক্ষক-শিক্ষয়িত্ৰী লেখক প্ৰদীপ কুমাৰ বৰা, শিক্ষাবিদ ভোলানাথ শ‌ইকীয়া, ভবেন বৰা, সমাজকৰ্মী নৰেন শৰ্মা , প্ৰভাত শৰ্মা আদি বিভিন্ন গন্যমান্য ব্যক্তিৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে । মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুই কণমানি কন্যা সন্তানসহিতে বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়।
================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা